শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পৰা উচ্ছেদলৈ…পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ

দিনটোত ঘটা বহু ঘটনাই খবৰৰ শীৰ্ষস্থান দখল কৰে। আজিৰ দিনটোটো এনে বহু ঘটনা সংঘটিত হৈছে। পঢ়ক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ...

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পৰা উচ্ছেদলৈ…পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ
দিনটোৰ শীৰ্য খবৰ
trishna-kalita
Trishna Kalita | Published: 18 Jul 2025 20:01 PM

দিনটোত ঘটা বহু ঘটনাই খবৰৰ শীৰ্ষস্থান দখল কৰে। আজিৰ দিনটোটো এনে বহু ঘটনা সংঘটিত হৈছে। পঢ়ক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ…

  1. শুকুৰবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এটি কলি দুটি পাত আঁচনি ৰূপায়নৰ বাবে ৩৪২ কোটি টকা অনুমোদন চৰকাৰৰ।
  2. পাইকানত আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰকাশ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, কোনোবাই পৰিস্থিতি উত্তেজিত কৰিলে উচিত ব্যৱস্থা লোৱা হ’ব। এই ক্ষেত্ৰত ৰাহুল গান্ধীকো কটাক্ষ মুখ্য়মন্ত্ৰীৰ।
  3. ৰাহুল গান্ধীৰ ৰাজনৈতিক মন্তব্যক ৰাজনৈতিক নাটকৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধী এজন সাংসদ হৈ এজন মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। সমগ্ৰ ভাৰতৰ বহু কাৰাগাৰ গান্ধী পৰিয়ালৰ বাবে অপেক্ষাত আছে বুলিও কয় ডঃ শৰ্মাই।
  4. বংগমূলীয় মুছলমান বা বাংলাদেশী মুছলমানক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ মাজতে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য কৰি লৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। ডঃ শৰ্মাই সকীয়াই দিয়ে যে যদিহে বাংলাদেশী মুছলমানৰ বাবে তেওঁ অসমলৈ আহে, তেন্তে অসমীয়া আৰু হিন্দু বঙালীসকলে “তেওঁক ৰেহায় নিদিয়ে”।
  5. খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে অসমৰ পাঁচখনকৈ জিলাত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা। তেওঁ কয় যে এই জিলাকেইখনত বৰষুণৰ মাত্ৰা প্ৰায় ৪০ শতাংশ হ্ৰাস পাইছে। গাইডলাইন অনুসৰি যিসকল কৃষকে ফচল বীমা যোজনাৰ অধীনত নিজৰ শস্যৰ বীমা কৰিছে, তেওঁলোকে ক্ষতিপূৰণ লাভ কৰিব বুলি জনায় মুখ্য়মন্ত্ৰীয়ে।
  6. শুকুৰবাৰে পশ্চিমবংগত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিজৰ ভাষণত মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে তৃণমূলৰ গুণ্ডা টেক্সৰ বাবেই ৰাজ্যখনত বিনিয়োগত বাধা আহিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ সম্পদ মাফিয়াৰ হাতত পৰিছে, আৰু চৰকাৰী নীতি ইচ্ছাকৃতভাৱে ৰচনা কৰা হৈছে যাতে মন্ত্ৰীসকলক প্ৰকাশ্য দুৰ্নীতিত লিপ্ত হ’বলৈ উৎসাহিত কৰিব পাৰি।
  7. পাক সমৰ্থিত দ্য ৰেজিটেন্স ফ্ৰণ্টক বিদেশী সন্ত্ৰাসবাদী সংগঠন ঘোষণা আমেৰিকাৰ। ২২ এপ্ৰিলৰ পহলগাম আক্ৰমণৰ সৈতে জড়িত আছিল এই সংগঠনটো। TRF ক লস্কৰ ই তৈবাৰ প্ৰক্সি হিচাপে অভিহিত কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ’ই।
  8. ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমেদ আল শ্বাৰা আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে পৰিয়ালৰ সৈতে ৰাজধানী ডামাস্কাছৰ পৰা পলায়ন কৰাৰ সন্দেহ প্ৰকাশ । চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি আল মায়াদিন কাকতে এই দাবী কৰিছে। ছিৰিয়াৰ সৈন্যই পুনৰবাৰ ড্ৰুজ চুৱেইডা দখল কৰাৰ সময়তে আল শ্বাৰাই ডামাস্কাছ এৰি যোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ।
  9. পাইকানৰ উচ্ছেদ ভূমিত বৃহস্পতিবাৰে আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগত ৯ জনক গ্ৰেপ্তাৰ। আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৯ অভিযুক্তক। পাইকানত হোৱা সংঘাতৰ সময়ত বনকৰ্মীৰ গুলীত নিহত হৈছিল এজন লোক।

লগতে পঢ়ক: মিছন বসুন্ধৰাৰ পৰা চাহ শ্ৰমিকৰ মজুৰিলৈ…ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ