Morning News: ১ মিনিটতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
আজি ১৯ জুলাই শনিবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

১ মিনিটতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- বিধানসভা নিৰ্বাচনত টিকট কটা যাব কেইবাজনো বিজেপি বিধায়কৰ। যিয়ে ভাল কাম কৰিছে তেওঁৰ বিপদ নাই, কিন্তু যিয়ে গাফিলতি কৰিব তেওঁক আঁতৰাব। ৰাইজৰ লগত থাকি কাম কৰা বিধায়কৰ টিকট পোৱাত সুবিধা হ’ব। সাংসদ-বিধায়কৰ মুখ্যমন্ত্ৰীৰে বৈঠকৰ পিছতে ঘোষণা ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ।
- পাইকানৰ পিছত এইবাৰ উজনি অসমতো বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ। মুখ্যমন্ত্ৰী কঠোৰ স্থিতিৰ পিছত উচ্ছেদৰ বাবে সাজু আৰক্ষী-বন বিভাগ।
- বাংলাভাষী মুছলমান সন্দৰ্ভত মমতা বেনাৰ্জীক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মমতা বেনাৰ্জীয়ে কেৱল বাংলাভাষী মুছলমানকহে ভালপায়। ডঃ শৰ্মাই সকীয়াই দিয়ে যে যদিহে বাংলাদেশী মুছলমানৰ বাবে তেওঁ অসমলৈ আহে, তেন্তে অসমীয়া আৰু হিন্দু বঙালীসকলে “তেওঁক ৰেহায় নিদিয়ে”।
- মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (Q1FY26) ব্যাপক লাভ অৰ্জন কৰিছে। কোম্পানীটোৰ নিকা লাভ ৭৮.৩২% বৃদ্ধি পাই ২৬,৯৯৪ কোটি টকা হৈছে।
- ক্ৰনিক ভেনাছ ইনচুফিচিয়েন্সিত আক্ৰান্ত ড’নাল্ড ট্ৰাম্প !হোয়াইট হাউছৰ চিকিৎসক শ্বেন বাৰ্বেলাই কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভৰিৰ গোৰোহা সামান্য ফুলাৰ পিছত তেওঁৰ পৰীক্ষা কৰা হৈছিল। পৰীক্ষাত দেখা গ’ল যে তেওঁ ক্ৰনিক ভেনাছ ইনছুফিচিয়েন্সি (CVI) নামৰ ৰোগত আক্ৰান্ত।
- ভাৰতৰ বাবে আন এক ডাঙৰ সফলতা। এইবাৰ সফলতাৰে উৎক্ষেপণ কৰিলে Agni-P (Agni-1 Prime) ক্ষেপণাস্ত্ৰ। শুক্ৰবাৰে ওড়িশাৰ উপকূলৰ বালাসোৰৰ সমীপৰ ডাঃ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা ভাৰতীয় Strategic Forces Command ৰ অগ্নি প্ৰাইম অভিযান চলায়। এই ক্ষেপণাস্ত্ৰৰ বৈশিষ্ট্য জানিলে শত্ৰু কম্পমান হ’ব।
- মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰে সকীয়াই দিয়ে যে, গান্ধী পৰিয়ালৰ বিৰুদ্ধে আইনী পদক্ষেপৰ বাবে অপেক্ষা কৰিব পাৰে । ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব বুলি এক জনসভাত সদৰী কৰিছিল।
- একত্ৰিত হ’ব নেকি ভাৰত-ৰাছিয়া আৰু চীন? বিগত সময়চোৱাত ভাৰত-চীনৰ সম্পৰ্কত যথেষ্ঠ অৱনতি ঘটিছে। কিন্তু ইয়াৰ মাজতে খবৰ পোহৰলৈ আহিছে যে চীনে ভাৰতৰ সহায় বিচাৰিছে।
- বিগত বৰ্ষত ক্ষমতাৰ পৰা উৎখাত হোৱাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল শ্বেখ হাছিনাই। তাৰ পিছৰ পৰাই দেশৰ বাহিৰত আশ্ৰয় গ্ৰহণ কৰি থকা হাছিনাই এতিয়া গোপালগঞ্জৰ এই পৰিস্থিতিৰ মাজতে সমৰ্থকলৈ দিছে এক বিশেষ বাৰ্তা। ইউনুছ প্ৰশাসনৰ সৈতে চলি থকা সংঘাতৰ মাজতে হাছিনাই তেওঁৰ সমৰ্থকক ইউনুছ চৰকাৰ উৎখাত কৰিবলৈ আহ্বান জনাইছে।