শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সাহস আৰু দেশভক্তিৰ অনুপম নিদৰ্শন ‘আলাবৈৰ ৰণ’, জানক সবিশেষ

আলাবৈৰ ৰণ (the Battle of Alaboi) আছিল আহোম আৰু মোগল সেনাৰ মাজত হোৱা এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰক্তক্ষয়ী যুদ্ধ। ১৬৬৯ চনৰ ৫ আগষ্ট তাৰিখে বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ পছৰীয়া দলৰপথাৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল।

সাহস আৰু দেশভক্তিৰ অনুপম নিদৰ্শন ‘আলাবৈৰ ৰণ’, জানক সবিশেষ
আজি আলাবৈৰ ৰণ স্মৃতি দিৱস
barasha-misra
Barasha Misra | Published: 05 Aug 2024 18:13 PM

আজি আলাবৈৰ ৰণ স্মৃতি দিৱস। ‘আলাবৈৰ ৰণ’ ১৬৬৯ চনৰ ৫ আগষ্ট অৰ্থাৎ আজিৰ দিনটোত সংঘটিত হৈছিল। সাহস আৰু আত্মবলিদানৰ এক অনুপম নিদৰ্শন হৈছে ‘আলাবৈৰ ৰণ’। অসমীয়া বুৰঞ্জীৰ মত অনুসৰি এই যুদ্ধৰ সময়কাল ১৫৯১ শকৰ ১৭ শাওণ। আলাবৈৰ ৰণ হৈছে আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত ১৬৬৭ চনৰ পৰা আৰম্ভ হোৱা তৃতীয়লানি যুদ্ধৰ এক ঐতিহাসিক অংশ। আলাবৈ ৰণৰ কিছুদিনৰ পিছতেই সংঘটিত হোৱা বিখ্যাত শৰাইঘাটৰ যুদ্ধই (১৬৭১ চন) যদিও এই ৰণৰ ঐতিহাসিক মাত্ৰাক কিছু পৰিমাণে ম্লান পেলালে তথাপিও এই ৰণে সদায়ে অসমৰ ইতিহাসৰ পাতত বিখ্যাত ট্ৰাফেলগাৰ যুদ্ধৰ( the Battle of Trafalgar) দৰেই অসমীয়া সেনাৰ সাহস আৰু বলিদানৰ কথা সোঁৱৰাই থাকিব। আলাবৈৰ ৰণক সাধাৰণতে অসমৰ ইতিহাসৰ এক ক’লা অধ্যায় বুলি গণ্য কৰা হয়। এই যুদ্ধতেই আহোম সেনাই বৰ দুবিধাজনক পৰিস্থিতিৰ পৰা যুঁজ দিব লগা হৈছিল। সেনাপতি লাচিত বৰফুকনৰ বিৰোধিতাৰ পিছতো, স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কঠোৰ আদেশ অমান্য কৰিব নোৱাৰি যুদ্ধত অৱতীৰ্ণ হৈ একেদিনাই ১০,০০০ অসমীয়া সেনাই মৃত্যুবৰণ কৰিব লগা হৈছিল বুলি আহোম বুৰঞ্জীত উল্লেখ আছে। আলাবৈৰ ৰণৰ পৰিণামে সেইসময়ৰ আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহক ইমান ব্যথিত কৰি তুলিছিল যে পৰাজয়ৰ মানসিক পীড়া সহ্য কৰিব নোৱাৰি ১৬৭০ চনত, যুদ্ধৰ কেইমাহমানৰ পাছতেই তেওঁ ইহলীলা সম্বৰণ কৰিছিল।

ভাৰতবৰ্ষৰ উত্তৰ-পূৱ অংশত অৱস্থিত অসম ৰাজ্যক প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ(the city of eastern astrology) আৰু প্ৰাক মধ্যযুগত কামৰূপ নামেৰে প্ৰসিদ্ধ আছিল। আহোম সকলৰ অসম আগমনৰ পিছৰে পৰা(১২২৮ খ্ৰীষ্টাব্দ) বিভিন্ন কাৰণত অসম নামটো জনমানসত প্ৰচলিত হ’বলৈ ধৰিলে। ১৩ শতিকাৰ আৰম্ভণিৰে পৰা অসমলৈ বিদেশী আক্ৰমণকাৰীৰ জোৱাৰ আৰম্ভ হয়। ১২০৬ খ্ৰীষ্টাব্দত প্ৰথমবাৰৰ বাবে ইবন বখতিয়াৰ খিলজিয়ে (Ibn Bakhtiyar Khilji) অসম আক্ৰমণ কৰাৰ পিছৰে পৰা ১৬০০ চনলৈ প্ৰায় ১২ ৰো অধিকবাৰ অসমলৈ মুছলিম আক্ৰমণ কাৰীৰ আগমন ঘটে। এই সময়ছোৱাত বিশেষকৈ বংগৰ চুলতানৰ সকল অথবা দিল্লীৰ চুলতানী শাসক সকলৰ আক্ৰমণেই প্ৰধান। ১৭ শতিকাৰ আৰম্ভণিৰ লগে লগে বংগৰ ওপৰত মোগল সাম্ৰাজ্যৰ প্ৰত্যক্ষ শাসন আৰম্ভ হয়। এই প্ৰত্যক্ষ শাসনে মোগলসকলক অসমৰ সীমাৰেখাৰ বৰকৈ ওচৰ চপাই দিয়ে। আনহাতে ১৭ শতিকালৈ অসমৰ অধিকাংশ অঞ্চল আহোম সাম্ৰাজ্যৰ অধীনলৈ আহে। সেইদৰে আহোম আৰু মোগল সাম্ৰাজ্যৰ সংঘাত অৱশ্যম্ভাৱী হৈ পৰে।

১৬১৫ চনৰ পৰা ১৬৩৯ চনলৈ আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত প্ৰথমলানি সংঘাত সংঘটিত হয়। এই সময়ছোৱাত আহোম সাম্ৰাজ্যৰ শাসনভাৰৰ দায়িত্বত আছিল স্বৰ্গদেউ প্ৰতাপ সিংহই(Swargadeo Pratap Singha, 1603-1641)। আনহাতে, মোগল সম্ৰাটদ্বয় জাহাংগীৰ( Jahangir, 1605-1627) আৰু চাহজাহানে(Shahjahan, 1627-58) এই সময়ছোৱাত মোগল শাসনৰ বাঘজৰী সম্ভালিছিল। ১৬৩৯ চনৰ ফেব্ৰুৱাৰী মাহত সম্পাদন হোৱা অসুৰৰ আলি চুক্তিয়ে (The Treaty of Asur Ali,1639) দুয়ো শক্তিৰ মাজৰ প্ৰথমলানি সংঘাতৰ অন্ত পেলাই। এই চুক্তি অনুসৰি অসম আৰু মোগল সাম্ৰাজ্যৰ মাজৰ সীমা হিচাপে উত্তৰপাৰে বৰনদী আৰু দক্ষিণপাৰে অসুৰৰ আলি বিবেচিত হয়। অসুৰৰ আলি চুক্তি ভঙ্গ হোৱাৰ গইনা লৈ ১৬৬১ খ্ৰীষ্টাব্দত দ্বিতীয়বাৰৰ বাবে মোগল সম্ৰাট ঔৰাংজেৱে(Aurangzeb, 1658-1707) বিখ্যাত সেনানায়ক মিৰজুমলাক অসম আক্ৰমণৰ আদেশ দিয়ে। মিৰজুমলাৰ দক্ষতা আৰু আহোম সাম্ৰাজ্যৰ গৃহকন্দলৰ ফলস্বৰূপে মোগল সেনাবাহিনীয়ে ১৬৬৩ চনৰ ভিতৰত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও দখল কৰে। ১৬৬৩ চনৰ জানুৱাৰী মাহত আহোম আৰু মোগল শক্তিৰ মাজত এখন নতুন চুক্তিৰ সম্পাদন হয়। ঘিলাজাৰিঘাটৰ সন্ধি (The Treaty of Ghilajharighat, 1663) নামেৰে প্ৰসিদ্ধ এই চুক্তিৰ ফলস্বৰূপে আহোম আৰু মোগল সাম্ৰাজ্যৰ সীমাৰেখা উত্তৰপাৰে ভৰলী আৰু দক্ষিণপাৰে কলং নদী হিচাপে চিহ্নিত হয়।

ঘিলাজাৰী ঘাটৰ সন্ধিৰ সমাপনৰ পাছতেই মিৰজুমলাৰ সেনাবাহিনীয়ে আহোম ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ দগা যুদ্ধ(গেৰিলা যুদ্ধ) আৰু প্ৰবল বানপানীৰ প্ৰকোপত তিষ্ঠিব নোৱাৰি কেৱল নামমাত্ৰ সেনা হাতত লৈ বংগলৈ ভটিয়াই যাবলৈ বাধ্য হ’ল

স্বৰ্গদেউৰ কঠোৰ নিৰ্দেশৰ পিছতো সেনাপতি লাচিত বৰফুকনে মোগল সেনাক আক্ৰমণ কৰিবলৈ অমান্তি হ’ল। তাৰ মূল কাৰণ আছিল মোগল সেনাবাহিনীৰ সুবিধাজনক অৱস্থিতি। মোগল সেনাবাহিনীয়ে আলাবৈ পাহাৰৰ উচাঞ্চলত অৱস্থান গ্ৰহণ কৰিছিল। এই অৱস্থান আছিল অতি কৌশলী; কিয়নো ভৈয়ামৰ দিশৰ পৰা হ’ব পৰা যিকোনো আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ উচ্চাঞ্চলৰ সেনাবাহিনীৰ বাবে অতি সহজ আছিল। মোগল বাহিনীৰ সন্মুখত আছিল বিশাল সমতল, তাৰে এটা দিশত আছিল চেঁচা নদী আৰু আন দিশত ব্ৰহ্মপুত্ৰ। আলাবৈ যুদ্ধৰ প্ৰাক ক্ষণত আহোম সেনাপতি লাচিত বৰফুকনে যুদ্ধ কৰিবলৈ অমান্তি হোৱা কথাটো ঐতিহাসিক সূৰ্যকুমাৰ ভূঞাই তেওঁৰ গ্ৰন্থ ‘Lachit Borphukan and His Times’ ত উল্লেখ কৰিছে। অশ্বাৰোহী বাহিনীৰ বিৰুদ্ধে যুদ্ধত অপৈণত অসমীয়া সেনাই অতি সহজে যুদ্ধত পৰাজিত হ’ব বুলি বৰফুকনে পোনতেই অনুমান কৰিছিল বুলি ঐতিহাসিক জনে উল্লেখ কৰিছে। সেনাপতি লাচিত বৰফুকনৰ অসন্মন্তি সত্ত্বেও স্বৰ্গদেউৰ কঠোৰ নিৰ্দেশনা মানিবলৈ তেওঁ বাধ্য হ’ল। ঐতিহাসিক স্বৰ্ণলতা বৰুৱাই লিখিছে, ” Lachit Borphukan wanted to avoid an open encounter with the Rajput Cavalry, but, by king’s order, he had to proceed.”

আলবৈৰ যুদ্ধৰ অন্য এক ঐতিহাসিক নাম হৈছে মদনাৱতী নামৰ এগৰাকী ৰাজপুত মহিলা যোদ্ধা। বুৰঞ্জীত লিখা আছে যে এই গৰাকী মহিলা যোদ্ধাই বিজুলীসঞ্চাৰে তৰোৱাল ঘূৰাই বহুকেইজন অসমীয়া সেনাক মৃত্যুমুখত পেলাবলৈ সক্ষম হৈছিল। শেষত এজন অসমীয়া সেনাৰ গুলীত মদনাৱতীয়ে মৃত্যুৱৰণ কৰে। যুদ্ধৰ প্ৰথমাৱস্থাত আহোম সেনাই সাম্প্ৰতিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। মোগল সেনাপতি মীৰ নৱাবক যুদ্ধত ঘটোৱাই আহোম সেনাৰ আত্মবিশ্বাস দুগুণে বাঢ়িল। কিন্তু ড° সূৰ্যকুমাৰ ভূঞাই লিখাৰ দৰে ‘আহোমৰ এই সাম্প্ৰতিক ৰণ জয়ৰ পিছত মহা বিপৰ্যয় ঘটিল, আৰু আলাবৰ যুদ্ধৰ কথা পৰিতাপ আৰু দুখেৰে মানুহৰ মনত পৰি থাকিব। ‘ অসমীয়া সেনাক কূটনৈতিক যুদ্ধত ঘটোৱাব নোৱাৰি ৰামসিংহই এইবাৰ তেওঁৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ যোদ্ধা কেইজনক ৰণথলীত নমোৱাবৰ বাবে প্ৰস্তুত হ’ল। এই নতুন আক্ৰমণৰ সময়ত মোগল সেনাই যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ কৰিলে। এনে ৰণশৈলীৰ লগত অসমীয়া সেনাৰ একেবাৰে চিনাকি নাছিল। দীঘল বাৰুৰে সজ্জিত অশ্বৰোহী বাহিনীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি অসমীয়া সেনাই চত্ৰভংগ দিলে। ৰাজপুত সৈন্যই ইমান ওচৰৰ পৰা আক্ৰমণ কৰিবলৈ ধৰিলে যে অতি কম সংখ্যক আহোম সৈন্যইহে বন্দুকৰ লিপলিপিটো টানিব পাৰিলে আৰু ধনুত কাঁড় লগাব পাৰিলে। বৰফুকনৰ দহহাজাৰ সৈন্য আলাবৈৰ পথাৰত প্ৰাণহানি অৱস্থাত পৰি থাকিবলগীয়া হ’ল।

আলাবৈৰ পিছত

আলাবৈত ঘটা এই বিপৰ্যয়ে লাচিত বৰফুকনক বৰকৈ বিচলিত কৰিলে। তেওঁ বাঁহৰত দুখমনে বহি ক’বলৈ ধৰিলে,” আমাৰ সৈন্য একো একোটা হাতী, মই আজি তেনেকুৱা দহহাজাৰ সৈন্য একেদিনাই হেৰুৱালোঁ।” মহামন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই বৰফুকনক এইবুলি বুজনি দিলে, বোলে “বাৰীৰ ভিতৰত পুখুৰী সিঁচোতে আঠোটা দহটা মানুহক শিঙিয়ে বিন্ধেই।” আনফালে আলাবৈত অসমীয়াৰ বিপৰ্য্যয়ৰ খবৰ পাই স্বৰ্গদেউ চক্ৰধ্বজ সিংহ টান নৰিয়াত পৰিল। এই নৰিয়াই তেওঁক ১৬৭০ চনত ইহসংসাৰ ত্যাগ কৰালে।

থলত থকা বিষয়াৰ পৰামৰ্শ নামানি ওপৰৰ পৰা আদেশ জাৰি কৰাৰ কু-পৰিণামৰ দৃষ্টান্ত এই আলাবৈ যুদ্ধতে পোৱা যায়। কিন্তু এই কথা স্বীকাৰ কৰিবই লাগিব যে আলাবৈৰ বিপৰ্য্যয়ে আহোমৰ বিশেষ ক্ষতি নহ’ল। ১৬৭১ খ্ৰীষ্টাব্দত আহোম সেনাই, লাচিত বৰফুকনৰ নেতৃত্বত, এখন নিৰ্ণায়ক যুদ্ধত অৱতীৰ্ণ হ’ল। শৰাইঘাটৰ এই বিখ্যাত যুদ্ধত অসমীয়া সেনাই মোগল সেনাবাহিনীক সম্পূৰ্ণৰূপে পৰাজিত কৰিলে, ৰামসিংহই অসমীয়া সেনাৰ গুণ বখনি নিজ সাম্ৰাজ্যলৈ ঘূৰি গ’ল।( তথ্য সংগ্ৰহ- ৱিকিপিডিয়া)