শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যোৰাবাটৰ কৃত্ৰিম বানৰ পৰা শুভাংশু শুক্লাৰ ওভতনি যাত্ৰালৈ…পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ

দিনটোত ঘটা বহু ঘটনাই খবৰৰ শীৰ্ষস্থান দখল কৰে। আজিৰ দিনটোটো এনে বহু ঘটনা সংঘটিত হৈছে। পঢ়ক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ...

যোৰাবাটৰ কৃত্ৰিম বানৰ পৰা শুভাংশু শুক্লাৰ ওভতনি যাত্ৰালৈ…পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ
গুৱাহাটীৰ কৃত্ৰিম বান
trishna-kalita
Trishna Kalita | Published: 14 Jul 2025 19:31 PM

দিনটোত ঘটা বহু ঘটনাই খবৰৰ শীৰ্ষস্থান দখল কৰে। আজিৰ দিনটোটো এনে বহু ঘটনা সংঘটিত হৈছে। পঢ়ক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ…

  1. আজি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী অভিমুখে যাত্ৰা কৰিছে শুভাংশু শুক্লা আৰু তেওঁৰ তিনি সহযোগীয়ে। বিয়লি ৪.৪৫ বজাত পৃথিৱী অভিমুখে যাত্ৰা কৰিছে তেওঁলোকক কঢ়িয়াই অনা ড্ৰেগন কেপচুলে। কালিলৈ বিয়লৈ প্ৰশান্ত মহাসাগৰত ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব এই ড্ৰেগন কেপচুলে।
  2. দুটা পৃথক অভিযানত অসম আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ১৫ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী। জাগীৰোডত প্ৰায় ১০০ গ্ৰাম হেৰ’ইনসহ আৰক্ষীৰ জালত পৰিছে মণিপুৰৰ এগৰাকী মহিলা। ইফালে মানকাচৰত প্ৰায় ৫০ হাজাৰ নিচাজাতীয় টেবলেটসহ আটক কৰা হৈছে আশ্বিক বাবু নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জব্দকৃত টেবলেটখিনিৰ মূল্য প্ৰায় ১০ কোটি টকা।
  3.  অহা বিধানসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। শিৱসাগৰৰ পাঁচটা সমষ্টিৰ টিকট প্ৰদান সন্দৰ্ভত অপপ্ৰচাৰ চলাৰ অভিযোগ বিৰোধী দলপতিগৰাকীৰ। অখিল গগৈক কংগ্ৰেছে বিজেপিৰ এজেণ্ট বুলি কোৱা নাই বুলি দাবী কৰে দেৱব্ৰত শইকীয়াই।
  4. ম্যানমাৰত আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ তথা আলফা-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ। এই আক্ৰমণে আলোচনা প্ৰক্ৰিয়াত ব্যাঘাত জন্মালে বুলি কয় সভাপতিগৰাকীয়ে।
  5.  আজি দুপৰীয়া অহা এজাক বৰষুণত কৃত্ৰিম বানৰ উদ্ভৱ হয় যোৰাবাটত। পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ ফলত তীব্ৰ যানজটৰ সৃষ্টি হয় যোৰাবাটত।
  6.  দিল্লীত উদ্ধাৰ উত্তৰ-পূবৰ যুৱতীৰ মৃতদেহ। যমুনা নদীত উদ্ধাৰ হৈছে ত্ৰিপুৰাৰ স্নেহা দেৱনাথ নামৰ যুৱতীগৰাকীৰ মৃতদেহ। কেইদিনমান পূৰ্বে দিল্লীৰ ছিগনেচাৰ ব্ৰীজৰ পৰা নিৰুদ্দেশ হৈছিল স্নেহা। অনেক বিচাৰ খোচাৰৰ অন্তত উদ্ধাৰ হয় স্নেহাৰ মৃতদেহ।
  7. অন্ধ্ৰ প্ৰদেশৰ ৰেড্ডিচেৰুভুকাটাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত থিতাতে নিহত হয় ৯ গৰাকীকৈ শ্ৰমিক। লগতে আহত হয় আন কেবাগৰাকীও শ্ৰমিক।
  8. ভাৰতীয় বেডমিণ্টন জগতৰ দুই তাৰকা ছাইনা নেহৱাল আৰু পাৰুপল্লী কাশ্যপৰ এক সিদ্ধান্তই আচৰিত কৰি তুলিছে তেওঁলোকৰ অনুৰাগীক। বৈবাহিক সম্পৰ্ক ছেদ কৰিলে দুয়োগৰাকী তাৰকাই। ২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল ছাইনা আৰু পাৰুপল্লী কাশ্যপ।
  9.  লৰ্ডছত আকৰ্ষণীয় হৈ পৰিছে ভাৰত আৰু ইংলেণ্ডৰ তৃতীয়খন টেষ্ট। প্ৰথম ইনিংছত দুয়োটা দলেই সমান ৰাণ কৰাৰ পাছত দ্বিতীয় ইনিংছত ভাৰতক ১৯৩ ৰাণৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে। কিন্তু দুৰ্বল বেটিং প্ৰদৰ্শনৰ বাবে ১১২ ৰাণতে ৮ টাকৈ উইকেটৰ পতন ঘটে ভাৰতৰ।

লগতে পঢ়ক: পক্ষীৰ জৈৱ বৈচিত্ৰ্যৰ মূল আশ্ৰয়স্থলী কাজিৰঙা, সমীক্ষাত ৪৩টা বিশেষ প্ৰজাতিৰ চৰাইৰ উপস্থিতিৰ তথ্য…