শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হঠাৎ এটা বিশেষ দুৰ্গা মণ্ডপত দেখা গ'ল বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাক...

হঠাৎ এটা বিশেষ দুৰ্গা মণ্ডপত দেখা গ’ল বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাক…

barasha-sarma
Barasha Sarma | Published: 01 Oct 2025 22:57 PM

Durga puja: সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত আয়োজিত হৈছে শ্ৰী শ্ৰী দুৰ্গাপূজা। ইয়াৰ মাজতে দুৰ্গা পূজাত দেখা গ'ল প্ৰিয়ংকা চোপ্ৰাক। ৰাণী মুখাৰ্জী আৰু কাজলৰ পূজাত প্ৰিয়ংকাক দেখা গ'ল। এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে তেওঁৰ পূজাৰ ফটো।

বৰ্তমান পূজাৰ বতৰ। দেশৰ বিভিন্ন প্ৰান্তত আয়োজন হৈছে শ্ৰীশ্ৰী দুৰ্গা পূজা। ইয়াৰ মাজতে ৰাণী মুখাৰ্জী আৰু কাজলৰ দুৰ্গা পূজাত দেখা যায় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক। বলীউডৰ লগতে হলীউড জগতত খলকনি তোলা প্ৰিয়ংকাই বিভিন্নজনৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হয়। অৱশ্যে পূজাত তেওঁৰ সৈতে কন্যা আৰু স্বামী আহিছেনে নাই এতিয়ালৈকে জানিব পৰা নাই।

উল্লেখ্য যে, বছৰ বছৰ ধৰি ৰাণী মুখাৰ্জীয়ে মুম্বাইত দুৰ্গা পূজাৰ আয়োজন কৰি আহিছে। য’ত বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে ভিৰ কৰে। এইবাৰো বলীউডৰ বহু তাৰকাই পূজাত অংশ গ্ৰহণ কৰে। ইয়াৰ মাজতে আমেৰিকাৰ পৰা আহি পূজাত অংশ লয় প্ৰিয়ংকাই।

উল্লেখ্য যে, প্ৰিয়ংকা চোপ্ৰাক এইবাৰ দেখা যাব ৰাজমৌলীৰ এখন ছবিত। পূজাৰ লগতে এই ছবিখনৰ কামৰ বাবে প্ৰিয়ংকা ভাৰতলৈ আহিছে বুলি একাংশই কয়।