শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বৰক্ষেত্ৰীত মুখ্যমন্ত্ৰীৰ জনসভাৰ পৰা গৰিমা গাৰ্গৰ পত্ৰলৈ….দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ পঢ়ক

আজি বৰক্ষেত্ৰী সমষ্টিত মুখ্য়মন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে ডঃ শৰ্মাই। বকো-ছয়গাঁও সমজিলা কাৰ্যালয়ত ভোটাৰ তালিকা জালিয়াতিৰ বিতৰ্কই জোকাৰিছে ৰাজ্য।  চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

বৰক্ষেত্ৰীত মুখ্যমন্ত্ৰীৰ জনসভাৰ পৰা গৰিমা গাৰ্গৰ পত্ৰলৈ….দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ পঢ়ক
আজি দিনটোৰ খবৰ
Trishna Kalita
Trishna Kalita | Published: 24 Jan 2026 20:11 PM

বিদেশৰ পৰা উভতিয়েই আজি পুনৰ জনতাৰ মাজলৈ গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি বৰক্ষেত্ৰী সমষ্টিত মুখ্য়মন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে ডঃ শৰ্মাই। বকো-ছয়গাঁও সমজিলা কাৰ্যালয়ত ভোটাৰ তালিকা জালিয়াতিৰ বিতৰ্কই জোকাৰিছে ৰাজ্য।  চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

১. বিদেশৰ পৰা উভতিয়েই আজি পুনৰ জনতাৰ মাজলৈ গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি বৰক্ষেত্ৰী সমষ্টিত মুখ্য়মন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে ডঃ শৰ্মাই। ৩০,৮০৬ গৰাকী মহিলাক ১০,০০০ টকাকৈ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে আন কেবাগৰাকীও নেতা-বিষয়া।

২. বকো-ছয়গাঁও সমজিলা কাৰ্যালয়ত ভোটাৰ তালিকা জালিয়াতিৰ বিতৰ্কই জোকাৰিছে ৰাজ্য। ইতিমধ্যে পাঁচজনকৈ বিজেপি নেতা আৰু ডাটা এন্ট্ৰি অপাৰেটৰ বিৰুদ্ধে এজাহাৰ কংগ্ৰেছৰ। এই কাৰ্যক তীব্ৰ গৰিহণা দিছে বিৰোধী ৰাজনৈতিক দলসমূহে।

৩. ধিঙত ব্ৰহ্মপুত্ৰৰ বুকুত অবৈধ বালি খনন। বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ সাধাৰণ ৰাইজ। দিনে নিশাই কোনো প্ৰভাৱশালী ব্যক্তিৰ ছত্ৰছাঁয়াত ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে খননকাৰ্য। এইক্ষেত্ৰত বনবিভাগে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

৪. মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। পুনৰ সীমান্তত দেখা গৈছে নগাৰ আগ্ৰাসন। মৰিয়নীৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চল উচন কৰি বস্তি স্থাপনৰ যো-জা অস্ত্ৰধাৰী নগাৰ। বন বিভাগৰ চকুৰ সন্মুখতে দিচৈভেলী বনাঞ্চলৰ সেউজ বনভূমি ধ্বংস কৰিছে নগা দুবৃত্তই।

৫. ঐতিহাসিক জোনবিল মেলাৰ আজি অন্তিম দিন। পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই তিনিদিনৰ বাবে অনুষ্ঠিত হৈছিল এই মেলা। ঐতিহ্যপূৰ্ণ এই মেলাস্থলীত আজি উপস্থিত হয় কেবাগৰাকীও বিদেশী পৰ্যটক।

৬. জুবিন গাৰ্গ হত্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৰিমা শইকীয়া গাৰ্গৰ। এখন বিশেষ আদালত গঠনৰ বাবে প্ৰধানমন্ত্ৰীক আহ্বান শিল্পীগৰাকীৰ পত্নীৰ। বৈদেশিক নীতিৰ আধাৰত ছিংগাপুৰত উপযুক্ত আইনী ব্যৱস্থা লোৱাৰ লগতে অভিযুক্তই যাতে জামিন নাপাই তাৰ ব্যৱস্থা কৰিবলৈও অনুৰোধ গৰিমা গাৰ্গৰ।

৭. কংগ্ৰেছ বা অখিল গগৈ আহিলে অসমত মিঞাৰ ৰাজত্ব চলিব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰক্ষেত্ৰীত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ৭০০ প্ৰাৰ্থীৰ ভিতৰত ৬০০ ই মিঞা। বিজেপিক হৰুৱাবৰ বাবে মিঞাই ৫০ হাজাৰ টকাকৈ দানে দিছে। মিঞা সকলে বিজেপিক হৰুওৱাটো জেহাদ হিচাপে লৈছে বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই।

৮. দেশৰ অন্যতম বিমান পৰিৱহন সংস্থা ইণ্ডিগ’ৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ। ঘৰুৱা বিমানবন্দৰত ৭০০ৰো অধিক স্লট এৰি দিবলৈ বাধ্য হৈছে ইণ্ডিগ’। যোৱা ডিচেম্বৰ মাহত সংঘটিত হোৱা ব্যাপক সমস্যাৰ পাছতেই ইণ্ডিগোৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। তথ্য অনুসৰি ৩ৰ পৰা ৫ ডিচেম্বৰৰ ভিতৰত প্ৰায় ২,৫০৭ খন ইণ্ডিগ’ বিমান বাতিল কৰা হৈছিল আৰু ১,৮৫২ খন বিমানৰ যাত্ৰা পলম হৈছিল, যাৰ ফলত সমগ্ৰ দেশৰ ৩ লাখৰো অধিক যাত্ৰীক প্ৰভাৱিত হয়।

৯. শনিবাৰে নতুন দিল্লীৰ ১৮ সংখ্যক ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬১ হাজাৰৰো অধিক নতুনকৈ নিযুক্তি পোৱা যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাৰ্চুৱেল ভাষণ দি প্ৰধানমন্ত্ৰীয়ে নিযুক্তি পত্ৰসমূহক “ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ” বুলি অভিহিত কৰি যুৱক-যুৱতীসকলক সংবিধানৰ প্ৰতি তেওঁলোকৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে।