শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুকলি আকাশৰ তললৈ আহিব নে USTMৰ আচাৰ্য মহবুবুল হক? আজি উচ্চ ন্যায়ালয়ত জামিন আবেদনৰ শুনানি…

বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ চ্যান্সেলৰ মহবুবুল হকেৰ জামিন আবেদন সন্দৰ্ভত ৰায়দানৰ বাবে সাজু হোৱাৰ সময়তে অসম আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে দুটা নতুন গোচৰ ৰুজু কৰিছে। যাৰ ফলত পলম হৈছে মুক্তিৰ বিচাৰ। BNS ৩১৮(৪), ৩১৬(৫) আৰু ৩৩৬(৩) ধাৰাত গোচৰ ৰুজু হৈছে ইউ এছ টি এমৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে।

মুকলি আকাশৰ তললৈ আহিব নে USTMৰ আচাৰ্য মহবুবুল হক? আজি উচ্চ ন্যায়ালয়ত জামিন আবেদনৰ শুনানি…
USTMৰ আচাৰ্য মহবুবুল হক
trishna-kalita
Trishna Kalita | Updated On: 12 Mar 2025 10:39 AM

বৰ্তমানেও কাৰাগাৰত আছে USTMৰ আচাৰ্য মহবুবুল হক। মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হৈছে এটাৰ পাছত আনটো গোচৰ। ইতিমদধ্যে এটা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিনো লাভ কৰিছে মহবুবুল হকে।ইয়াৰ পাছতে মহবুবুল হক মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা কিছু প্ৰকট হৈ উঠিছিল। কিন্তু এতিয়াও এই পথ সম্পূৰ্ণৰূপে মুকলি হোৱা নাই।

USTMৰ আচাৰ্য মহবুবুল হকে এটা গোচৰত জামিন লাভ কৰিছে। শ্রীভূমি জিলাৰ পাথাৰকান্দিত ৰুজু হোৱা ৫৪/২০২৫ নম্বৰৰ গোচৰটোত তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্রদান কৰে আচাৰ্যগৰাকীক। অৱশ্যে উচ্চ ন্যায়ালয়ত সাময়িক সকাহ লাভ কৰিলেও কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ এতিয়াও প্রশস্ত হোৱা নাই হকৰ। কিয়নো তেওঁৰ বিৰুদ্ধে ৫৫/২০২৫ নম্বৰৰ আন এটা গোচৰ ৰুজু হৈ আছে। এই গোচৰটোত জামিন লাভ কৰিলেহে তেওঁ কাৰাগাৰাৰ পৰা মুক্তি লাভ কৰিব। প্রাপ্ত তথ্য অনুসৰি, উক্ত গোচৰটোত জামিন আবেদনৰ শুনানি আজি উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব।

উচ্চ ন্যায়ালয়ে শ্ৰীভূমি জিলাৰ পাথাৰকান্দি থানাত পঞ্জীয়ন হোৱা দ্বিতীয়টো গোচৰ (কেছ নং ৫৫/২০২৫)ৰ বাবে হকেৰ জামিন আবেদন সন্দৰ্ভত যুক্তি শুনানি গ্ৰহণ কৰি বুধবাৰলৈ এই সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখে। ইফালে, জ্যেষ্ঠ অধিবক্তা আংশুমান বৰা আৰু অধিবক্তা দেবাংগা বৈদ্যই আবেদন দাখিল কৰাৰ পাছত গোসাঁইগাঁও থানাত দাখিল কৰা গোচৰ নং ৩১/২০২৫ আদালতে বাতিল কৰে। আবেদনখনত এই গোচৰটো পাথাৰকান্দি থানাত ৫৪/২০২৫ নং গোচৰৰ সৈতে একত্ৰিত কৰিবলৈ বিচাৰিছিল। ২৮ মাৰ্চলৈকে হকেৰ বিৰুদ্ধে কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ কৰিব নালাগে বুলিও আদালতে ৰায় দিয়ে।

ইফালে বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ চ্যান্সেলৰ মহবুবুল হকেৰ জামিন আবেদন সন্দৰ্ভত ৰায়দানৰ বাবে সাজু হোৱাৰ সময়তে অসম আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে দুটা নতুন গোচৰ ৰুজু কৰিছে। যাৰ ফলত পলম হৈছে মুক্তিৰ বিচাৰ। BNS ৩১৮(৪), ৩১৬(৫) আৰু ৩৩৬(৩) ধাৰাত গোচৰ ৰুজু হৈছে ইউ এছ টি এমৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে। ঢেকিয়াজুলি আৰক্ষী থানাত মহবুবুল হকৰ বিৰুদ্ধে মুকছেদ আলম নামৰ এজনে দাখিল কৰিলে এজাহাৰ।

উল্লেখ্য যে, শ্ৰীভূমি (কৰিমগঞ্জ) জিলাৰ কেন্দ্ৰীয় বিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাত মুঠ ২৭৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল, য’ত বিদ্যালয়খনৰ ৪৫ জন আৰু ই আৰ ডি গ্ৰুপৰ ২১৪ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। অভিযোগ অনুসৰি, পৰীক্ষাৰ সময়ত ই আৰ ডি গ্ৰুপৰ ছাত্ৰ-ছাত্ৰীক সহায়ৰ বাবে কোনো আৰ্থিক চুক্তি কৰা হৈছিল। কিন্তু প্ৰতিশ্ৰুতি অনুসৰি যেতিয়া সহায় লাভ নকৰিলে তেতিয়া পৰীক্ষা কেন্দ্ৰটোত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অসৎ কামৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে আৰক্ষী আৰু এছ টি এফে তদন্ত আৰম্ভ কৰে।