৩ দিনৰ CBIৰ জিম্মাত স্বপ্ননীল দাস: আজি হাজিৰ কৰোৱা হৈছিল আদালতত
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে কাৰাৰুদ্ধ হৈ আছে আন কেইবাজনো ট্ৰেডিং কেলেংকাৰীৰে জড়িত অভিযুক্ত। তাৰে ভিতৰত অন্যতম এগৰাকী স্বপ্ননীল দাস। TFAL নামৰ এটা ট্ৰেডিং প্ৰশিক্ষণ প্ৰতিষ্ঠান খুলি প্ৰশিক্ষণ প্ৰদান কৰা স্বপ্ননীলৰ বিৰুদ্ধেও উত্থাপিত হৈছিল কেলেংকাৰীৰ অভিযোগ। এই অভিযোগতে কাৰাগাৰত থকা স্বপ্ননীল দাসক নিজৰ জিম্মাত লৈছে চি বি আইয়ে।
৩ দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে স্বপ্ননীল দাসক। আদালতত হাজিৰ কৰোৱাৰ পাছত স্বপ্ননীলক জিম্মাত ল’লে CBI-এ। স্বপ্ননীলৰ বিৰুদ্ধে দিছপুৰ থানাত ৯৩৪/২৪ নম্বৰত ৰুজু হৈছিল গোচৰ।লাষ্টগেটত TFAL নামেৰে প্ৰতিষ্ঠান খুলি ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল স্বপ্ননীলে। দিছপুৰ থানাত ৰুজু হোৱা গোচৰটোত কেইবাদিনো জিম্মাত লৈ জেৰা চলাইছিল আৰক্ষীয়ে। স্বপ্ননীলৰ পৰা পোৱা তথ্যসমূহ CBIলৈ হস্তান্তৰ কৰিছিল আৰক্ষীয়ে।
ৰাজ্যত সংঘটিত হোৱা ট্ৰেডিং কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত ইতিমধ্যে CBIয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। এই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়াৰ বাবেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছে চুমি বৰা, বিশাল ফুকন আৰু তাৰ্কিক বৰাসহ ৮ অভিযুক্তক।
পূৰ্বৰে পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে কাৰাৰুদ্ধ হৈ আছে আন কেইবাজনো ট্ৰেডিং কেলেংকাৰীৰে জড়িত অভিযুক্ত। তাৰে ভিতৰত অন্যতম এগৰাকী স্বপ্ননীল দাস। TFAL নামৰ এটা ট্ৰেডিং প্ৰশিক্ষণ প্ৰতিষ্ঠান খুলি প্ৰশিক্ষণ প্ৰদান কৰা স্বপ্ননীলৰ বিৰুদ্ধেও উত্থাপিত হৈছিল কেলেংকাৰীৰ অভিযোগ। এই অভিযোগতে কাৰাগাৰত থকা স্বপ্ননীল দাসক নিজৰ জিম্মাত লৈছে চি বি আইয়ে। আদালতত হাজিৰ কৰোৱাই আজি স্বপ্ননীলক ৩ দিনৰ বাবে নিজৰ জিম্মাত লৈছে চি বি আইয়ে। স্বপ্ননীলৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত ৯৩৪/২৪ নম্বৰত ৰুজু হৈছিল এক গোচৰ। এই গোচৰতে নিজৰ জিম্মাত লৈ ইতিমধ্যে আৰক্ষীয়ে জেৰাও কৰিছিল স্বপ্ননীলক। জেৰাত পোৱা সকলো তথ্যও CBIলৈ হস্তান্তৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে ট্রেডিঙৰ নামত প্ৰথমে ধন আত্মসাতত নাম সাঙোৰ খাইছিল স্বপ্ননীলৰ। Black stone নামৰ এটা ট্ৰেডিং Appৰ জৰিয়তে অসমৰ পৰা বহু টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই Black stone নামৰ এপটোৰ লগত স্বপ্ননীল দাস জড়িত থকাৰ অভিযোগ। স্বপ্ননীল দাসৰ প্ৰকৃত ঘৰ শিৱসাগৰত। গুৱাহাটীৰ বেলতলাৰ ফ্লেটৰ পৰা আৰক্ষীয়ে আটক কৰিছিল স্বপ্ননীল দাসক।
ইফালে আজি আদালতত হাজিৰ কৰোৱা হ’ব ট্ৰেডিং কেলেংকাৰীৰ মহানায়ক দীপাংকৰ বৰ্মনক। ট্ৰাঞ্জিত ৰিমাণ্ডত লৈ গোৱাত গ্ৰেপ্তাৰ কৰা দীপংকৰক গুৱাহাটীলৈ আনিছিল আৰক্ষীয়ে। আজি সেই শেষ হ’ব ট্ৰাঞ্জিত ৰিমাণ্ডৰ ম্যাদ। দীপাংকৰৰ বিৰুদ্ধে থকা আটাইকেইটা গোচৰ হস্তান্তৰ কৰা হৈছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থালৈ । প্ৰাপ্ত তথ্য অনুসৰি দীপাংকৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে নতুন গোচৰ । ৩৭৪/২৪ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে মহা প্ৰৱঞ্চক দীপাংকৰৰ বিৰুদ্ধে । এই গোচৰতে দীপাংকৰৰ বিৰুদ্ধে তদন্ত চলাব আৰক্ষীয়ে ।