আজি পোহৰৰ উৎসৱ দীপাৱলী, পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ
আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। দীপাৱলী উদযাপনৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তলৈকে চাওক দিনটোৰ শীৰ্ষ খবৰ।

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। মাটিৰ চাকি-বন্তিৰে দোকান ভৰি পৰিছে যদিও পূৰ্বৰ তুলনাত ৰাজ্যত নাই দীপাৱলীৰ উছাহ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে সোমবাৰে ছিংগাপুৰত আজি উপস্থিত হয় অসম আৰক্ষীৰ দুগৰাকী উচ্চপদস্থ বিষয়া। ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- আজি পোহৰৰ উৎসৱ দীপাৱলী,কালি পূজা । মাটিৰ চাকি-বন্তিৰে দোকান ভৰি পৰিছে যদিও পূৰ্বৰ তুলনাত ৰাজ্যত নাই দীপাৱলীৰ উছাহ। জুবিন গাৰ্গৰ মৃত্যুত আজিও শোকাহত ৰাজ্যবাসী।
- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে সোমবাৰে ছিংগাপুৰত উপস্থিত হয় অসম আৰক্ষীৰ দুগৰাকী উচ্চপদস্থ বিষয়া। তেওঁলোক হৈছে চি আই ডিৰ বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তা আৰু তিতাবৰৰ সহ-জিলা আৰক্ষী অধীক্ষক তৰুণ গোৱেল। তেওঁলোকে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ছিংগাপুৰত থকা সমকক্ষৰ সৈতে বহি গোচৰটোৰ বিষয়ে কৰিব আলোচনা।
- সত্ৰ বৰ্ডৰ অধীনত থাকিব সত্ৰ ভূমি। অসম বিধান সভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপন কৰা হ’ব অসম সত্ৰ সংৰক্ষণ উন্নয়ন পৰিষদ বিধেয়ক, ২০২৫। ইতিমধ্যে এই বিষয়ত অসম কেবিনেটত সিদ্ধান্ত লোৱা কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- কালি পূজা আৰু দীপাৱালীৰ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনালে ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলোকে পৰিৱেশৰ প্ৰতি দায়বদ্ধতা বজাই ৰাখি উৎসৱ উদযাপনৰ আহ্বান। পোহৰৰ উৎসৱ দীপাৱলীয়ে সকলোৰে জীৱন আলোকিত কৰি সমাজলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই অনাৰ কামনা মুখ্যমন্ত্ৰীৰ।
- পুনৰ অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে উভতাই পঠিয়ালে ১৮ ৰহিংগ্যাক। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীভূমি জিলাৰ পৰা আটক কৰি সীমান্তৰ সিপাৰলৈ উভতাই পঠোৱা হয় এই ১৮ ৰহিংগ্যাক ৷
- দীপাৱলী উপলক্ষে গোৱাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। নৌসেনাৰ জোৱানৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ । জোৱানসকলক সম্বোধন কৰি তেওঁ কয়,”আপোনালোকৰ সৈতে দীপাৱলী উদযাপন কৰাটো মোৰ বাবে এক সৌভাগ্যৰ কথা।”
- ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি প্ৰযোজ্য হৈ আছে যদিও গাজাত বিমান আক্ৰমণ চলাইছে IDF য়ে। এই মন্তব্য আমেৰিকা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। লগতে হামাছৰ সৈতে পৰিস্থিতি অতি শান্তিপূৰ্ণ হৈ থকাটো বিচাৰে আমেৰিকা ৰাষ্ট্ৰপতিগৰাকীয়ে।
- আজি CID কাৰ্যালয়ত উপস্থিত হয় দেৱ বৰকটকী। SIT ৰ ওচৰত ভাষ্য প্ৰদান কৰিলে NK প্ৰডাকচনৰ স্বত্বাধিকাৰী গৰাকীয়ে। জুবিনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল দেৱ বৰকটকীৰ। জুবিন গাৰ্গৰ সংগীতৰ ৰয়েলিটী আৰু কপিৰাইট সন্দৰ্ভত তথ্য ল’বলৈ মাতিছিল দেৱ বৰকটকীক।
- সোণাপুৰত নিশা জনতাৰ সন্মুখত আৱেগিক হৈ পৰিল গৰিমা গাৰ্গ। অশ্ৰুসিক্ত নয়নেৰে জনতাক উদ্দেশ্যি বক্তব্য গৰিমাৰ। তেওঁ ক’লে, “জুবিনৰ লগত কি হৈছিল সেই কথা আমি সকলোৱে জানিব লাগিব, সঁচাটো জানিব লাগিব। এক আস্থাৰে,শান্তিৰে,ধৈৰ্য্যৰে অপেক্ষা কৰিছো। শুদ্ধভাৱে, পানী নসৰকাভাৱে বিচাৰ হওঁক।”