মুছলমান সম্প্ৰদায়ৰ ভাবমূৰ্তি কলংকিত কৰাৰ অভিযোগ: অসম চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ
অসম বিজেপিয়ে AI ভিডিঅ’ পোষ্ট কৰি এটা বিশেষ সম্প্ৰদায়ৰ ভাবমূর্তি কলংকিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই বিষয়ত অসম চৰকাৰ, বিজেপিৰ অসম ইউনিট, এক্সলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

AI প্ৰযুক্তিয়ে দৈনন্দিন কাম-কাজ সৰল কৰি তুলিছে। যাৰ বাবে ইয়াৰ ব্যৱহাৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। একে সময়তে ইয়াৰ অপব্যৱহাৰৰ ফলত গোপনীয়তা উলংঘা আৰু উৰাবাতৰি প্ৰচাৰকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনাও ঘটি থকা দেখা গৈছে। তেনে এটা AI ভিডিঅ’ ব্যৱহাৰ কৰিছিল অসম বিজেপি চৰকাৰে।
অসম বিজেপিয়ে AI ভিডিঅ’ পোষ্ট কৰি মুছলমান সম্প্ৰদায়ৰ ভাবমূর্তি কলংকিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই বিষয়ত অসম চৰকাৰ, বিজেপিৰ অসম ইউনিট, এক্সলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। এই ভিডিঅ’টো আঁতৰাবলৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰ ভিত্তিত মঙলবাৰে আদালতে জাননী জাৰি কৰে।
এআই ভিডিঅ’টোত কি দেখুওৱা হৈছিল?
অসম বিজেপিয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দলৰ নিৰ্বাচনী পৰাজয়ৰ পিছত মুছলমান আধিপত্যক চিত্ৰিত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে। ইয়াৰ উপৰিও অভিযোগ অনুসৰি ভিডিঅ’টোত মুছলমান সম্প্ৰদায়ক নেতিবাচক ৰূপত চিত্ৰিত কৰি মানুহক ভয় খুৱাবলৈ চেষ্টা কৰিছিল। ভিডিঅ’টোত দলটোৱে নিৰ্বাচনত পৰাস্ত হ’লে মুছলমানে ৰাজ্যখন দখল কৰিব বুলি আশংকা প্ৰকাশ কৰা হৈছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে অধিবক্তা নিজাম পাছাৰ যুক্তি শুনাৰ পিছত এই জাননী জাৰি কৰে।
কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে
এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কেইবাটাও মুছলমান সংগঠন আৰু নাগৰিক সমাজৰ সদস্যই আপত্তি কৰে। চৰকাৰে উন্নয়নৰ পৰিৱৰ্তে সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰি ভোট লাভ কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছিল। লগতে মুছলমানৰ ভাবমূৰ্তি কলংকিত কৰাৰো অভিযোগ।
অধিবক্তা নিজাম পাছাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এতিয়া উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছে। এতিয়া বিজেপিৰ এই ভিডিঅ’টো কেতিয়া আঁতৰোৱা হয় আৰু আদালতে অসম বিজেপিক ক্ষমা খুজিবলৈ নিৰ্দেশ দিব নে ৰায়দান কৰিব সেয়া লক্ষণীয় হ’ব।