শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি ৩ অক্টোবৰ, শুকুৰবাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা আৰম্ভ কৰি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট মেচলৈ চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
দিনটোৰ শীৰ্ষ খবৰ
manas-borah
Manas Borah | Published: 03 Oct 2025 19:58 PM

আজি ৩ অক্টোবৰ দিনটোত বহু কেইটা গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। গ্ৰেপ্তাৰৰ পূৰ্বেই ছুপ্ৰিম কোৰ্টত ক্ৰিমিনেল লেখ আবেদন দাখিল কৰিছিল শ্য়ামকানু মহন্তই। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা আৰম্ভ কৰি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট মেচলৈ চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. গ্ৰেপ্তাৰৰ পূৰ্বেই ছুপ্ৰিম কোৰ্টত ক্ৰিমিনেল লেখ আবেদন দাখিল কৰিছিল শ্য়ামকানু মহন্তই। জুবিনৰ মৃত্যুৰ গোচৰৰ পৰা নিজকে মুক্ত কৰাৰ বাবেই আনৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা চতুৰ ব্যৱসায়ীজনৰ। SIT ৰ ওপৰত বিশ্বাস নথকাৰ কথা উল্লেখ কৰি এই গোচৰ NIA অথবা CBI লৈ হস্তান্তৰ কৰাৰো দাবী।
  2. অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তক হস্তান্তৰ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। সম্প্ৰতি এই বিষয়ত আৰক্ষীৰ তদন্ত চলি থকাৰ বিপৰীতে জনসাধাৰণক বিষয়টোৰ সৈতে জড়িত কোনো ভিডিঅ’ বা ছবি শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
  3. গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শুকুৰবাৰে জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী আৰু সহ-শিল্পী অমৃতপ্ৰভা মহন্তক শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। বৃহস্পতিবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছিল দুয়োকে।
  4. গুৱাহাটীৰ ফাঁচী বজাৰত বিধ্বংসী অগ্নিকাণ্ড। এছ এছ ৰোডত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো আহত হয়। শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।মৃত্যু হোৱা লোকজনৰ নাম ছলমান কুৰেশ্বী বুলি জানিব পৰা গৈছে।
  5. পুনৰ উত্তপ্ত হৈ পৰিছে সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্ত। যোৱা নিশা অসমৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰি সন্দেহযুক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে এখন গাঁও। বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তৰ এটা দল হঠাতে প্ৰৱেশ কৰি টেঙাতল জালাল বস্তি নামৰ গাঁওখনত অগ্নিসংযোগ কৰে। অগ্নিসংযোগৰ লগতে গুলীচালনা আৰু গ্ৰেণেড আক্ৰমণ কৰাৰো অভিযোগ।
  6. সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই চলোৱা অপাৰেচন সেন্দূৰ সন্দৰ্ভত শেহতীয়াকৈ কেতবোৰ তথ্য প্ৰকাশ কৰিছে ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙে। তেওঁ কয় যে অপাৰেচন সেন্দূৰক এনে এক সংঘাত হিচাপে স্মৰণ কৰা হ’ব যিয়ে পাকিস্তানক উচিত শিক্ষা দিয়াৰ লক্ষ্যত নিখুঁতভাৱে উপনীত হ’ল। সিঙে কয় যে ভাৰতে পাকিস্তানৰ একাধিক লক্ষ্যত আঘাত কৰাৰ লগতে ৪-৫খন পাকিস্তানী যুদ্ধ বিমানো ধ্বংস কৰে।
  7. অপাৰেচন সেন্দূৰ ১ ত দেখুওৱাৰ দৰে অপাৰেচন সেন্দূৰ ২ ত কোনো সংযম নেদেখুৱায় ভাৰতে। পাকিস্তানক স্পষ্ট ভাষাৰে সকীয়নি সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদীৰ। তেওঁ ক যে, এইবাৰ ভাৰতে এনে পদক্ষেপ ল’ব যে পাকিস্তানে ইতিহাসত নিজৰ স্থান পুনৰ বিবেচনা কৰিব লাগিব।
  8. আদানী গ্ৰুপক মোক্ষম আঘাত আয়কৰ বিভাগৰ। আদানীৰ চিমেণ্ট কোম্পানীৰ ওপৰত ২৩ কোটি টকাৰো অধিক জৰিমনা বিহিছে বিভাগটোৱে। দৰাচলতে বিভাগটোৱে দুটা পৃথক জৰিমনা বিহিছে। এটা জৰিমনা ১৪ কোটি টকাৰো অধিক। আনহাতে আনটো জৰিমনাৰ পৰিমাণ প্ৰায় ৯ কোটি টকা। আয়ৰ ভুল উপস্থাপন কৰাৰ অভিযোগত আয়কৰ বিভাগে বিহিছে এই জৰিমনা।
  9. ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলি আছে শৃংখলাৰ প্ৰথমখন টেষ্ট। আলহী দলটোৰ বিৰুদ্ধে শক্তিশালী স্থিতিত ভাৰত। প্ৰথম ইনিংছত ৱেষ্ট ইণ্ডিজে ১৬২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতে ৪৪৮ ৰাণ সংগ্ৰহ কৰি খেলি আছে। ভাৰতৰ হৈ কে এল ৰাহুল, ধ্ৰুৱ জুৰেল আৰু ৰবীন্দ্ৰ জাডেজাৰ শতক অৰ্জন।