5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মহানগৰীৰ বেলতলাত অঘটন! বিচৰা ধন নিদিয়াৰ বাবে নলাত জাঁপ দিলে কিশোৰে

প্ৰাপ্ত তথ্য অনুসৰি পুৱা প্ৰায় ৫ বজাত কিশোৰজনে কিছু সামগ্ৰী ক্ৰয় কৰাৰ বাবে মাতৃৰ পৰা ধন বিচাৰে। কিন্তু সেই ধন দিবলৈ অমান্তি হয় মাতৃ। তাৰ পাছত জ্যেষ্ঠ ভগ্নীৰ মোবাইল লৈ ঘৰৰ পৰা ওলাই আহিছিল কিশোৰজন। ঘৰৰ পৰা ওলাই আহি অজন্তা পথৰ উন্মুক্ত নলাক কাষত কিছু সময় থিয় হৈ থাকে।

মহানগৰীৰ বেলতলাত অঘটন! বিচৰা ধন নিদিয়াৰ বাবে নলাত জাঁপ দিলে কিশোৰে
গুৱাহাটীৰ নলাত জাঁপ দিলে কিশোৰে
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 31 Aug 2024 11:22 AM

মহানগৰীৰ বেলতলাত পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ছাৰ্ভেৰ অজন্তা পথৰ নলাত জাঁপ দিলে এটি কিশোৰে। মাতৃয়ে ১০০০ টকা নিদিয়াৰ বাবেই নলাত জাঁপ দিলে কিশোৰজনে। কিশোৰটিৰ সন্ধানত চলিছে আৰক্ষী আৰু স্থানীয় লোকৰ অভিযান। কিশোৰটি নিচাসক্ত অৱস্থাত থকাৰ সন্দেহ স্থানীয় লোকৰ। নিচাযুক্ত দ্ৰব্য ক্ৰয় কৰিবলৈ ধন নিদিয়াৰ বাবেই  কিশোৰগৰাকীয়ে এই কাম কৰাৰ সন্দেহ। ইতিমধ্যে মোবাইলৰ জৰিয়তেই মাকলৈ ফোন কৰি নলাৰ পৰা উঠি অহা বুলি জনাইছে কিশোৰজনে।

প্ৰাপ্ত তথ্য অনুসৰি পুৱা প্ৰায় ৫ বজাত কিশোৰজনে কিছু সামগ্ৰী ক্ৰয় কৰাৰ বাবে মাতৃৰ পৰা ধন বিচাৰে। কিন্তু সেই ধন দিবলৈ অমান্তি হয় মাতৃ। তাৰ পাছত জ্যেষ্ঠ ভগ্নীৰ মোবাইল লৈ ঘৰৰ পৰা ওলাই আহিছিল কিশোৰজন। ঘৰৰ পৰা ওলাই আহি অজন্তা পথৰ উন্মুক্ত নলাক কাষত কিছু সময় থিয় হৈ থাকে। কিছু সময় তেনেদৰে থকাৰ পাছত নলাত জাঁপ দিয়ে কিশোৰজনে। এই ঘটনা প্ৰত্যক্ষ কৰে তাত উপস্থিত থকা এজন লোকে।

ঘটনাৰ পাছত সৃষ্টি হয় এক হুলস্থূৰ পৰিৱেশ। কিশোৰজনৰ পিতৃ-মাতৃ উপস্থিত হয় ঘটনাস্থলীত। তাৰ পাছত পুত্ৰই লগত লৈ যোৱা জ্যেষ্ঠ কন্যাৰ মোবাইললৈ ফোন কৰিলে পিতৃ-মাতৃয়ে। ফোন ৰিং হোৱাৰ পাছত ৰিচিভ কৰি কথা পাতিলে কিশোৰজনে। কিশোৰজনে ফোনক ক’লে ১০০০টকা দিলে জ্যেষ্ঠ ভগ্নীৰ মোবাইলটো উভতাই দিব। ফোনত কিশোৰজনক নলাৰ পৰা ওপৰলৈ উঠি আহিবলৈ সকলোৱে আহ্বান জনাইছিল। ১০০০ টকা দিবৰ বাবেই মান্তি হৈছিল পিতৃ-মাতৃ।

কিন্তু তাৰ কিছু সময় পাছতে অফ হৈ যায় মোবাইল ফোনটো। তাৰ পাছতে চিন্তিত হৈ পৰে পিতৃ-মাতৃ। কিশোৰজন নলাৰ ভিতৰত সোমাই যোৱাৰ সন্দেহ কৰে পিতৃ-মাতৃয়ে। তাৰ পাছত খবৰ দিয়া হয় আৰক্ষীক। খবৰ পোৱাৰ কিছুসময় পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু SDRFৰ লোক।এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাই থকাৰ মাজতে কিশোৰটোৱে যিটো মোবাইল লৈ নলাত জাঁপ দিছিল সেই মোবাইলৰ জৰিয়তেই মাকলৈ ফোন কৰি নলাৰ পৰা উঠি অহা বুলি জনাইছে। ইয়াৰ পিছতে উদ্ধাৰকাৰীয়ে নলাৰ শ্লেব আঁতৰাই চলাই থকা উদ্ধাৰ অভিযান সামৰণি মাৰিছে। সমান্তৰালকৈ আৰক্ষীক বিপথে পৰিচালিত কৰাৰ বাবে কিশোৰটোৰ মাতৃক থানালৈ লৈ গৈছে বুলি জানিব পৰা গৈছে।

কিশোৰজনৰ পিতৃ পেচাত এগৰাকী ই-ৰিক্সা চালক। স্থানীয় লোকৰ মতে প্ৰায়ে সংঘটিত হয় এনে ঘটনা। কিশোৰজন প্ৰায়ে নিচাসক্ত অৱস্থাত থকা বুলি মন্তব্য প্ৰকাশ কৰে স্থানীয় লোকে। প্ৰায়ে টকা বিচাৰি পিতৃ-মাতৃক হাৰাশাস্তি কৰে কিশোৰজনে। শুকুৰবাৰেও কিশোৰজনে মাতৃৰ পৰা ধন বিচাৰিছিল ১০০০টকা। যি ধন ধন দিবলৈ অমান্তি হোৱাৰ বাবেই কিশোৰজনে সংঘটিত কৰিলে এনে ভয়ংকৰ কাণ্ড। যাৰ ফলত পুৱাৰে পৰা এক হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে অঞ্চলটোত।

Latest News