পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
আজি ১৫ ছেপ্টেম্বৰ, সোমবাৰ। আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পলকতে পঢ়ক দেশ-বিদেশৰ ৯ টা শীৰ্ষ খবৰ।

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। মহানগৰত পুনৰ আজি ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। একেদৰে আজি মহানগৰীৰ মালিগাঁৱৰ গোটানগৰত চিএম ভিজিলেন্সে অভিযান চলায়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- মহানগৰীৰ মালিগাঁৱৰ গোটানগৰত চিএম ভিজিলেন্সৰ অভিযান। গৰৈমাৰীৰ ৰাজহচক্ৰ বিষয়া নুপুৰ বৰাৰ ফ্লেটত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযান চলাই বহু পৰিমাণৰ নগদ ধন, লাখ লাখ টকাৰ সোণৰ আ-অলংকাৰ জব্দ কৰে। নুপুৰ বৰাৰ ঘৰৰ পৰা নগদ ৯২ লাখ ৫০ হাজাৰ টকাৰ লগতে বহু পৰিমাণৰ সোণৰ আ-অলংকাৰ জব্দ কৰা হৈছে। কাৰ্বিআংলঙত তখা সময়তে সংঘটিত হোৱা এক অনিয়ম সন্দৰ্ভত অভিযান চলায় চি এম ভিজিলেন্সে।
- গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ঘটনা। ৰূপনগৰ অঞ্চলত পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত আৱদ্ধ হৈ পৰে এগৰাকী মহিলা। বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই মহিলাগৰাকীক। স্থানীয় লোকে মহিলাগৰাকীৰ মৃত্যু ঘটিব পাৰে বুলি সন্দেহ কৰিছে। মহিলাগৰাকীৰ নাম ৰীণা ডেকা। বৰ্তমানেও মহিলাগৰাকীক উদ্ধাৰৰ বাবে অব্যাহত আছে অভিযান।
- বিটিচিত নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিজেপি, বিপিএফ আৰু ইউপিপিএলক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেতা ভূপেন বৰাৰ। সকলোৱেই মিলি বিটিচিত দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ তোলে কংগ্ৰেছ নেতাগৰাকীয়ে। ইফালে গৌৰৱ গগৈৰ বিৰুদ্ধে এছ আই টিৰ প্ৰতিবেদনকো সমস্যা তল পেলোৱাৰ বাবে এখন ঢাল বুলি উল্লেখ কৰে ভূপেন বৰাই।
- গৌৰৱ গগৈৰ কথিত পাকিস্তান লিংকৰ SIT প্ৰতিবেদনৰ প্ৰসংগত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে কেৱল গৌৰৱ গগৈৰ পত্নীকে SIT এ জেৰা কৰা নাই । মুঠ ৩৮ জন লোকক জেৰা কৰিছে SIT য়ে। প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে লিষ্টত কাৰ কাৰ নাম আছে সকলোৱে জানিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
- নলবাৰীৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত উদ্ধাৰ বাণ্ডিলে বাণ্ডিলে পাঁচশ টকীয়া নোট। নদীত এটা পলিথিনৰ বেগত উটি আহিল পাঁচ শ টকীয়া নোটৰ বাণ্ডিল। এজন যুৱকে এই বেগটো উদ্ধাৰ কৰাৰ পাচতেই খবৰ দিয়ে স্থানীয় লোক আৰু আৰক্ষীক। নদীত টকা অহাৰ খবৰ পোৱাৰ পাচতেই সেই টকা বুটলিবলৈ হেতা-ওপৰা লাগে। অৱশ্যে আৰক্ষীৰ উপস্থিতিত এই টকাবোৰ জাল নোট বুলি ধৰা পৰে।
- ৱাকফ সংশোধনী আইন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা এই আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন। অন্তৱৰ্তীকালীন ৰায় প্ৰদান কৰি উচচতম ন্যায়ালয়ে ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ ওপৰত আংশিক স্থগিতাদেশ ঘোষণা কৰিছে। শীৰ্ষ আদালতে সমগ্ৰ ৱাকফ (সংশোধনী) আইনখন নিষিদ্ধ কৰাৰ কোনো ভিত্তি নাই বুলি মত পোষণ কৰে।
- অনুপ্ৰৱেশকাৰীক বচোৱাত ব্যস্ত কংগ্ৰেছ। অনুপ্ৰৱেশ বন্ধ কৰাটো এন ডি এৰ দায়িত্ব। কংগ্ৰেছৰ স্বেচ্ছাচাৰীতাই ইয়াত কাম নকৰিব। বিহাৰত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে ভাৰতত ভাৰতীয় আইন প্ৰচলিত হ’ব। অনুপ্ৰৱেশকাৰী বাহিৰলৈ ওলাই যাব লাগিব। বিহাৰৰ জনসাধাৰণে অপৰাধৰ পৰা মুক্তি বিচাৰে। বিৰোধীক উত্তৰ দিব বিহাৰৰ ৰাইজে । আৰজেডিৰ জংঘলৰাজ বলি হৈছে বিহাৰ জনসাধাৰণৰ। বিহাৰৰ জনসাধাৰণ এন ডি এৰ লগত আছে বুলিও দাবী কৰে মোদীয়ে।
- এছিয়া কাপ ২০২৫ত দেওবাৰে অনুষ্ঠিত মেচত ভাৰতীয় দলে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। টছৰ সময়ত আৰু খেলৰ অন্তত ভাৰতীয় খেলুৱৈয়ে কৰমৰ্দন নকৰিলে পাকিস্তানৰ খেলুৱৈক। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে পাক ক্ৰিকেট বৰ্ড। এই সন্দৰ্ভত এছিয়ান ক্ৰিকেট কাউন্সিলৰ সন্মুখত পাকিস্তানৰ টিম মেনেজাৰ নভিদ আখতাৰ চিমাই অভিযোগ প্ৰকাশ কৰিছে।
- সুশীলা কাৰ্কীৰ শপত গ্ৰহণৰ মাত্ৰ তিনিদিন পিছতে পুনৰ সলনি হৈছে নেপালৰ ৰাজনীতি। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলৰ আগত কাৰ্কীৰ নাম প্ৰস্তাৱ কৰা Gen-Z সকলে এতিয়া তেওঁৰ বিৰুদ্ধে ওলাই আহিছে। সোমবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ বাহিৰত Gen-Z এ পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কয় যে কাৰ্কীয়ে প্ৰধানমন্ত্ৰীৰ চকীত বহিয়েই আন্দোলনৰ মূল কথাবোৰ পাহৰি গৈছে। স্বেচ্ছাচাৰীভাৱে সিদ্ধান্ত লোৱাৰ অভিযোগ কাৰ্কীৰ বিৰুদ্ধে।