পলকতে পঢ়ক ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহু গুৰুত্বপূৰ্ণ খবৰ
আজি ১৬ ছেপ্তেম্বৰ দিনটোত বহুকেইটা খবৰে শীৰ্ষ স্থান দখল কৰিছে। তাৰ ভিতৰত থকা গুৰুত্বপূৰ্ণ ৯ টা খবৰৰ বিষয়ে জানো আহক…

পলকতে পঢ়ক ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহু গুৰুত্বপূৰ্ণ খবৰ
- ৰাজ্যৰ চৌদিশে এতিয়া চৰ্চাত ACS বিষয়া নূপুৰ বৰা। সোমবাৰে ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত নূপুৰ বৰাৰ ঘৰত চি এম ভিজিলেঞ্চে অভিযান। গুৱাহাটী আৰু বৰপেটাৰ বাসগৃহৰ বাসগৃহৰ পৰা সৰ্বমুঠ ৯২,৫০,৮০০ টকা জব্দ। গ্ৰেপ্তাৰৰ পাছতে আজি আদালতত হাজিৰ কৰোৱা হয় ACS নূপুৰ বৰাক।
- কম বয়সতে অগাধ সম্পত্তিৰ গৰাকী হৈ পৰিছিল নূপুৰ বৰা। ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “আয়তকৈ তেওঁৰ সম্পত্তি ৪০০ গুণ বেছি পাইছে। অকল নিলম্বনে, বৰ্খাস্তই নহয়, আইনৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদান কৰা হব। লগত দুই এজন মণ্ডল আছে সকলোৰে ওপৰত লোৱা হ’ব ব্যৱস্থা।”
- কাইলৈ বিশ্বকৰ্মা পূজা। বিশ্ব খনিকৰৰ পূজাৰ সামগ্ৰীৰে ভৰি পৰিছে বজাৰ সমূহ। পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ এতিয়া দোকান সমূহত ভিৰ কৰিছে গ্ৰাহকে।
- শেষ কৰিব লাগিব বৰবিহ ! দেশৰ যুৱ প্ৰজন্মক ৰক্ষাৰ বাবে অমিত শ্বাহৰ আহ্বান। শ্বাহে আৰু জোৰ দি কয় যে, ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ।
- গোলাঘাট খুমটাইত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ভদীয়া বানে । কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণ আৰু নেপক’ ই কেইবাখনো চুইচ গেট খুলি দিয়াৰ ফলত ফেনেফুটুকাৰে ওফন্দি পৰিছে ধনিশিৰি নদীৰ বুকু । বন্যাৰ্তৰ নাজল নাথল অৱস্থা । তেনে সময়তে বান বিধ্বস্ত ৰাইজৰ মাজত ত্ৰাণকৰ্তাৰূপে থিয় দিছে সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়া ।
- শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ! বৰ্তমান নৌসেনাৰ ১৪০খন যুদ্ধজাহাজ আৰু ১৭খন ছাবমেৰিন আছে। ইয়াৰ উপৰিও ২৫০ খনতকৈও অধিক বিমান আৰু হেলিকপ্টাৰ আছে। পৰিকল্পনা অনুসৰি অহা দশকত সেই সংখ্যা ২০০ৰো অধিক জাহাজ, ছাবমেৰিন আৰু প্ৰায় ৩৫০খন বিমানলৈ বৃদ্ধি কৰা হ’ব।
- ভাৰতৰ পৰিবহণ ব্যৱস্থাত ৰে’লৱেই দখল কৰি আহিছে এক বিশেষ স্থান। ভাৰতীয় ৰে’লৱেই হাইড্ৰ’জেন চালিত প্ৰথমখন ৰে’ল নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে। জানিব পৰা মতে ভাৰতীয় ৰে’লৱেই ২০৭০ চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
- শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক কিছু উন্নত হোৱাৰ দিশে আগবাঢ়িছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কঠোৰ শুল্ক সিদ্ধান্তৰ পিছতে দুয়োখন দেশৰ মাজত পুনৰ আৰম্ভ হ’ব বাণিজ্যিক আলোচনা । মঙলবাৰে নতুন দিল্লীত হ’ব এই আলোচনা, য’ত ভাৰতলৈ আহিব আমেৰিকাৰ বাণিজ্যিক বিষয়াৰ এটা প্ৰতিনিধি দল।
- বিতৰ্কৰ পিছত পুনৰ ভাৰত-পাক মেচ! যোৱা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ভাৰত-পাক মেচখনৰ সময়ত সামাজিক মাধ্যমত বয়কট এছিয়া কাপ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে।