মুখ্যমন্ত্ৰী-গৌৰৱ গগৈৰ বাকযুদ্ধৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তলৈ…দিনটো গুৰুত্বপূৰ্ণ খবৰ
অৱশেষত দিছপুৰ থানাত আত্মসমৰ্পণ বিকাশ অসমৰ। আত্মসমৰ্পণৰ পিছতেই বিকাশ অসমক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলিব থাকিব। উচ্ছেদ অভিযান চলিবই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় আমি জুবিনকো ন্যায় দিম ,অবৈধ অনুপ্ৰৱেশকাৰী মিঞা মুছলমানকো কষ্ট দিয়ে থাকিম। অৱশেষত দিছপুৰ থানাত আত্মসমৰ্পণ বিকাশ অসমৰ। আত্মসমৰ্পণৰ পিছতেই বিকাশ অসমক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
১. মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিঞা মুছলমানৰ লগত মোৰ যুদ্ধ চলিব থাকিব। উচ্ছেদ অভিযান চলিবই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় আমি জুবিনকো ন্যায় দিম ,অবৈধ অনুপ্ৰৱেশকাৰী মিঞা মুছলমানকো কষ্ট দিয়ে থাকিম। যিসকলে জুবিন গাৰ্গৰ গান এটা গাব নাজানে। তেওঁৰ এখনো ফাংচন চাই পোৱা নাই। তেনেবোৰ লোকক কংগ্ৰেছ আৰু অখিলে জুবিনৰ সমাধিক্ষেত্ৰলৈ লৈ আহে বুলি কয় ডঃ শৰ্মাই।
২. অৱশেষত দিছপুৰ থানাত আত্মসমৰ্পণ বিকাশ অসমৰ। আত্মসমৰ্পণৰ পিছতেই বিকাশ অসমক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। বীৰ লাচিত সেনা অসমৰ কামৰূপ মহানগৰ জিলাৰ সচিব আছিল বিকাশ। কিছুদিন ধৰি পলাতক হৈ আছিল তেওঁ। তাৰ পিছত পত্ৰযোগে সঠিক সময়ত নিজে আত্মসমৰ্পণ কৰিব বুলি কৈছিল বিকাশে। সেই অনুসৰি আজি নিজে উপস্থিত হয় দিছপুৰ থানাত।
৩. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট আখ্যা দিয়াৰ পাছতেই প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতাগৰাকীৰ। এক পোষ্টযোগে তেওঁ কয় যে এই মন্তব্যই মুখ্যমন্ত্ৰীৰ “ক্ষমতা হেৰুৱাৰ ক্ৰমবৰ্ধমান ভয়” উদঙাই দিছে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে বুলি কয় গগৈয়ে।
৪. এইবাৰ সামাজিক মাধ্যমযোগে অখিল গগৈক তীব্ৰ কটাক্ষ বিমল বড়াৰ। এক পোষ্টযোগে মন্ত্ৰীগৰাকীয়ে অখিল গগৈক কংগ্ৰেছৰ শৰণাপন্ন নহবলৈ আহ্বান জনায়। লগতে মন্ত্ৰী বড়াই এক প্ৰকাৰে বিশ্বাসঘাতক আখ্যা দিছে অখিল গগৈক।
৫. অহা ১০ ডিচেম্বৰৰ ভিতৰত পোহৰলৈ আহিব জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনা। এছ আই টিৰ প্ৰতিবেদনত মানুহৰ খং উঠিব, দুখ লাগিব, কিন্তু জুবিন গাৰ্গৰ বহু দুখৰ কাহিনী জানিব পাৰিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
৬. জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে আজি এছ আই টিয়ে জেৰা কৰে অভিনেতা পাৰ্থ হাজৰিকাক। জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গৰ সৈতে ঘনিষ্ঠ আছিল পাৰ্থ হাজৰিকা। শেহতীয়াকৈ সামাজিক মাধ্যমত বিভিন্ন ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল পাৰ্থ হাজৰিকাৰ বিৰুদ্ধে।
৭. আজি মৰিগাঁও জিলাৰ মিকিৰভেটাত এখন ৫০ খন বিছনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মৰিগাঁও বিধানসভা সমষ্টিৰ সৰ্বমুঠ ৩৬,৩৬৭ গৰাকী হিতাধিকাৰীলৈ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে।
৮. অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ কাছিবুগ্গাৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত আজি সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। ভক্তৰ ব্যাপক সমাগমৰ ফলত সৃষ্টি হোৱা হেঁচা-ঠেলাৰ পৰিণতিত মন্দিৰত পদপিষ্ট হৈ ৯ গৰাকী ভক্তই প্ৰাণ হেৰুৱাইছে। এই শোকাৱহ ঘটনাত আন কেইবাজনো ভক্ত আহত হৈছে। আহত বহুকেইজন ভক্তৰ অৱস্থা সম্প্ৰতি সংকটজনক বুলি জানিব পৰা গৈছে।
৯. কাইলৈ অনুষ্ঠিত হ’ব আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেল মেচ। নৱী মুম্বাইৰ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীৰ ষ্টেডিয়ামত অনুষ্ঠিত হব মেচখন। এই মেচখনত মুখামুখি হব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। দুয়োটা দলেই বৰ্তমানলৈকে এবাৰো জয় কৰা নাই মহিলা বিশ্বকাপৰ খিতাপ।