হোজাইত চাঞ্চল্যকৰ ঘটনাঃ তদন্তৰ বাবে যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ উত্তেজিত লোকৰ
এই ঘটনাত এগৰাকী সাংবাদিকৰ লগতে কেইবাজনো আৰক্ষী বিষয়া তথা জোৱান আহত হোৱা বুলি তেওঁ জানিবলৈ দিছে। উত্তেজিত লোকৰ আক্ৰমণত আৰক্ষীৰ ৬ খন বাহন আৰু আৰু মটৰ চাইকেল ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

হোজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দীঘলবালি অঞ্চলত আজি বিৰাজ কৰিছে এক উত্তপ্তময় পৰিস্থিতিয়ে। একাংশ উত্তেজিত লোকে আক্ৰমণ চলাইছে আৰক্ষীৰ বাহনক। এই ঘটনাত কেইবাজনো আৰক্ষীসহ সাংবাদিক আহত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে কোনো এক ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ দল দীঘলবালিত উপস্থিত হোৱাৰ সময়তে এনে পৰিস্থিতিৰ উদ্ভৱ হয়।
প্ৰকাশিত খবৰ অনুসৰি তদন্তৰ বাবে যোৱা আৰক্ষীৰ দলটোৰ সৈতে স্থানীয় একাংশ লোক প্ৰথমে তৰ্কত লিপ্ত হয়। ইয়াৰ পিছতে পৰিস্থিতি অধিক বেয়াৰ ফাললৈ ঢাল খায় আৰু পৰৱৰ্তী সময়ত উত্তেজিত লোকসকলে আৰক্ষীৰ গাড়ী ভাঙি দিয়াৰ লগতে আৰক্ষীক আক্ৰমণো কৰে।
এই ঘটনাৰ সময়ত বাতৰি সংগ্ৰহৰ বাবে যোৱা এগৰাকী সাংবাদিকৰ দুচকীয়া বাহনো দুস্কৃতিকাৰীয়ে ভাঙি পেলোৱা বুলি খবৰ পোহৰলৈ আহিছে। পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলৈ বাধ্য হয়। ইফালে ঘটনাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনীৰ দল তাৎক্ষণিকভাৱে ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়।
জিলাখনৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাও তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয়। এই ঘটনাত এগৰাকী সাংবাদিকৰ লগতে কেইবাজনো আৰক্ষী বিষয়া তথা জোৱান আহত হোৱা বুলি তেওঁ জানিবলৈ দিছে। উত্তেজিত লোকৰ আক্ৰমণত আৰক্ষীৰ ৬ খন বাহন আৰু আৰু মটৰ চাইকেল ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
অৱশ্যে অধিক সংখ্যক নিৰাপত্তা বাহিনীৰ লোকক মোতায়েন কৰাৰ পিছত পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তথাপি এই ঘটনাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত এতিয়াও এক চেঁপা উত্তেজনাই বিৰাজ কৰিছে।