Morning News: মহানগৰীৰ অগ্নিকাণ্ডৰ পৰা ভোট চুৰিৰ প্ৰসংগলৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ পঢ়ক
আজি ১১ ডিচেম্বৰ, বৃহস্পতিবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...
পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- এতিয়াও নিৰ্বাপিত হোৱা নাই মহানগৰীৰৰ স্বাগতা স্কোৱেৰৰ জুই। মঙলবাৰে নিশা গুৱাহাটীৰ ABCৰ স্বাগতা স্কোৱেৰত জুই লাগিছিল। অট্টালিকাটোৰ ৬টাকৈ মহলালৈ বিয়পিছিল জুই। স্বাগতা স্কোৱেৰত আছে SBIৰ কেইবাটাও শাখা। SBIৰ কোটি কোটি টকা জ্বলি ভস্মীভূত হোৱাৰ আশংকা। ভস্মীভূত SBIৰ বহু সামগ্রী, নথি-পত্র, সম্পত্তি। এতিয়াও স্পষ্ট হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ।
- প্ৰধানমন্ত্ৰীৰ নামৰূপ ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বুধবাৰে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত এক বৈঠকত মিলিত হয়। উল্লেখ্য যে, প্রধানমন্ত্রী মোদীয়ে অহা ২০ আৰু ২১ ডিচেম্বৰত অসম ভ্ৰমণ কৰিব। এই সময়চোৱাত তেওঁ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। লগতে ভাৰতৰত্নগৰাকীৰ এটা প্রতিমূর্তি উন্মোচন কৰিব।
- মহানগৰী গুৱাহাটীত অঘটন। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ ৫ জনকৈ লোক। জানিব পৰা মতে, খাৰঘূলিৰ ভক্তি কুটীৰ নামৰ মন্দিৰটোলৈ আহিছিল লোকসকল। মন্দিৰৰ পূজা- অৰ্চনাৰ বাবে ৮ জনকৈ লোক নামিছিল ব্ৰহ্মপুত্ৰত গা ধুবলৈ। কিন্তু তাৰ মাজতে সংঘটিত হয় এক ডাঙৰ ঘটনা আৰু সন্ধানহীন হৈ পৰে ৫ জনকৈ লোক। আজি পুনৰ উদ্ধাৰ অভিযান চলাব NDRF-এ।
- বুধবাৰ (১০ ডিচেম্বৰ)য়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে গুৱাহাটী বৰাগাঁৱত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ। প্ৰতিবছৰৰ দৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন কৰা হয়। বৰগাঁৱত এইবাৰ ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে এই দিৱস পালন কৰা হৈছে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
- নিৰ্বাচনী সংস্কাৰ আৰু ভোট চুৰিকে ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ তিনিটা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। শ্বাহে কয় যে ৭৩ বছৰ ধৰি নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ কোনো আইন নাছিল। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে সকলো চিইচি আৰু আয়ুক্ত নিযুক্তি দিয়া হৈছিল। ৫৫ বছৰ ধৰি প্ৰধানমন্ত্ৰীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তক নিযুক্তি দিছিল। চিচিটিভি ফুটেজ সন্দৰ্ভত তেওঁ কয় যে আইনত ৪৫ দিনৰ পিছত বিবাদৰ ব্যৱস্থা নাই, গতিকে ফুটেজ সংৰক্ষণৰ কোনো ব্যৱস্থা নাই।
- ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন। দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি পুনৰবাৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি গাজা শান্তি পৰিকল্পনা আগতীয়াকৈ কাৰ্যকৰী কৰাত সমৰ্থন আগবঢ়ায়। ভৱিষ্যতেও যোগাযোগ অক্ষুণ্ণ ৰাখিবলৈ সন্মত হয় দুয়োগৰাকী নেতাই।
-
১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৬ৰ মিনি নিলামত পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক প্ৰথমবাৰৰ বাবে নিলামৰ টেবুলত দেখা গ’ল। ক্ৰিকবাজৰ মতে, আঘাতৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি থকা আয়াৰে এইবাৰ দলটোক প্ৰতিনিধিত্ব কৰিব পাৰে। পঞ্জাব কিংছে তেওঁলোকৰ প্ৰশিক্ষকৰ অনুপস্থিতিত নিলামত প্ৰৱেশ কৰিব, সেয়ে আয়াৰক নিলাম কৰা দেখা যাব পাৰে।
লগতে পঢ়ক: এইসকলৰ ওপৰত থাকিব গুৰু বৃহস্পতিৰ কৃপা, চাওক আজিৰ দিনটোৰ ৰাশিফল…