বিহুৰ পৰা হজ যাত্ৰালৈ, চাওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…
হেঁপাহৰ ৰঙালী বিহু উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদিয়ে শুভেচ্ছা জ্ঞাপন কৰে। আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব বিহুৰ অনুষ্ঠান।

আজি গৰু বিহু
আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে গৰু বিহু। আজিৰ পৰে ৭ দিন পৰ্যন্ত পালন কৰা হ’ব ৰঙালী বিহু। এই সময়চোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন হ’ব। চাওক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ-
- আজি গৰু বিহু। কৃষিজীৱি চহা অসমীয়াই পালন কৰিছে গৰু বিহু। অসমীয়াই আজি নদী-পুখুৰীৰ পাৰলৈ নি নীতি নিয়মৰ মাজেৰে গৰুক গা ধুৱাই সকলোৰে মংগল কামনা কৰিছে। ইয়াৰ পাছৰে পৰা ক্ৰমান্বয়ে পালন কৰা হ’ব – ‘মানুহ বিহু’, ‘গোসাঁই বিহু’, ‘তাঁতৰ বিহু’, ‘নাঙলৰ বিহু’, ‘জীয়ৰী বা চেনেহী বিহু’, আৰু ‘চেৰা বিহু’। বিহুকলৈ প্ৰতিগৰাকী অসমীয়াৰ মাজত দেখা গৈছে ব্যাপক উছাহ।
- হেঁপাহৰ ৰঙালী বিহু উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদিয়ে শুভেচ্ছা জ্ঞাপন কৰে। আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ’ব বিহুৰ অনুষ্ঠান। এই সময়চোৱাত বিহু নৃত্য, মুকলি বিহু আদিৰ লগতে বিহুৰ পৰম্পৰাগত খেলসমূহো অনুষ্ঠিত হ’ব। ইয়াৰোপৰি বিহুৰ অনুষ্ঠানৰ বাবে সাজু হৈছে শ শ শিল্পী।
- অৱশেষত গ্ৰেপ্তাৰ হ’ল পলাতক ব্যৱসায়ী মেহুল চোকছিক। পাঞ্জাৱ নেচনেল বেংকত ১৩,৫০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত অভিযুক্ত হীৰা ব্যৱসায়ী মেহুল চোকছি । বহুদিনৰ পৰাই পলাতক অৱস্থাত আছিল অভিযুক্তগৰাকী। শনিবাৰে বেলজিয়ামত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। শীঘ্ৰে ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব পাৰে চোকছিক।
- অথন্তৰে লগ নেৰা হৈছে বলীউড অভিনেতা ছলমান খানক। পুনৰ এবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে অভিনেতাগৰাকীয়ে। মুম্বাইৰ বাৰ্লিৰ যান-বাহন বিভাগৰ হোৱাটছএপ নম্বৰত ভাবুকি প্ৰেৰণ কৰিছে এজন অচিনাকি ব্যক্তিয়ে। বাৰ্তাটোত কোৱা হৈছে যে, ছলমানৰ ঘৰত প্ৰৱেশ কৰি তেওঁক হত্যা কৰিব। ইয়াৰ লগতে ছলমান খানৰ গাড়ী বোমাৰ উৰুৱাই দিয়াৰ কথাও উল্লেখ কৰিছে। ইয়াৰ পাছতে বৃদ্ধি কৰা হৈছে ছলমান খানৰ নিৰাপত্তা।
- ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ নামত পশ্চিমবংগত ব্যাপক হিংসা। অশান্ত হৈ পৰিছে মুৰ্ছিদাবাদ। শ শ হিন্দু লোকে এৰিছে পৰিয়াল। বিৰোধৰ নামত প্ৰতিবাদকাৰীসকলে বিভিন্ন সম্পত্তিত অগ্নিসংযোগ কৰিছে। এই হিংসা বন্ধ কৰাৰ বাবে নিৰাপত্তাৰক্ষীসমূহে চেষ্টা কৰিছে যদিও সফল হোৱা নাই। সমালোচনাৰ সন্মুখীন হৈছে মমতা বেনাৰ্জীৰ চৰকাৰ।
- গুৱাহাটীৰ হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ ২ গৰাকী কিশোৰী। বৰা ছাৰ্ভিচৰ হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে নাবালিকাদুগৰাকী। ২ যুৱকে লৈ আনিছিল কিশোৰীগৰাকীক। কিন্তু আৰক্ষী অহাৰ বিষয়ে গম পাইয়ে দুয়ো পলায়ন কৰে। দুই কিশোৰী দেওবাৰৰ পৰা নিৰুদ্দেশ আছিল। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত। তদন্তৰ অন্তত ঘটনাৰ সবিশেষ জানিব পৰা যাব।
- কাইলৈ বহাগৰ ১ তাৰিখ, অৰ্থাৎ অসমীয়াৰ নতুন বছৰ। অসমীয়া নৱবৰ্ষক আদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া। সমান্তৰালকৈ কাইলৈ পালন কৰা হ’ব মানুহ বিহু। এই দিনটোত আপোনজনে আপোনজনক বিহুৱান প্ৰদান কৰিব লগতে জ্যেষ্ঠজনে কনিষ্ঠজনক দিব আশীৰ্বাদ।
- আজি সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰৰ ১৩৪ সংখ্যক জন্মজয়ন্তী। এই উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদিকে ধৰি বিভিন্নজনে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। ইয়াৰোপৰি দেশৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যক্ৰমৰ আয়োজন কৰা হয়।
- হজ যাত্ৰা ২০২৫ ৰ বাবে সাজু হৈছে চৌদি আৰম্ভ। ৪ জুনৰ পৰা আৰম্ভ হবলগীয়া এই হজ যাত্ৰাৰ বাবে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুছলমান দেশখনলৈ ঢাপলি মেলিছে। হজৰ ক্ষেত্ৰত এইবাৰ নতুন নিয়ম জাৰি কৰিছে চৌদি আৰৱে। নতুন নিয়ম অনুসৰি ১২ বছৰৰ তলৰ শিশু সকল হজলৈ যাব নোৱাৰে। এই নিয়মৰ প্ৰতি লক্ষ্য ৰাথি ২৯১ ভাৰতীয় শিশুৰ হজ যাত্ৰাৰ আবেদন খাৰিজ কৰা হয়।