শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যৰ আটাইতকৈ বৰ্ষীয়ান অৱসৰপ্ৰাপ্ত শিক্ষক ৰজত চন্দ্ৰ গোস্বামীক সম্বৰ্ধনা ৰাজ্যপালৰ…

শিক্ষক দিৱসৰ উপলক্ষে যোৰহাটস্থিত বাসগৃহত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক ৯৪ বছৰীয়া ৰজত চন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰে ৰাজ্যপালগৰাকীয়ে। এক বিবৃতিত কোৱা হৈছে যে, ৯৪ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক ‘অসমৰ ৰাজ্যপাল বৰিষ্ঠ শিক্ষক সন্মান’ নামৰ এক পদক্ষেপৰ অধীনত সন্মানিত কৰা হয়।

ৰাজ্যৰ আটাইতকৈ বৰ্ষীয়ান অৱসৰপ্ৰাপ্ত শিক্ষক ৰজত চন্দ্ৰ গোস্বামীক সম্বৰ্ধনা ৰাজ্যপালৰ…
ৰজত চন্দ্ৰ গোস্বামীক সম্বৰ্ধনাImage Credit source: X Handle
manas-borah
Manas Borah | Published: 05 Sep 2025 23:20 PM

শুকুৰবাৰে ৰাজ্যৰ আটাইতকৈ বৰ্ষীয়ান অৱসৰপ্ৰাপ্ত শিক্ষক ৰজত চন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জনাই অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। শিক্ষক দিৱসৰ উপলক্ষে যোৰহাটস্থিত বাসগৃহত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক ৯৪ বছৰীয়া ৰজত চন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰে ৰাজ্যপালগৰাকীয়ে।

এক বিবৃতিত কোৱা হৈছে যে, ৯৪ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক ‘অসমৰ ৰাজ্যপাল বৰিষ্ঠ শিক্ষক সন্মান’ নামৰ এক পদক্ষেপৰ অধীনত সন্মানিত কৰা হয়। উল্লেখ্য যে, এই পদক্ষেপৰ অধীনত জিলা উপায়ুক্তসকলক নিজ নিজ জিলাৰ আটাইতকৈ বয়সীয়াল জীৱিত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক সম্বৰ্ধনা জনোৱাৰ বাবে কোৱা হয়।

এই উপলক্ষে ভাষণ দি আচাৰ্যই জিলাখনৰ লগতে ৰাজ্যখনৰ শৈক্ষিক পৰিৱেশলৈ গোস্বামীৰ অৱদানৰ প্ৰশংসা কৰে। শিক্ষকৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে, শিক্ষকসকলৰ নিষ্ঠা আৰু দায়বদ্ধতাই জাতিটোক নিজৰ চহকী বৌদ্ধিক ঐতিহ্য সংৰক্ষণ আৰু আগুৱাই নিয়াৰ লগতে উন্নয়নৰ সাক্ষী হ’বলৈ সক্ষম কৰিছে।

শিক্ষক-শিক্ষয়িত্রীক সন্মান প্রদর্শন কৰাটো দেশৰ ঐতিহ্য আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হৈ আহিছে বুলিও তেওঁ কয়৷ পিছত ৰাজ্যপালগৰাকীয়ে কাকজানস্থিত আলি চুবুৰী মডেল অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সৈতে মত বিনিময় কৰে।

স্বচ্ছ আৰু সেউজ পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ অংগনবাড়ী কেন্দ্ৰৰ অংশীদাৰসকলক চৌহদত যিমান পাৰি সিমান গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়। তেওঁৰ ‘গাওঁ মে ৰাজ্যপাল’ পদক্ষেপৰ অংশ হিচাপে আচাৰ্যই হোলোঙাপাৰৰ অমৃত সৰোবৰ পৰিদৰ্শন কৰে। ভ্ৰমণৰ সময়ত তেওঁ আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি চৰকাৰী কাৰ্যসূচী আৰু আঁচনিৰ সুবিধা ল’বলৈ আহ্বান জনায়।