শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি ১ ছেপ্টেম্বৰ। বহু গুৰুত্বপূৰ্ণ খবৰে আজিৰ শিৰোনাম দখল কৰিছে। দেশৰ পৰা বিশ্বলৈকে পলকতে পঢ়ক শীৰ্ষ খবৰসমূহ।

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
বিটিচি নিৰ্বাচন ২০২৫
manas-borah
Manas Borah | Published: 01 Sep 2025 20:20 PM

বিটিচি নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিলে বিভিন্ন দলৰ বহুকেইগৰাকী প্ৰাৰ্থীয়ে। ইয়াৰ লগতে বহু খবৰে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ পৰা বিশ্বলৈকে পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটো শীৰ্ষ খবৰ

  1. বিটিচি নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিলে বিভিন্ন দলৰ বহুকেইগৰাকী প্ৰাৰ্থীয়ে। ইয়াৰ ভিতৰত আছে কেবাজনো হেভিৱেট প্ৰাৰ্থী। চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত হাগ্ৰামা মহিলাৰী, কাজলগাঁও সমষ্টিত চন্দন ব্ৰহ্ম, তামুলপুৰত প্ৰমোদ বড়ো আৰু ছালাকাটি সমষ্টিৰ বাবে লৰেন্স ইছলাৰীয়ে আগবঢ়ায় মনোনয়ন। যথেষ্ট সংখ্যক সমৰ্থনকাৰীয়ে সংগ দিয়ে প্ৰাৰ্থীসকলক
  2. কেইবাটাও কাৰ্যসূচী হাতত লৈ সোমবাৰে শ্ৰীভূমিৰ পাথাৰকান্দিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুৱা ১০.৩০ বজাত মুখ্যমন্ত্রী শৰ্মাই শিলচৰৰ পৰা হেলিকপ্টাৰযোগে পাথাৰকান্দিত উপস্থিত হয়। পাথাৰকান্দিৰ মুন্ডুমালা খেলপথাৰত “মুখ্যমন্ত্ৰী মহিলা উদ্যোমিতা আঁচনি” ৰ অনুষ্ঠানত অংশ লৈ শৰ্মাই হিতাধিকাৰীসকলক চেক প্ৰদান কৰে।
  3. বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ মাজতে মাৰপিটৰ ঘটনা। বাক্সাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসক আক্ৰমণ কৰে এজন ব্যক্তিয়ে। জি এছ পি দলৰ প্ৰাৰ্থী ঘনশ্যাম দাসৰ সৈতে মনোনয়ন দাখিলৰ বাবে আহিছিল জোন দাস। হিতেশ কছাৰী নামৰ লোকজনে হেলমেটেৰে আক্ৰমণ কৰে জোন দাসক।
  4. ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰা এগৰাকী প্ৰাৰ্থীক লৈ চলিছে ব্যাপক চৰ্চা। এই প্ৰাৰ্থীগৰাকীৰ নাম ৰমেন মদাহী। বিটিচি নিৰ্বাচনত কোকলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলিব ৰমেন মদাহীয়ে। পূৰ্বতে ৰমেন মদাহীৰ চিনাকী আছিল মাটিৰ দালাল হিচাপে। ২০২৩ চনৰ ২৬ নৱেম্বৰত মাটিৰ দালালিত জড়িত থকাৰ অভিযোগত গুৱাহাটীৰ লালুং গাঁৱত আৰক্ষীয়ে গুলীয়াইছিল ৰমেন মদাহীক। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গুলিবিদ্ধ হৈছিল ৰমেন।
  5. চীনত অনুষ্ঠিত এছ চি অ’ শীৰ্ষ সন্মিলনৰ পিছতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিন। ইউক্ৰেইন যুদ্ধৰ বিষয়েও আলোচনা কৰে দুয়োগৰাকী নেতাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, আমি ইউক্ৰেইনত চলি থকা সংঘাতৰ বিষয়ে অবিৰতভাৱে আলোচনা কৰি আহিছো। শান্তিৰ বাবে শেহতীয়াকৈ কৰা সকলো প্ৰচেষ্টাক আমি আদৰণি জনাইছো।
  6. ভাৰত, চীন আৰু ৰাছিয়াৰ ঘনিষ্ঠতা এতিয়া বিভিন্নজনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিন্তু এই বন্ধুত্ব ভাল পোৱা নাই আমেৰিকাই। ভাৰতৰ সৈতে থকা সম্পৰ্কক একবিংশ শতিকাৰ পৰিচয় বুলি অভিহিত কৰিছে আমেৰিকাই । ৰাষ্ট্ৰখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, ভাৰত আৰু আমেৰিকাৰ অংশীদাৰিত্বই অহৰহ নতুন উচ্চতা স্পৰ্শ কৰি আছে। ৱাশ্বিংটনে এই সম্পৰ্কক কেৱল কৌশলগত নহয়, মানুহৰ মাজত গভীৰ বন্ধুত্বৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা বুলি অভিহিত কৰিছে।
  7. প্ৰায় ২ বছৰৰ হিংসাৰ অন্তত মণিপুৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত মণিপুৰ ভ্ৰমণ কৰিব পাৰে মোদীয়ে। ২০২৩ চনৰ মে’ মাহৰ পৰা মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত চলি থকা হিংসাত্মক ঘটনাৰ পাছত এয়া হ’ব মোদীৰ প্ৰথম মণিপুৰ ভ্ৰমণ। সূত্ৰ অনুসৰি, মোদীয়ে ইম্ফল আৰু চুৰাচান্দপুৰ ভ্ৰমণ কৰি হিংসাত্মক ঘটনাৰ বাবে স্থানচ্যুত হোৱা লোকসকলক সাক্ষাৎ কৰিব। ইয়াৰোপৰি ৰাজ্যখনৰ বাবে কেইবাটাও নতুন প্ৰকল্প লৈ যাব মোদীয়ে।
  8. দেওবাৰে নিশা ভূমিকম্পই জোকাৰি যায় পাকিস্তান সীমান্তৰ সমীপৱৰ্তী পূব আফগানিস্তান। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬ আৰু অভিকেন্দ্ৰ জালালাবাদ । এই ভূমিকম্পত কমেও ৮০০ লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আহত হৈছে ১৫০০ ৰো অধিক লোক।
  9. বৰপেটাৰ হাউলীত ধৰা পৰিছে ১৩ গৰাকী ৰোহিংগীয়া। সন্দেহজনক চাল-চলন লক্ষ্য কৰি স্থানীয় লোকে আৰক্ষীক গটাই দিয়ে পুৰুষ-মহিলা আৰু শিশুসহ ১৩ জনীয়া দলটোক। আটকাধীন ৰোহিংগীয়া কেইজনে জম্মু-কাশ্মীৰৰ পৰা বাছেৰে দিল্লীলৈ আহি তাৰ পৰা ৰে’লেৰে আহিছিল বৰপেটালৈ। ২০১২ চনৰ পৰাই ভাৰতত থকাৰ দাবী কৰা লোক কেইজনৰ পৰা ২০২৪ চনৰ শৰণাৰ্থী কাৰ্ড উদ্ধাৰ কৰা হৈছে।