মন্ত্ৰীৰ শপত গ্ৰহণৰ পৰা পাকিস্তানৰ আক্ৰমণলৈ…দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ পঢ়ক
আজি অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিপিএফৰ বিধায়ক চৰণ বড়োৱে। এন ডি এৰ সৈতে মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

পৰম্পৰা আৰু ৰীতি-নীতি অনুসৰি আজি চহা অসমীয়াই পালন কৰিছে কাতি বিহু। ত্যুৰ শোকত ম্ৰিয়মান হৈ থকা ৰাজ্যবাসীয়ে শোকৰ মাজতে পালন কৰিছে বোপা-ককাৰ দিনৰ পৰম্পৰা। আজি অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিপিএফৰ বিধায়ক চৰণ বড়োৱে। এন ডি এৰ সৈতে মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
১. আজি কাতি বিহু। পৰম্পৰা আৰু ৰীতি-নীতি অনুসৰি চহা অসমীয়াই পালন কৰিছে কাতি বিহু। তুলসী তলত আৰু খেতি পথাৰত বন্তি জ্বলাই লখিমীক ঘৰলৈ আৱাহন জনাইছে সকলোৱে। জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ থকা ৰাজ্যবাসীয়ে শোকৰ মাজতে পালন কৰিছে বোপা-ককাৰ দিনৰ পৰম্পৰা।
২. অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত বিপিএফৰ। আজি অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিপিএফৰ বিধায়ক চৰণ বড়োৱে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপতবাক্য পাঠ কৰোৱাই নৱনিযুক্ত মন্ত্ৰীগৰাকীক।
৩. ২০২৬ ত বিজেপিৰ সৈতে কোন থাকিব অংশীদাৰত। আজি এই বিষয়ে এক ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ২০২৬ ত এক সমন্বিত ৰণকৌশল তৈয়াৰ কৰা হ’ব। অসমৰ বাবে এখন সৰ্বাংগ সুন্দৰ চৰকাৰ বিচাৰে সকলোৱে। গতিকে ডিচেম্বৰ-জানুৱাৰী মাহত ইয়াৰ এখন ছবি দেখা পাব ৰাজ্যবাসীয়ে।
৪. এন ডি এৰ সৈতে মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ। ২০২৬ ৰ নিৰ্বাচনহে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি হাগ্ৰামাই কয় যে তেওঁ এটকা দি দুটকা লোৱা মানুহ। বিটিচিৰ উন্নয়নৰ স্বাৰ্থত এন ডি এৰ অংশীদাৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় হাগ্ৰামাই।
৫. ৰাজ্যৰ আৰক্ষী মহলত ব্যাপক ৰদবদল। বহু কেইখনো জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বদলি। শুকুৰবাৰে গৃহবিভাগে এই বদলি সন্দৰ্ভত জাৰি কৰিছিল এক নিৰ্দেশনা।
৬. জুবিন গাৰ্গৰ স্মৃতিত বিজেপিয়ে আৰম্ভ কৰিব এক বিশেষ অভিযান। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী নামেৰে এই অভিযান চলাব বিজেপিয়ে। এই সন্দৰ্ভত আজি এক সংবাদমেলযোগে তথ্য প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।
৭. বাক্সাৰ নিকাছিস্থিত জিলা কাৰাগাৰৰ সমীপত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনা জড়িত ৯ জন লোকক গ্ৰেপ্তাৰ। বাক্সাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই জনোৱা মতে ইয়াৰ লগত জড়িত আন কেইবাজনো লোক চিনাক্ত কৰা হৈছে, আৰু এতিয়াও পলাতকসকলক বিচাৰি অভিযান অব্যাহত আছে।
৮. দিল্লীৰ ডাঃ বিষম্বৰ দাস মাৰ্গৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড। এই এপাৰ্টমেণ্টত আছে ৰাজ্যসভাৰ অধিকাংশ সাংসদৰ বাসগৃহ। সংসদ ভৱনৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত অৱস্থিত এই এপাৰ্টমেণ্ট । অগ্নিকাণ্ডৰ ৩০ মিনিটৰ পাছতহে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ উপস্থিত হয় ঘটনাস্থলীত। বহুলাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱাৰ খবৰ।
৯. যুদ্ধবিৰতি ভংগ কৰি আফগানিস্তানত পুনৰ ভয়াৱহ আক্ৰমণ চলাইছে পাকিস্তানে। শুকুৰবাৰে নিশা চলোৱা এই বিমান আক্ৰমণত ৩জন ক্ৰিকেটাৰকে ধৰি কমেও ৮ জন লোক নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে। পাকিস্তানৰ এই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে তালিবানৰ এগৰাকী শীৰ্ষ বিষয়াই।