ডিমা হাছাওত হিট এণ্ড ৰান কাণ্ড, প্ৰাণ হেৰুৱালে যুৱকে; ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ উত্তেজিত স্থানীয় লোকৰ
যুৱকজনক পথত এখন অচিনাক্ত বাহনে খুন্দা মাৰে আৰু ঘটনাৰ লগে লগে মুমূৰ্ষ অৱস্থাতে তেওঁক পথতে এৰি সেই স্থানৰ পৰা পলায়ন কৰে বাহনখনে। এনে ঘটনাত থিতাতে কৰুণভাৱে মৃত্যু ঘটে যুৱকজনৰ। ইফালে এই ঘটনাই স্থানীয় লোকসকলক ক্ষোভিত কৰি তোলে।
এক ভয়ংকৰ হিট এণ্ড ৰান কাণ্ডই জোকাৰিছে ডিমা হাছাও। যোৱা নিশা জিলাখনত সংঘটিত হোৱা এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ডিমা হাছাওৰ মাহুৰ থানাৰ অন্তৰ্গত গদাইন ৰাজী অঞ্চলত সংঘটিত হৈছে এই হিট এণ্ড ৰান ঘটনা। প্ৰকাশিত খবৰ অনুসৰি এই ঘটনাত এজন যুৱকে শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে। নিহত যুৱকজনক ছেইমিনহাও লাংগুম বুলি চিনাক্ত কৰা হৈছে। এখন অচিনাক্ত বাহনৰ খুন্দাত চিৰদিনৰ বাবে চকু মুদে যুৱকজনে।
প্ৰকাশিত খবৰ অনুসৰি নিহত ছেইমিনহাও লাংগুম স্থানীয় মাহুৰ থানাৰ অন্তৰ্গত নুমজাং গাঁৱৰ বাসিন্দা। যুৱকজনক পথত এখন অচিনাক্ত বাহনে খুন্দা মাৰে আৰু ঘটনাৰ লগে লগে মুমূৰ্ষ অৱস্থাতে তেওঁক পথতে এৰি সেই স্থানৰ পৰা পলায়ন কৰে বাহনখনে। এনে ঘটনাত থিতাতে কৰুণভাৱে মৃত্যু ঘটে যুৱকজনৰ।
ইফালে এই ঘটনাই স্থানীয় লোকসকলক ক্ষোভিত কৰি তোলে। উত্তেজিত লোকসকলে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা দুৰ্বৃত্তক কৰায়ত্বৰ দাবীৰে দুৰ্ঘটনাস্থলীত সমবেত হয় আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। সমবেত লোকসকলে ঘাইপথৰ মাজভাগত টায়াৰ জ্বলাই কেইবা ঘণ্টা ধৰি ঘাইপথ অৱৰোধ কৰি ৰাখে।
এনে পৰিস্থিতিত ঘাইপথটোত যান-বাহনৰ চলাচলত ব্যাঘাত জন্মে আৰু দীঘলীয়া যান-জঁটৰ সৃষ্টি হয়। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাৰ পিছত স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়া ঘটনাস্থলীত উপস্থিত হয়। উত্তেজিত লোকসকলক শান্ত কৰাৰ লগতে পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে, তাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়।
আৰক্ষীয়ে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি উত্তেজিত লোকসকলক ক্ষান্ত কৰে। লগতে তদন্ত অব্যাহত থকাৰ সময়ত স্থানীয় লোকসকলক শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনাইছে প্ৰশাসনে। সম্প্ৰতি হিট এণ্ড ৰানৰ এই ঘটনাত জড়িত বাহনখন চিনাক্ত তথা দোষীক কৰায়ত্বৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।