শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিজেপিৰ চিন্তন বৈঠকৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণলৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

দিনটোত ঘটা বহু ঘটনাই খবৰৰ শীৰ্ষস্থান দখল কৰে। আজিৰ দিনটোটো এনে বহু ঘটনা সংঘটিত হৈছে। পঢ়ক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ…

বিজেপিৰ চিন্তন বৈঠকৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণলৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ
AS পল্লৱ গোপাল ঝা
trishna-kalita
Trishna Kalita | Updated On: 19 Jul 2025 20:21 PM

দিনটোত ঘটা বহু ঘটনাই খবৰৰ শীৰ্ষস্থান দখল কৰে। আজিৰ দিনটোটো এনে বহু ঘটনা সংঘটিত হৈছে। পঢ়ক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ…

  1. হোজাই জিলাৰ নীল বাগানত আজি পুৱা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা লংকা অভিমুখে গৈ থকা এখন ছুইফ্ট ডিজায়াৰ বাহন পতিত হয় দুৰ্ঘটনাত। ফলত দুজন যাত্ৰী থিতাতে নিহত হোৱাৰ বিপৰীতে আন দুজন যাত্ৰীয়ে হাস্পতালত মৃত্যুক সাৱটি লয়। দুৰ্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  2. ধুবুৰীত আৰক্ষীৰ জালত এগৰাকী বাংলাদেশী কিন্নৰ। স্থানীয় বাসিন্দাৰ অভিযোগৰ ভিত্তিত ধুবুৰী সদৰ আৰক্ষীয়ে আটক কৰিছে কিন্নৰগৰাকীক। প্ৰায় চাৰি বছৰ ধৰি বৈধ নথি-পত্ৰ অবিহনে ধুবুৰীত বাস কৰি আহিছে এই কিন্নৰগৰাকীয়ে। স্থানীয় বাসিন্দাসকলে অভিযোগ কৰা মতে অঞ্চলটোত আন কেবাগৰাকীও অবৈধ বাংলাদেশী কিন্নৰে বসবাস কৰি আছে।
  3. কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি দিয়া হৈছে ২০ গৰাকী প্ৰাক্তন এন ডি এফ বি সদস্যক। এই জামিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰাক্তন বিদ্ৰোহীসকলে।
  4.  সোণাপুৰৰ মে’ ফেয়াৰ ৰিজ’ৰ্টত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বিজেপিৰ চিন্তন বৈঠক। এই বৈঠকত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত দলীয় মন্ত্ৰী-বিধায়ক সকলে। লগতে এই বৈঠকত উপস্থিত থাকিব বিজেপিৰ বহুকেইগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা। বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ ৰাষ্ট্ৰীয় নেতাৰ লগতে সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষো উপস্থিত থাকিব এই বৈঠকত।
  5. সাংসদ পুঁজিৰ কেলেংকাৰীৰ অভিযোগত শীঘ্ৰে জেৰাৰ সন্মুখীন হ’ব IAS পল্লৱ গোপাল ঝা। পল্লৱ গোপাল ঝাক জেৰা চলোৱাৰ অনুমতি বিচাৰি CM VIGILANCE এ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ। মুখ্যমন্ত্ৰীৰ অনুমতি পালেই জেৰাৰ সন্মুখীন হ’ব পল্লৱ গোপাল ঝা। সাংসদ পুঁজিৰ কেলেংকাৰী সংঘটিত হোৱাৰ সময়ত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পল্লৱ গোপাল ঝাই। কাম নকৰাকৈয়ে ধন মোকলাই নিয়া‌ আৰু অস্তিত্বহীন পথৰ নাম উল্লেখ কৰি ধন মোকলাই নিয়াৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।
  6. অসমত বাংলাভাষী মানুহৰ ওপৰত অত্যাচাৰ চলোৱা বুলি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা অভিযোগ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে অসমত নিজৰ মানুহৰ বিৰুদ্ধে চৰকাৰে যুঁজ দিয়া নাই। মমতা বেনাৰ্জীয়ে ক্ষমতাত থাকিবৰ বাবে পশ্চিম বংগৰ ভৱিষ্যতৰ সৈতে আপোচ কৰা বুলি কয় ডঃ শৰ্মাই।
  7. ওড়িশাৰ পুৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা। তিনিজন যুৱকে জীৱন্তে জ্বলালে এগৰাকী কিশোৰীক। গুৰুতৰভাৱে আহত হোৱা কিশোৰীগৰাকীক ভৰ্তি কৰোৱা হয় ভুৱনেশ্বৰৰ এখন হাস্পতালত। এজন বন্ধুক লগ কৰিবলৈ যোৱাৰ সময়তে তিনি যুৱকে কিশোৰীগৰাকীৰ সৈতে সংঘটিত কৰে এই জঘন্য় কাণ্ড।
  8. ম্যানমাৰ আৰু বাংলাদেশৰ পৰা আহি আশ্ৰয় গ্ৰহণ কৰা শৰণাৰ্থীৰ বায়’মেটিক ৰেকৰ্ড কৰিব মিজোমাৰ চৰকাৰে। অনলাইন পদ্ধতিৰে ফৰেইনাৰ আইডেণ্টিফিকেশ্যন পৰ্টেলৰ দ্বাৰা কৰা হব এই ব্যৱস্থা। অৱশ্যে এই ক্ষেত্ৰত দুৰ্গম অঞ্চলৰ লোকৰ বাবে অফলাইন পদ্ধতিও ব্যৱহাৰ কৰা হ’ব।
  9.  শনিবাৰে দক্ষিণ গাজাত আমেৰিকা আৰু ইজৰাইল সমৰ্থিত এটা গোটৰ দ্বাৰা পৰিচালিত বিতৰণ কেন্দ্ৰৰ পৰা খাদ্য গ্ৰহণ কৰাৰ সময়তে একাংশ পেলেষ্টাইনীৰ ওপৰত গুলীচালনা কৰে ইজৰাইলৰ সৈন্যই। প্ৰত্যক্ষদৰ্শী আৰু চিকিৎসালয়ৰ বিষয়াসকলে জনোৱা মতে, এই ঘটনাত কমেও ৩২ জন লোকৰ মৃত্যু হয়।

লগতে পঢ়ক: শীঘ্ৰে আৰম্ভ হ’ব শৰাইঘাটৰ দ্বিতীয়খন ৰে’লৰ দলঙৰ নিৰ্মাণৰ কাৰ্য, থাকিব ৩ লেনযুক্ত পথৰ ব্যৱস্থা…