শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাজেন গোঁহাইৰ নতুন দলত যোগদানৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীৰ সকীয়নিলৈ, দিনটোৰ খবৰ…

Top 9: আজি ৰাজ্যৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন ঘটনা সংঘটিত হয়। আজি ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

ৰাজেন গোঁহাইৰ নতুন দলত যোগদানৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীৰ সকীয়নিলৈ, দিনটোৰ খবৰ…
ৰাজেন গোঁহাইImage Credit source: lurinjyoti gogoi
barasha-sarma
Barasha Sarma | Published: 05 Nov 2025 20:40 PM

আজিৰ দিনটোৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১. আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী। ৰাজ্যজুৰি স্মৰণ কৰা হৈছে বিশ্ববিশ্ৰুত শিল্পীগৰাকীক। প্ৰতিখন জিলাসদৰত প্ৰশাসনৰ সহযোগত প্ৰায় ৫০০০ কৈ ৰাইজে পৰিৱেশন কৰে মানুহে মানুহৰ বাবে গীতটি। সুধাকণ্ঠৰ স্মৃতিত ঢলা-শদিয়া দলঙৰ সমীপত এটা সুউচ্চ মূৰ্তি স্থাপনৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

২. অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া প্ৰভাতী থাওচেনক। ২০২৫ চনত আয়োগৰ সদস্য নিযুক্ত হৈছিল প্ৰাক্তন IAS বিষয়াগৰাকী। অসম চৰকাৰৰ প্ৰশাসনিক বিভাগৰ বিভিন্ন দায়িত্ব পালন কৰিছিল প্ৰভাতী থাওচেনে।

৩. আজি অসম জাতীয় পৰিষদত যোগদান কৰে ৰাজ্যৰ বৰ্ষীয়ান ৰাজনীতিক ৰাজেন গোঁহায়ে। বিজেপি দলৰ হৈ ৪ বাৰকৈ লোকসভালৈ নিৰ্বাচিত গোঁহায়ে যোৱা মাহত বিজেপি ত্যাগ কৰে। অজাপত যোগদান কৰিয়েই ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে। অসমত একনায়কত্ববাদ চলাৰ অভিযোগ গোঁহাইৰ।

৪. ন্যায়িক জিম্মালৈ প্ৰেৰণ বিকাশ অসমক। যোৱা ৩১ অক্টোবৰত দিছপুৰ থানাত আত্মসমৰ্পনৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিকাশ অসমক। বিকাশৰ বিৰুদ্ধে ৰুজু হৈছিল দুটাকৈ গোচৰ। পাঁচ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত আজি আদলতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

৫. জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত চাঞ্চল্যকৰ মন্তব্য অখিল গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাপৰ খেল দেখুওৱাৰ দলে ভেল্কীবাজী কৰি থকাৰ অভিযোগ বিধায়কগৰাকীৰ। বৰ্তমান SIT ৰ তদন্ত প্ৰক্ৰিয়া যিদৰে চলি আছে সেই প্ৰক্ৰিয়াৰ দ্বাৰা জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ বুলি মন্তব্য অখিল গগৈৰ ।

৬. অহা ৯ নৱেম্বৰত বায়ুসেনা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হ’ব ফ্লাইপাষ্ট। এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং। এই অনুষ্ঠানৰ বাবে গুৱাহাটী মহানগৰীত বিশেষ যান-বাহন নিৰ্দেশনা প্ৰদান কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে। আজিৰে পৰা অনুষ্ঠিত হৈছে এই ফ্লাইপাষ্টৰ অনুশীলন।

৭. নিৰ্বাচনত ভোট চুৰিৰ অভিযোগেৰে আজি পুনৰ বিজেপি চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। হাৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰায় ২৫ লাখ ভোট চুৰি হোৱা বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। এগৰাকী ব্ৰাজিলিয়ান মডেলে বিভিন্ন নামেৰে ১০ টা ভোট কেন্দ্ৰত ২২ বাৰ ভোটদান কৰা বুলিও তেওঁ অভিযোগ তোলে।

৮. বৃহস্পতিবাৰৰ পৰা ৯ নৱেম্বৰলৈকে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত বন্ধ থাকিব ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক অনুশীলনৰ বাবে বন্ধ ৰখা হ’ব ফেৰী সেৱা। ইয়াৰ বিকল্প হিচাপে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত চলিব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ।

৯. ভাৰতীয় সেনাক লৈ ৰাজনীতি নকৰিবলৈ ৰাহুল গান্ধীক সকীয়নি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। তেওঁ কয় যে সেনাৰ এটাই ধৰ্ম, সেয়া হৈছে সৈনিক ধৰ্ম। বিহাৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত জাত-পাতৰ সন্দৰ্ভত মন্তব্য কৰি ভাৰতীয় সেনাক সাঙুৰি লৈছিল ৰাহুল গান্ধীয়ে।

 

অন্য খবৰ পঢ়কঃ Gen-Z ক উত্তেজিত কৰাৰ চেষ্টা কৰি আছে ৰাহুল গান্ধীয়েঃ বিজেপি