শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজনীতিৰ পৰা ক্ৰীড়ালৈকে পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

ৰাজ্যত পুনৰ উদ্ভৱ হৈছে বান পৰিস্থিতি। বিপদসীমাৰ ওপৰেৰে বৈছে দিখৌ আৰু ধনশিৰি নদী। ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ লগতে দিনটোৰ ৯ টা শীৰ্ষ খবৰ...

ৰাজনীতিৰ পৰা ক্ৰীড়ালৈকে পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
মুখ্যমন্ত্ৰীৰ বৈঠক
manas-borah
Manas Borah | Updated On: 04 Jul 2025 20:55 PM

আজি দেশ-বিদেশৰ বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে, কংগ্ৰেছে মুছলমানৰ ভোট লয়, কিন্তু মেলে-মিটিঙে আহিলে মুছলমানৰ পৰম্পৰাগত পোছাক আৰু টুপী পিন্ধি নাহিবলৈ কয়। ইফালে, ৰাজ্যত পুনৰ উদ্ভৱ হৈছে বান পৰিস্থিতি। বিপদসীমাৰ ওপৰেৰে বৈছে দিখৌ আৰু ধনশিৰি নদী। ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ লগতে দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

দিনটোৰ শীৰ্ষ খবৰ

  1. কংগ্ৰেছৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তামুলপুৰত এক অনুষ্ঠানত অংশ লৈ শৰ্মাই কয় যে কংগ্ৰেছে মুছলমানৰ ভোট লয়, কিন্তু মেলে-মিটিঙে আহিলে মুছলমানৰ পৰম্পৰাগত পোছাক আৰু টুপী পিন্ধি নাহিবলৈ কয়। বিজেপিয়ে কোনো লোকক তেনে নিৰ্দেশ নিদিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে দোহাৰে।
  2. ৰাজ্যত পুনৰ উদ্ভৱ হৈছে বান পৰিস্থিতি। বিপদসীমাৰ ওপৰেৰে বৈছে দিখৌ আৰু ধনশিৰি নদী। ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আনহাতে কাছাৰত বৰাক নদীৰ জলস্তৰো বৃদ্ধি পাইছে। অৱশ্যে এতিয়াও দুয়োখন প্ৰধান নদীৰ বিপদ সীমাৰ তলেৰে বৈ আছে।
  3. দীৰ্ঘদিনীয়া সীমা সমস্যা চলি থকাৰ মাজতেই অসম-মেঘালয় সীমান্তত স্থাপন কৰা হ’ল প্ৰথমটো সীমাৰ খুটি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা। এক্সত এটা পোষ্টত ডঃ শৰ্মাই কয়, “অসম-মেঘালয় সীমান্তত স্থাপন প্ৰথম সীমা খুটি। “২০২২ চুক্তি কাৰ্যকৰী” কৰাৰ দিশত এয়া এক পদক্ষেপ বুলি শৰ্মাই এক্সত এক পোষ্টত কয়।
  4. বঙাইগাঁও জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। টুনিয়া নদীৰ সমীপত উদ্ধাৰ হৈছে এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাৰ মৃতদেহ। দুয়ো চুবুৰীয়া বুলি প্ৰকাশ কৰিছে স্থানীয় লোকে। এজোপা গছৰ কাষত পৰি আছিল মৃতদেহ দুটা। কি কাৰণত দুয়োৰে মৃত্যু ঘটিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
  5. গণিত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত সালসলনি ঘটাইছে বিদ্যালয় শিক্ষা বিভাগে। শুকুৰবাৰে বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিয়া নিয়ম অনুসৰি প্ৰাৰ্থীয়ে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান বা জীৱবিজ্ঞানৰ যিকোনো এটা বিষয় পাছ ক’ৰ্চ হিচাপে অধ্যয়ন কৰা হ’ব লাগিব। লগতে, গণিত বিষয়টো অনাৰ্চ হিচাপে অধ্যয়ন কৰাটো বাধ্যতামূলক।
  6. অহা ১৭ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ জন্ম দিনটোত অসম চৰকাৰে বিতৰণ কৰিব অৰুণোদয় ৩.০। পূৰ্বৰ দুটা পৰ্যায়ত বাদ পৰা যোগ্য হিতাধিকাৰীয়ে এইবাৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আজি তামুলপুৰত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  7. বৰ্তমান ট্ৰিনিদাদ আৰু ট’বাগো ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দেশখনত উপস্থিত হোৱাৰ পাছতেই তেওঁক উষ্ম আদৰণি জনোৱা হয়। ট্ৰিনিদাদ এণ্ড ট’বাগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছাৰ। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা কৰে কমলা প্ৰসাদে। ইয়াৰ লগতে ভাৰতক Covid ভেকচিন যোগান ধৰাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী বিছেছাৰে প্ৰধানমন্ত্ৰী মোদীয়ে লিখা এটি কবিতাও পাঠ কৰে।
  8. মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। মণিপুৰ আৰক্ষী, অসম ৰাইফলছ, সেনা আৰু চিআৰপিএফৰ যৌথ অভিযানত জব্দ হয় এই অস্ত্ৰ ভাণ্ডাৰ। মণিপুৰৰ টেংগনৌপাল, কংপকপি, চাণ্ডেল আৰু চুৰাচান্দপুৰত অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে।
  9. ভাৰত আৰু ইংলেণ্ডৰ মাজত এজবেষ্টনত চলি আছে দ্বিতীয়খন টেষ্ট মেচ । প্ৰথম ইনিংছত শুভমন গিলৰ দ্বিশতকৰ সহায়ত ভাৰতে ৫৮৭ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে ইংলেণ্ডে প্ৰথম ইনিংছত প্ৰথমাৱস্থাত বিপৰ্যৰ সন্মুখীন হয় যদিও হেৰী বুক আৰু জেমি স্মিথে দৰ্শনীয় শতকৰ ইনিংছেৰে দলৰ স্থিতি শক্তিশালী কৰে।