শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন গাৰ্গক ডি. লিট প্ৰদানৰ পৰা শ্বহীদ দিৱসৰ প্ৰস্তুতিলৈ…দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ পঢ়ক

খানাপাৰাত যোৱা নিশা অনুষ্ঠিত হোৱা পপ ষ্টাৰ প'ষ্ট মেলনৰ কনচাৰ্টক ঐতিহাসিক অনুষ্ঠান আখ্যা মুখ্যমন্ত্ৰীৰ। তেওঁ কয় যে এই অনুষ্ঠানে চহৰখনক বিশ্ব মনোৰঞ্জনৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ...

জুবিন গাৰ্গক ডি. লিট প্ৰদানৰ পৰা শ্বহীদ দিৱসৰ প্ৰস্তুতিলৈ…দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ পঢ়ক
দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ
trishna-kalita
Trishna Kalita | Published: 09 Dec 2025 19:46 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে সন্মানীয় ডি. লিট প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ে। শিল্পীগৰাকীৰ ভগ্নী পাল্মী বৰঠাকুৰে গ্ৰহণ কৰে এই সন্মান। খানাপাৰাত যোৱা নিশা অনুষ্ঠিত হোৱা পপ ষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টক ঐতিহাসিক অনুষ্ঠান আখ্যা মুখ্যমন্ত্ৰীৰ। তেওঁ কয় যে এই অনুষ্ঠানে চহৰখনক বিশ্ব মনোৰঞ্জনৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

১. আজি অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহ। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে সন্মানীয় ডি. লিট প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ে। শিল্পীগৰাকীৰ ভগ্নী পাল্মী বৰঠাকুৰে গ্ৰহণ কৰে এই সন্মান। সকলোৰে সন্মুখত ডি.লিট সন্মান গ্ৰহণ কৰা আবেগিক হৈ পৰে পাল্মী বৰঠাকুৰ।

২. জুবিন গাৰ্গৰ মৃত্যুৰ এছ আই টি তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ভগ্নী পাল্মী বৰঠাকুৰৰ। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ৰাইজে যি জানে তেওঁলোকেও সেয়াই জানে। চাৰ্জশ্বীটখন শক্তিশালী হোৱাৰ আশা কৰি তেওঁ কয় যে পানী নসৰকা চাৰ্জশ্বীট হ’ব লাগে। অসমবাসী আগ্ৰহেৰে ৰৈ আছে, গতিকে দোষীয়ে শাস্তি পাব লাগে বুলি দাবী কৰে পাল্মী বৰঠাকুৰে।

৩. খানাপাৰাত যোৱা নিশা অনুষ্ঠিত হোৱা পপ ষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টক ঐতিহাসিক অনুষ্ঠান আখ্যা মুখ্যমন্ত্ৰীৰ। তেওঁ কয় যে এই অনুষ্ঠানে চহৰখনক বিশ্ব মনোৰঞ্জনৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এটা শ্ব’ চাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক ইয়ালৈ আহিছিল। আমাৰ ৰাজ্যখন এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যটনস্থলী হিচাপে পৰিগণিত হোৱাটো এক গৌৰৱৰ মুহূৰ্ত বুলি কয় মুখ্যমন্ত্ৰীয়ে।

৪. প’ষ্ট মেলনৰ কনচাৰ্ট সন্দৰ্ভত চৰকাৰক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে পূৰ্বে বিশেষ তদন্তকাৰী দল গঠনৰ কথা ঘোষণা কৰিছিল আৰু ৮ ডিচেম্বৰত ন্যায় প্ৰদানৰ আশ্বাস দিছিল। অৱশ্যে বহু প্ৰত্যাশিত তথ্য প্ৰকাশৰ তাৰিখ পিছুৱাই দিয়া হ’ল। ইয়াৰ পৰিৱৰ্তে অসমত আমেৰিকাৰ সংগীত শিল্পী প’ষ্ট মেলনৰ প্ৰদৰ্শনক লৈ সংবাদ মাধ্যমৰ আগত প্ৰশংসা কৰিলে।

৫. কালিলৈ অসমজুৰি পালন কৰা হ’ব শ্বহীদ দিৱস। অসম আন্দোলনৰ শ্বহীদৰ সোঁৱৰণত পালিত এই শ্বহীদ দিৱসত জিলাই জিলাই পৰিৱেশন কৰা হ’ব শ্বহীদ প্ৰণামো তোমাক গীতটি। ইফালে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰকো কালিলৈ উন্মোচন কৰা হ’ব। আজি সেই উপলক্ষে অনুষ্ঠিত কৰা হয় মাংগলিক অনুষ্ঠান।

৬. ইণ্ডিগ’ত চলি থকা সমস্যাৰ অন্ত নৌপৰোতেই এইবাৰ কৰ্তব্যৰ সময় সন্দৰ্ভত বিশেষ দাবী তুলিছে ভাৰতীয় ৰেলৱেৰ লোকো পাইলটসকলে। অল ইণ্ডিয়া লোকো ৰানিং ষ্টাফ এছ’চিয়েশ্যনে ইণ্ডিগ’ৰ সমস্যাই ৰেল বিভাগৰ চকু মেল খুৱাব বুলি আশা প্ৰকাশ কৰে। তেওঁলোকে দাবী কৰে যে লাখ লাখ যাত্ৰীৰ জীৱন বিমান সংস্থাতকৈ লোকো পাইলটৰ সজাগতাৰ ওপৰত অধিক নিৰ্ভৰশীল।

৭. সংসদৰ শীতকালীন অধিৱেশনৰ মাজতে আজি লোকসভাত নিৰ্বাচন সংশোধনৰ সন্দৰ্ভত আলোচনা কৰা হয়। বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে মুখ্য নিৰ্বাচন আয়ুক্তক শাসক দলৰ ইচ্ছানুসৰি নিয়োগ কৰা হয়। চৰকাৰৰ সৈতে নিৰ্বাচন আয়োগে হাত মিলাই চলাৰ অভিযোগ ৰাহুলৰ।

৮. ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ পাছত এইবাৰ ভাৰত ভ্ৰমণ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কীয়ে। সকলো ঠিক থাকিলে ২০২৬ চনৰ প্ৰথমভাগত জেলেনস্কীয়ে ভাৰত ভ্ৰমণ কৰিব পাৰে। বৰ্তমান দিল্লীয়ে তাৰিখ নিৰ্ধাৰণৰ কাম কৰি আছে। এতিয়ালৈকে ইয়াৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও পুটিনৰ পাছত জেলেনস্কীৰ ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি।

৯. আজি টি-২০ শৃংখলাৰ প্ৰথমখন মেচত মুখামুখি হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকা। কটকৰ বৰবাতি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মেচখন। ইয়াৰ পূৰ্বে এদিনীয়া শৃংখলাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে ভাৰতে। টি-২০ শৃংখলাত ভাৰতক নেতৃত্ব দিছে সূৰ্যকুমাৰ যাদৱে।