শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam News: চাপৰৰ উচ্ছেদ অভিযানৰ পৰা প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ

চাপৰৰ উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ১০ জুলাইত পুনৰ চলিব উচ্ছেদ। চাপৰত ৯০% ৰাইজ নিজে আঁতৰি গৈছে, বাকী ১০%তহে উচ্ছেদ কৰিব লগীয়া হৈছে। ইফালে অখিল গগৈক আটক সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে অখিল গগৈয়ে অখিল গগৈৰ কাম কৰিব আৰু মই মোৰ কাম কৰি যাম।

barasha-misra
Barasha Misra | Published: 08 Jul 2025 22:36 PM

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

  1. ধুবুৰী জিলাৰ চাপৰত আজি উচ্ছেদ অভিযান চলাই প্ৰশাসনে। এই উচ্ছেদত বাধা প্ৰদানৰ চেষ্টাৰে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হোৱা দেখা যায় একাংশ উচ্ছেদিত। ইফালে উচ্ছেদস্থলীত প্ৰতিবাদ কৰিবলৈ যোৱা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক আটক কৰে আৰক্ষীয়ে। কোকৰাঝাৰ জিলাতো চলে প্ৰশাসনৰ উচ্ছেদ অভিযান।
  2. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অগ্নিকাণ্ড। জি এম চি এইচৰ অৰ্থ’পেডিক বিভাগত জুইৰ সূত্ৰপাত হয় আৰু লগে লগে চাৰিওফাল ক’লা ধোঁৱাই আগুৰি ধৰে। এই ঘটনাৰ পাছতে ৰোগী আৰু অভিভাৱকসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
  3. চাপৰৰ উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ১০ জুলাইত পুনৰ চলিব উচ্ছেদ। চাপৰত ৯০% ৰাইজ নিজে আঁতৰি গৈছে, বাকী ১০%তহে উচ্ছেদ কৰিব লগীয়া হৈছে। ইফালে অখিল গগৈক আটক সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে অখিল গগৈয়ে অখিল গগৈৰ কাম কৰিব আৰু মই মোৰ কাম কৰি যাম।
  4. প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ প্ৰাক্তন কংগ্ৰেছী কমলাক্ষ দে’ পুৰকায়স্থৰ। গৌৰৱ গগৈয়ে ১০ বজাৰ পৰা ৫ বজালৈ অফিচ ৰাজনীতি কৰা বুলি কটাক্ষ কৰে বিধায়ক কমলাক্ষই। তেওঁ লগতে কয় যে শিলচৰত অসুস্থতাৰ দোহাই দি কৰ্মীক লগ কৰা নাছিল গৌৰৱ গগৈয়ে।
  5. পশ্চিমবংগ এগৰাকী ব্যক্তিলৈ এন আৰ চিৰ জাননী অসমৰ চৰকাৰৰ। উত্তম কুমাৰ নামৰ লোকজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বুলি উল্লেখ জাননীখনত। এই বিষয়ত বিজেপি তথা অসম চৰকাৰক তীব্ৰ সমালোচনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।
  6. ব্ৰিকছ সন্মিলন অন্ত পৰাৰ পিছতে ব্ৰাজিলিয়াত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ব্ৰাজিলৰ প্ৰতিৰক্ষা মন্ত্ৰী মণ্টেইৰো ফিলহ’ই তেওঁক উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ উদ্দেশ্যে ব্ৰাজিলৰ পৰম্পৰাগত ছাম্বা ৰেগে আৰু শিৱ তাণ্ডৱ পৰিৱেশন কৰা হয়। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ আমন্ত্ৰমৰ্মে লেটিন আমেৰিকাৰ দেশখনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী।
  7. ৯ জুলাই বৃহস্পতিবাৰে সৰ্বাত্মক ভাৰত বন্ধৰ আহ্বান জনাইছে কেবাটাও সংগঠনে। সমগ্ৰ দেশৰ ২৫ কোটিৰো অধিক কৰ্মচাৰীয়ে চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী আৰু কৰ্পৰেট সমৰ্থক নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ সাজু হৈছে। এই দেশজোৰা ধৰ্মঘট আৰু ভাৰত বন্ধই ডাঙৰ প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে কোটি কোটি টকাৰ লোকচানক লৈ চৰ্চা চলিছে।
  8. ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম প্ৰভাৱশালী খেলুৱৈ দীপ্তি শৰ্মাই লাভ কৰিছে এক অনন্য কৃতিত্ব। টি২০ ক্ৰিকেটত শীৰ্ষ বলাৰৰ তালিকাত অষ্ট্ৰেলিয়াৰ এনাবেলক পিছ পেলাই দ্বিতীয় স্থান দখল দিপ্তী শৰ্মাৰ।
  9. ৰাজধানী দিল্লীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এগৰাকী যুৱতী আৰু এটি ৬ মহীয়া কন্যা শিশুক অতি নিৰ্মমভাৱে হত্যা কৰা হয় মঙলবাৰে। যুৱতীগৰাকীৰ প্ৰেমিকে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ। এই ঘটনাৰ তদন্ত চলি থকা বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াসকলে।