শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যুৱ মৰ্চাৰ নেতাক প্ৰহাৰৰ পৰা ক্ৰীড়া একাডেমী মুকলিলৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

অসম-বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহ্বান বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।  অসম-মেঘালয়ৰ মাজত চলি থকা সীমা সমস্যাৰ মাজতে আজি গুৱাহাটীত বৈঠকত মিলিত হয় দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী।  চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

যুৱ মৰ্চাৰ নেতাক প্ৰহাৰৰ পৰা ক্ৰীড়া একাডেমী মুকলিলৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ
দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 16 Aug 2025 20:20 PM

হোজাইত যুৱ মৰ্চাৰ নেতাৰ গালত পূৰ্ণহতীয়া চৰ একে সংগঠনৰ এগৰাকী মহিলা নেত্ৰীৰ। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে এই ভিডিঅ’।  অসম-বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহ্বান বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।  অসম-মেঘালয়ৰ মাজত চলি থকা সীমা সমস্যাৰ মাজতে আজি গুৱাহাটীত বৈঠকত মিলিত হয় দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী।  চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

১. হোজাইত বিজেপি নেতাৰ মাজত সংঘাত। যুৱ মৰ্চাৰ এগৰাকী নেতাৰ গালত পূৰ্ণহতীয়া চৰ, একে সংগঠনৰ এগৰাকী মহিলা নেত্ৰীৰ। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে এই ভিডিঅ’। কিন্তু এই ভিডিঅ’ কোনে ৰেকৰ্ডিং কৰিছিল সেয়া পোহৰলৈ অহা নাই। অশালীন মন্তব্য কৰাক লৈ এই ঘটনাৰ সূত্ৰপাত ঘটে বুলি অভিযোগ উঠিছে।

২. অসম-বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহ্বান বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ অসম বিধানসভাৰ বিৰোধী দলপতিগৰাকীৰ। পত্ৰৰ জৰিয়তে দেৱব্ৰত শইকীয়াই অসম-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থাৰ ব্যাপক পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ আহ্বান জনাইছে।

৩. অসম-মেঘালয়ৰ মাজত চলি থকা সীমা সমস্যাৰ মাজতে আজি গুৱাহাটীত বৈঠকত মিলিত হয় দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। যোৱা দুই জুনত দুয়োখন ৰাজ্যই মুঠ ১২ টা বিবদমান অঞ্চলৰ ভিতৰত ৫ টা স্থানত সীমা নিৰ্ধানৰ খুঁটি স্থাপনৰ বাবে সন্মতি জনাইছিল। আজি পুনৰ দুয়োগৰাকী নেতাই সীমা সমস্যাৰ বিষয়ত মিলিত হয়।

৪. সামাজিক মাধ্যমত ভুৱা পত্ৰ প্ৰচাৰৰ বিৰুদ্ধে চাইবাৰ অপৰাধ শাখাত গোচৰ তৰিছে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। অখিল গগৈক উদ্দেশ্যি লিখা তেওঁ স্বাক্ষৰযুক্ত এখন ভুৱা চিঠি সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ অভিযোগ তুলিছে ভূঞাই। চিঠিখনত ৰাহুল গান্ধীৰে বৈঠকৰ কথা নজনোৱাৰ বাবে ৰাইজৰ দলৰ সভাপতিৰ ওচৰত ক্ষমা বিচৰা বুলি উল্লেখ কৰা হৈছে।

৫. আজিৰ পৰা আৰম্ভ হৈছে অসম আৰক্ষীৰ বিষয়া-জোৱানসকলৰ অগ্নিপৰীক্ষা। অসম আৰক্ষীৰ লোকসকলক প্ৰকৃতাৰ্থত সুস্থ ৰখাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে চলিছে BMI পৰীক্ষা। আজিৰে পৰা পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন স্থানত অসম আৰক্ষীৰ বাবে চলিব এই পৰীক্ষা। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহলৈ চলিব এই বি এম আই পৰীক্ষা। কাহিলীপাৰাস্থিত দশম অসম আৰক্ষী বাহিনীৰ কেম্পত এই পৰীক্ষাত অংশ লয় DGP হৰমিত সিংসহ শীৰ্ষ আৰক্ষী বিষয়াই।

৬. শতবৰ্ষ উদযাপনৰ দিশে আগবাঢ়িছে দেশত তিনিবাৰকৈ নিষিদ্ধ হৈও ৰুদ্ধ নোহোৱা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ ৷ অহা বিজয়া দশমীত শতবৰ্ষ সম্পূৰ্ণ কৰিব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই ৷ শতবৰ্ষৰ এই বিশেষ সময়ত RSS-এ দেশজুৰি ব্যাপকভাৱে অনুষ্ঠিত কৰিব ৮০ৰ পৰা ৯০হাজাৰ হিন্দু সন্মিলন ৷ বহু মণ্ডল, চুবুৰীত আন সকলো জাতি-ধৰ্মক যাতে একত্ৰিত কৰিব পাৰি তাৰ বাবে বিভিন্ন নামেৰে হ’ব সন্মিলনসমূহ।

৭. আজি দেশৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু তিথি। নতুন দিল্লীত এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ বহুকেইগৰাকী শীৰ্ষ নেতা। অসমতো গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয় প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।

৮. আজি আলাস্কাত বৈঠকত মিলিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৱসানৰ বাবে দুয়োগৰাকী নেতা বৈঠকত মিলিত হয়। প্ৰায় তিনি ঘণ্টাজুৰি দুয়োগৰাকী নেতাই আলোচনা কৰে যদিও সংঘাত সমাধানৰ কোনো পথ নিৰ্দিষ্ট নহ’ল বুলি প্ৰকাশ পাইছে তথ্য। বৈঠকৰ পাছতেই ট্ৰাম্পে এই সংঘাত সমাধানৰ উত্তম পথ শাস্তি আলোচনা বুলি মত প্ৰকাশ কৰিছে।

৯. উত্তৰ গুৱাহাটীত আজি মুকলি কৰা হয় দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী। এই ক্ৰীড়া একাডেমী দুখন মুকলি কৰে অসম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰে এখন অসম ক্ৰিকেট সন্থাৰ Cricket Academy আৰু আনখন হৈছে গুৱাহাটী টাউন ক্লাবৰ Football Academy । একাডেমী দুখনৰ জৰিয়তে ৰাজ্যত ক্ৰীড়া ক্ষেত্ৰত আমূল পৰিৱৰ্তন আহিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। অহা ২০২৭ চনত অসমত National games অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।