এইবাৰ বহু বিধায়কৰ টিকট কৰ্তন হ’ব, নতুন মুখে লাভ কৰিব প্ৰাধান্যঃ মুখ্যমন্ত্ৰী
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত গাখীৰ উৎপাদনৰ লগতে বিভিন্ন দিশৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। শৰ্মাই কয় যে, আগন্তুক নিৰ্বাচনত বহু বিধায়কৰ টিকট কটা যাব পাৰে। এইবাৰ নতুন মুখত প্ৰাধান্য দিয়া হ'ব।

দেওবাৰে পূৰবী ডেইৰীৰ সম্প্রসাৰণ প্ৰকল্পৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেইবাটাও বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰে। শৰ্মাই কয় যে, “আজিৰ পৰা এবছৰ আগতে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিল যে যিসকল কৃষক গাখীৰ উৎপাদনৰ লগত জড়িত আছে তেওঁলোকক প্ৰতি লিটাৰ ত ৫ টকাকৈ ৰাজসাহাৰ্য আগবঢ়োৱা হ’ব। অসমত ৯০০ খন গাখীৰ উৎপাদন সমবায় আছে। তেওঁলোকক এতিয়াৰ পৰা প্ৰতি লিটাৰত ৫ টকাকৈ ৰাজ সাহায্য লাভ কৰিব”।
তেওঁ কয়, “আজি যদি আমি গুজৰাটলৈ চাও তেন্তে দেখিম যে প্ৰতি দিনে ১.৫০ কোটি লিটাৰ গাখীৰ উৎপাদন হয়, কৰ্ণাটকত ৮০ লাখ লিটাৰ উৎপাদন হয়। কিন্তু অসমত এখন গাখীৰ উৎপাদনৰ এখন ডাঙৰ বজাৰ আছে। মই আশা কৰো ২০৩০ চনৰ ভিতৰত ১০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰাৰ লক্ষ্যত উপনীত হ’ব অসম। ২০ হাজাৰ কৃষকে গাখীৰ প্ৰক্ৰিয়াকৰণ বাবে প্ৰেৰণ কৰে। গতিকে এজন কৃষকে ৩০ লিটাৰ উৎপাদন কৰিলেহে ৫ টকাকৈ ৰাজসাহায্য দিয়া হ’ব। এই আচনিৰ জৰিয়তে কৃষক সকলে গাখীৰ উৎপাদনৰ বাবে প্ৰেৰণা লাভ কৰিব”।
আৰু কয়, “ডেৰ লাখ পূৰবীয়ে আৰু ৰাণীত আমূলে ১ লাখ লিটাৰ উৎপাদন কৰিব। সীতাজখলা আৰু কণ্যাকাই ২৫ হাজাৰ লিটাৰ গাখীৰ প্ৰক্ৰিয়াকৰণৰ ব্যৱস্থা হাতত লৈছে। নলবাৰী,বজালী বৰপেটাত সৰু সৰুকৈ গাখীৰ প্ৰক্ৰিয়াকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ধেমাজি ,যোৰহাট, ডিব্ৰুগড়ত ১ লাখ লিটাৰকৈ প্ৰক্ৰিয়াকৰণৰ কেন্দ্ৰ হ’ব। ৪ হাজাৰ গাৱত ৪ হাজাৰ দুগ্ধ সমবায় সমিতি গঠন কৰাৰো লক্ষ্য লৈছে চৰকাৰে। প্ৰতিমাহৰ এটা নিদিষ্ট দিনত ৫ টকাৰ ৰাজসাহায্য কৃষকৰ একাউণ্টত পোনপটীয়াকৈ লাভ কৰিব”।
তেওঁ আৰু কয়, সমবায় সমিতি সমূহক গৰু কিনিবলৈ ১ লাখ টকা আৰ্থিকভাৱে সহায় কৰিব চৰকাৰে। কৃষক সকলক দুগ্ধ উন্নয়ন সমবায় সমিতি গঠন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। আৰু কয়, গীৰ গাইয়ে ভালকৈ প্ৰতিপালন কৰিলে ৮-১০ লিটাৰ গাখীৰ দিয়ে।অসমৰ পৰিবেশৰ বাবে গীৰ গাইৰ গাখীৰৰ পৰিমাণ কমি আহে। গীৰ গাই আৰু লক্ষীমি গাইৰ প্ৰজনন কৰি নতুন প্ৰজাতিৰ গাই উৎপাদনৰ পৰিকল্পনা চৰকাৰৰ।এই প্ৰজননক লৈ পৰীক্ষা নিৰিক্ষা চলি আছে। গতিকে সমবায় আৰু পশুপালন বিভাগক একেলগে কাম কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।
শৰ্মাই আৰু কয় যে, আমাৰ চৰকাৰে গো পালনক বিশ্বাস কৰে গো হত্যা বিশ্বাস নকৰে। অসমত ৪০০ খন গো মাস বিক্ৰী কৰা ৰেষ্টুৰেণ্ট চিল কৰা হৈছে আৰু ২ হাজাৰ টন গো মাংস উদ্ধাৰ কৰা হৈছে।
ইয়াৰোপৰি বিজেপিৰ চিন্তন বৈঠকক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে, বিজেপিৰ চিন্তন বৈঠকত চৰকাৰী আঁচনিৰ সফল ৰূপায়ণক লৈ আলোচনা হৈছে। বহু চৰকাৰী আঁচনি এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে তাক লৈ আলোচনা হৈছে।
বিধায়কৰ টিকট কৰ্তন সন্দৰ্ভত মন্তব্য প্ৰদান কৰি শৰ্মাই কয় যে, “এইবাৰ সকলো বিধায়কে টিকট নাপায়। সমষ্টি পুন নিৰ্ধাৰণৰ বাবে বহু বিধায়কৰ সমষ্টি নোহোৱা হৈছে আৰু বহু বিধায়কে নিজেও নেখেলে। গতিকে এইবাৰ নতুন মুখ আহিব আৰু নতুন মুখক প্ৰাধান্য দিয়া হ’ব”। লগতে কয়, “এইবাৰ বহু আসন SC-ST সংৰক্ষিত হৈছে যাৰবাবে সেই সমষ্টিত আমি নতুন মুখক প্ৰাধান্য দিম।বিজেপিৰ টিকট কোনে পাব কোনে নাপাব সেয়া চৰকাৰী আঁচনিৰ সফল ৰূপায়নৰ ওপৰত নিৰ্ভৰ হ’ব”।
অন্য খবৰ পঢ়কঃ বিজেপিৰ সৈতে মিত্ৰতা ভংগ হ’ব নেকি অগপৰ! অতুল বৰা, কেশৱ মহন্তক লৈ ক্ষোভিত তৃণমূল পৰ্যায়ৰ কৰ্মী…