5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মহানগৰীৰ ল’জত দুই যুৱকৰ কামনাৰ বলি দশম শ্ৰেণীৰ ছাত্ৰী

ল'জৰ বন্ধ কোঠাত দশম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন। কিশোৰীগৰাকীক পাৰ্টী কৰাৰ চলেৰে নিছিল ল'জলৈ । লাষ্টগেটৰ দুই যুৱকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ভুক্তভোগীৰ। মীনাক্ষী ল'জত সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড।

মহানগৰীৰ ল’জত দুই যুৱকৰ কামনাৰ বলি দশম শ্ৰেণীৰ ছাত্ৰী
মহানগৰীৰ ল’জত দুই যুৱকৰ কামনাৰ বলি দশম শ্ৰেণীৰ ছাত্ৰী
trishna-kalita
Trishna Kalita | Updated On: 27 Sep 2024 20:13 PM

এইবাৰ গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। দিছপুৰৰ লাষ্টগেটৰ এটা ল’জত সংঘটিত হ’ল এক দলবদ্ধ ধৰ্ষণৰ ঘটনা। ল’জৰ বন্ধ কোঠাত দশম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন। কিশোৰীগৰাকীক পাৰ্টী কৰাৰ চলেৰে নিছিল ল’জলৈ । লাষ্টগেটৰ দুই যুৱকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ভুক্তভোগীৰ। মীনাক্ষী ল’জত সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড। ডাউন-টাউনৰ অতি ব্যস্ত ল’জ হিচাপে পৰিচিত মীনাক্ষী ল’জ। প্ৰতিদিনে বহুলোকৰ সমাগম ঘটে এই ল’জটোলৈ। বিভিন্ন কামত বাহিৰৰ পৰা গুৱাহাটীলৈ অহা লোকসকলৰ বাবে অতি চিনাকি মীনাক্ষী ল’জ।

এই ল’জটোতে বৃহস্পতিবাৰে নিশা ঘটি গ’ল এটা ভয়ংকৰ ঘটনা। মিনাক্ষী ল’জৰ এটা কোঠাতে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰিলে দুটা পাষণ্ডই। অভিযুক্ত প্ৰিন্স কুমাৰ ৰায় আৰু গুলাম হাছান ৰাজাক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ। নিচাযুক্ত দ্ৰব্য খুৱাই ছাত্ৰীগৰাকীক নিৰ্যাতন চলোৱা অভিযোগ। পৰিচয় পত্ৰ নোলোৱাকৈয়ে ভাড়ালৈ দিয়াৰ অভিযোগ ল’জ কৰ্তৃপক্ষৰ বিৰুদ্ধে। ল’জটো নীতি-বহিৰ্ভূতভাৱে পৰিচালনা কৰাৰো অভিযোগ।

ঘটনা অনুসৰি, পাৰ্টী কৰাৰ চলেৰে অভিযুক্ত প্ৰিন্স কুমাৰ ৰায় আৰু গুলাম হাছান ৰাজা নামৰ দুজন যুৱকে ল’জটোলৈ আনিছিল দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক। ল’জটোৰ এটা কোঠা পূৰ্বতে বুকিং কৰিছিল দুই অভিযুক্তই। সকলো আছিল পূৰ্বপৰিকল্পিত । পৰিকল্পনা অনুসৰি বৃহস্পতিবাৰে নিশা দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক লৈ আনিলে ল’জটোলৈ। পাৰ্টীৰ বাবে ল’জলৈ অহা ছাত্ৰীগৰাকীয়ে হয়তো ভাবিব পৰা নাছিল তেঁওৰ সৈতে কিছু মুহূৰ্তৰ পাছতে এটা ভয়ংকৰ অঘটন ঘটি যাব। পাৰ্টী চলি থকাৰ মাজতে ছাত্ৰীগৰাকীৰ খোৱা খাদ্যত মনে মনে নিচাজাতীয় দ্ৰৱ্য মিহলাই দিছিল দুই পাষণ্ডই। নিচাজাতীয় দ্ৰৱ্য মিহলাই দিয়া খাদ্য খোৱাৰ পিছতে অচেতন হৈ পৰে ছাত্ৰীগৰাকী। তাৰ পিছতে দুই লম্পটে দলবদ্ধ ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক।

পাছত ছাত্ৰীগৰাকীক এই কথা কাকো নক’বলৈ ভাবুকি প্ৰদান কৰে দুই লম্পটে। কিন্তু ভুক্তভোগী ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা দিছপুৰ আৰক্ষীক অৱগত কৰাৰ পিছত দুই লম্পট প্ৰিন্স কুমাৰ ৰায় আৰু গুলাম হাছান ৰাজাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। আনহাতে, ছাত্ৰীগৰাকীৰ ভাষ্য গ্ৰহণ কৰি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ছাত্ৰীগৰাকীক।

এই সমগ্ৰ ঘটনাৰ পিছতে বিতৰ্কত সোমাই পৰিছে ডাউন টাউনৰ মিনাক্ষী ল’জ। কাৰণ কোনো ধৰণৰ পৰিচয় নোলোৱাকৈয়ে দুজন যুৱক আৰু ছাত্ৰীগৰাকীক থাকিবলৈ কোঠাতে দিছিল মিনাক্ষী ল’জ কৰ্তৃপক্ষই। পৰিচয় পত্ৰ নোলোৱাকৈয়ে ল’জৰ কোঠা ভাড়ালৈ দিয়াৰ অভিযোগ ল’জৰ বিৰুদ্ধে। ২ যুৱকৰ সৈতে ১৭ বছৰীয়া এগৰাকী ছাত্ৰীক একেলগে থাকিবলৈ কেনেকৈ অনুমতি দিলে ল’জে? সেয়াও এক ডাঙৰ প্ৰশ্ন। এতিয়া নীতি-বৰ্হিভূৰ্তভাৱে ল’জটো পৰিচালনা কৰি অহা কৰ্তৃপক্ষৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ’ব লক্ষণীয়।

Latest News