কাইলৈ হাগ্ৰামাৰ শপত গ্ৰহণ, বিপিএফে প্ৰকাশ কৰিলে সময়সূচী…
২০২৫ বৰ্ষৰ বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে। প্ৰৱল প্ৰত্যাহ্বান জনোৱাৰ পাচতো বিপিএফক ৰুধিবলৈ সক্ষম নহ'ল বিজেপি আৰু ইউপিপিএলে। কাইলৈ শপত গ্ৰহণ।

দেওবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰীয়ে। পাঁচ বছৰৰ পিছত শাসনৰ গাদীলৈ উভতি আহিছে হাগ্ৰামা। ২০২৫ বৰ্ষৰ বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে। প্ৰৱল প্ৰত্যাহ্বান জনোৱাৰ পাচতো বিপিএফক ৰুধিবলৈ সক্ষম নহ’ল বিজেপি আৰু ইউপিপিএলে। বিপিএফে ২৮ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে পাঁচখন আৰু ইউপিপিএলে ৭ খন আসনতে সীমাবদ্ধ থাকে।
ইফালে বিপিএফৰ জয়ৰ পাছতেই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে হাগ্ৰামাৰ বিপিএফ ইতিমধ্যেই এনডিএত আছে। গতিকে বিটিআৰত ৪০ খন আসনেই এনডিএৰ দখলত। কিন্তু হাগ্ৰামাই এই দাবী অস্বীকাৰ কৰে। এনডিএত চামিল হোৱাৰ বাবে বিজেপিক এক চৰ্ত বান্ধি দিয়ে হাগ্ৰামাই। সেই চৰ্ত অনুসৰি যদি ইউপিপিএলক বাদ দিয়া হয়, তেতিয়াহে এনডিএৰ অংশ হ’ব বিপিএফ।
দেওবাৰে অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানৰ বাবে এক সূচী প্ৰকাশ কৰিছে বিপিএফে। সেই সূচী অনুসৰি-
পুৱা ৬ বজাত দেশপ্ৰেমমূলক গীত পৰিৱেশন
পুৱা ৮ বজাত বিটিচি বিধানসভা চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন
পুৱা ৮.৩০ বজাত দোতমাৰ থুলুংগাপুৰিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পমাল্যৰে শ্ৰদ্ধা নিবেদন
পুৱা ৯.৪৫ বজাত দেৱৰগাঁওস্থিত বড়োলেণ্ড শ্বহীদৰ সমাধিত শ্বহীদ তৰ্পন
পুৱা ১০ বজাত বিটিচি বিধানসভা ভৱনৰ চৌহদত উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন
পুৱা ১১ বজাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শপতগ্ৰহণ স্থলীত উপস্থিত হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন
পুৱা ১১.০৫ বজাত বিটিচিৰ প্ৰিঞ্চিপাল চেক্ৰেটেৰী শ্ৰী আকাশ দ্বীপৰ আদৰণি ভাষণ
পুৱা ১১.১০ বজাত শপতগ্ৰহণ অনুষ্ঠান, মুখ্যসচিব ৰবি কোটাই পাঠ কৰাব শপতবাক্য
দুপৰীয়া ১২.০৫ বজাত সাংস্কৃতিক অনুষ্ঠান
দুপৰীয়া ১২.১৫ বজাত হাগ্ৰামা মহিলাৰীৰ ভাষণ প্ৰদান
দুপৰীয়া ১২.২৫ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ প্ৰদান
দুপৰীয়া ১২.৩৫ বজাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণ প্ৰদান
দুপৰীয়া ১২.৪৫ বজাত বিটিচিৰ উপ-মুখ্য কাৰ্যবাহীৰ দ্বাৰা ধন্যবাদসূচক ভাষণ
দুপৰীয়া ১২.৫০ বজাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন