শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসম চৰকাৰে মুকলি কৰি দিলে পশ্চিম বংগৰ তিনি শ্ৰমিকক, টিএমচিৰ সাংসদৰ দাবী

পশ্চিম বংগৰ পৰা ৰে'লেৰে ২২ আগষ্টত নগাঁৱলৈ গৈ কাম আৰম্ভ কৰিছিল তিনিজন শ্ৰমিক। কিন্তু বাংলা ভাষাত কথা কোৱা শুনি হয়বৰগাঁৱত আৰক্ষীয়ে তেওঁলোকক উঠাই লৈ যায়। অৱশেষত পশ্চিম বংগ চৰকাৰৰ প্ৰচেষ্টাত তিনিওকে মুকলি কৰি দিয়া হয়।

অসম চৰকাৰে মুকলি কৰি দিলে পশ্চিম বংগৰ তিনি শ্ৰমিকক, টিএমচিৰ সাংসদৰ দাবী
Migrant WorkerImage Credit source: Abbas/SOPA Images/LightRocket via Getty Images
raj-saikia
Raj Saikia | Published: 01 Sep 2025 15:45 PM

মমতা বেনাৰ্জী চৰকাৰৰ হস্তক্ষেপৰ পিছত অসমে পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ তিনিজন প্ৰব্ৰজিত শ্ৰমিকক ডিটেনচন কেম্পৰ পৰা মুকলি কৰি দিয়ে। এই তিনিজন শ্ৰমিকক বাংলাদেশীৰ সন্দেহত আৰক্ষীয়ে আটক কৰি ৰখা বুলি ১ ছেপ্টেম্বৰত অভিযোগ উত্থাপন কৰিছিল তৃণমূল কংগ্ৰেছৰ সাংসদ ছামিৰুল ইছলামে ।

পশ্চিম বংগ প্ৰব্ৰজিত শ্ৰমিক কল্যাণ ব’ৰ্ডৰ অধ্যক্ষ তথা টিএমচিৰ সাংসদ ছামিৰুল ইছলামে জনাইছিল তিনিওজন শ্ৰমিকক ৩১ আগষ্টৰ নিশা মুকলি কৰি দিয়া হৈছে। টিএমচিৰ সাংসদগৰাকীয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, “বাংলাদেশী হোৱাৰ সন্দেহত তিনিওজন শ্ৰমিকক জিম্মাত লৈ অসমৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হয়। আমাৰ তৎকালীন হস্তক্ষেপৰ পিছত তেওঁলোকক মুকলি কৰি দিয়া হয়।”

ছামিৰুল ইছলামে লগতে দাবী কৰে, “তেওঁলোকৰ পৰা অবৈধভাৱে কাঢ়ি ৰখা ডেৰ লাখ টকাও ঘূৰাই দিয়া হৈছিল।” ইছলামৰ মতে ইয়াৰে দুজন শক্তিপুৰৰ আৰু এজন মুৰ্ছিদাবাদৰ বেলডাংগাৰ বাসিন্দা।

“২২ আগষ্টত তেওঁলোক নগাঁৱলৈ গৈ কাম আৰম্ভ কৰিছিল, কিন্তু বাংলা ভাষাত কথা কোৱা শুনি হয়বৰগাঁৱত আৰক্ষীয়ে তেওঁলোকক উঠাই লৈ যায়।” সাংসদগৰাকীয়ে কয়।

ৰাজ্যসভাৰ সাংসদগৰাকীয়ে অভিযোগ কৰে, “বংগৰ প্ৰব্ৰজিত শ্ৰমিকসকলে অসংখ্য গোচৰৰ সন্মুখীন হৈ আহিছে। বিজেপি শাসিত ৰাজ্যত তেওঁলোকক আটক, নিৰ্যাতন আৰু ধন দাবী কৰা হৈছে। আমাৰ চৰকাৰে যেতিয়াই এনে ঘটনা সংঘটিত হয় তেতিয়াই ক্ষিপ্ৰতাৰে কাম কৰিবলৈ শক্তিশালী স্থিতি গ্ৰহণ কৰিছে।”

এক্সত এটা পোষ্টত ইছলামে দাবী কৰে যে উত্তৰ ২৪ পৰগনাৰ হাবৰাৰ প্ৰব্ৰজিত শ্ৰমিক গোলাম মণ্ডলৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত “অবৈধ আটকৰ সময়ত আৰক্ষীৰ অমানৱীয় নিৰ্যাতন”ৰ বাবে মৃত্যু হয়।