শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শ্যামকানু-সিদ্ধাৰ্থৰ গ্ৰেপ্তাৰৰ পৰা ফিলিপাইনছৰ ভূমিকম্পলৈ দিনটোৰ শীৰ্ষ খবৰ...

শ্যামকানু-সিদ্ধাৰ্থৰ গ্ৰেপ্তাৰৰ পৰা ফিলিপাইনছৰ ভূমিকম্পলৈ দিনটোৰ শীৰ্ষ খবৰ…

Barasha Sarma
Barasha Sarma | Updated On: 01 Oct 2025 22:40 PM

Top9: আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু ঘটন সংঘটিত হয়। আজিৰ দিনটোতে গ্ৰেপ্তাৰ হয় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। দুয়োকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আজি গ্ৰেপ্তাৰ হয় জুবিন গাৰ্গ মৃত্যুৰ অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। ইয়াৰ পাছতে দুয়োকে আদালতে ১৪ দিন আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে মন্তব্য প্ৰদান কৰিছে। তেওঁ প্ৰকৃততে কি ঘটিছিল সেই কথা জানিব লাগিব বুলি উল্লেখ কৰিছে।  ইফালে আজি যোৰহাটত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। এই দিনটোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিভিন্নজনে যোৰহাটত উপস্থিত হয়।

ইফালে ডাঙৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপাইনছ। চেবু চহৰৰ উপকূলত সংঘটিত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৯।  ইয়াৰ ফলত বহু লোকৰ মৃত্যু আৰু বহু আহত হয়। বৰ্তমান সময়তো উদ্ধাৰ অভিযান অব্যাহত আছে। গতিকে পৰৱৰ্তী সময়ত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।