তেজপুৰ বিশ্ববিদ্যালয়ত অৰাজকতা ! প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ
তেওঁ কয় যে,বিগত কিছুদিন ধৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সংঘটিত হৈ থকা প্ৰশাসনিক অৰাজকতা আৰু আৰ্থিক অনিয়ম সন্দৰ্ভত তথা বিশৃংখল পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে।
সংসদ পালে গৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিষয়টো। ইফালে, তেজপুৰ বিশ্ববিদ্যালয়ৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে সাংসদ তথা প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ কয় যে,বিগত কিছুদিন ধৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সংঘটিত হৈ থকা প্ৰশাসনিক অৰাজকতা আৰু আৰ্থিক অনিয়ম সন্দৰ্ভত তথা বিশৃংখল পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে।
তেওঁ কয়, “ঐতিহাসিক অসম চুক্তিৰ অধীনত স্থাপিত হোৱা এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন ৰাজ্যৰ গুণগত উচ্চ শিক্ষাৰ এক আকাংক্ষাৰ প্ৰতীক হিচাপে গঢ় লৈ উঠিছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়তো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান বিশ্ববিদ্যালয়খন এটা গভীৰ প্ৰতিষ্ঠানগত সংকটৰ সন্মুখীন হৈছে। শৈক্ষিক দিশৰ ইতিবাচক খবৰৰ পৰিৱৰ্তে সম্প্ৰতি বিশ্ববিদ্যালয়খন প্ৰশাসনিক অৰাজকতা, ধৰ্ণা, প্ৰতিবাদ, বিত্তীয় কেলেংকাৰীৰ দৰে নেতিবাচক খবৰৰ বাবেহে চৰ্চিত হৈছে।”

গৌৰৱ গগৈৰ পত্ৰ
প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখাৰ কথা সামাজিক মাধ্যম যোগে অৱগত কৰি তেওঁ কয় যে, শেহতীয়াকৈ সংঘটিত কেইবাটাও ঘটনাই ছাত্র-ছাত্রী, শিক্ষকমণ্ডলী আৰু কৰ্মচাৰীসকলৰ মাজত ব্যাপক অসন্তোষৰ সৃষ্টি কৰিছে। বৰ্তমানৰ উপাচাৰ্য্য গৰাকীৰ হঠকাৰী সিদ্ধান্ত, তেওঁৰ অনুপস্থিতি, প্ৰশাসনিক অব্যৱস্থা, জবাবদিহিতাৰ অভাৱ, সমন্বয়হীনতা আৰু অদক্ষ পৰিচালনাই পৰিস্থিতিক অধিক গুৰুতৰ কৰি তুলিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী তথা অসমৰ সচেতন নাগৰিক সমাজ বিশ্ববিদ্যালয়খনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ গভীৰভাবে চিন্তিত। সম্প্ৰতি বিশ্ববিদ্যালয়ৰ শৈক্ষিক প্ৰদৰ্শনৰ মানো যথেষ্ট অৱনমিত হৈছে।
বিশ্ববিদ্যালয়খনৰ শৈক্ষিক মানদণ্ড, শৈক্ষিক পৰিৱেশ আৰু প্ৰতিষ্ঠানগত সততা পুনৰুদ্ধাৰৰ উদ্দেশ্যে অনতিপলমে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে, আশা কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে বিষয়টো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি বিবেচনা কৰিব আৰু তেজপুৰ বিশ্ববিদ্যালয়ে সন্মুখীন হোৱা এই সংকটসমূহৰ সমাধানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।
উল্লেখ্য যে, অসমৰ প্ৰখ্যাত সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে উপাচাৰ্যৰ মন্তব্য আৰু বিশ্ববিদ্যালয় প্ৰশাসনে শ্ৰদ্ধাঞ্জলি জনাবলৈ অস্বীকাৰ কৰাত ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হয়।