বাৰিষাৰ পথাৰত কেঁচা মাটিৰ গোন্ধ ল’লে এইসকল শিক্ষাৰ্থীয়ে
কেৱল পুথিগত শিক্ষাতে গুৰুত্ব নিদি এই বিদ্যালয়খনে দিছে ছাত্ৰ-ছাত্ৰীক বাস্তৱ জীৱনৰ সৈতে মোকাবিলা কৰাৰ শিক্ষা।

কেৱল শ্ৰেণীকোঠাৰ শিক্ষাই মানুহক প্ৰকৃত জ্ঞানী কৰিব নোৱাৰে, যদি আমি পৰিৱেশ পৰা শিক্ষা গ্ৰহণ নকৰোঁ। আমাৰ সংস্কৃতি আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক শিকাব লাগিব। কেনেদৰে আমাৰ পিতৃ-মাতৃয়ে কপালৰ ঘাম মাটিত পেলাই অর্থনৈতিক ভেটি মজবুত কৰিছে সেয়া জনাটো দৰকাৰ।
বোকা পানীৰ পৰশ পাই বছৰটোলৈ কঁকালত টঙালি মাৰি পথাৰত ব্যস্ত হৈ পৰে হালোৱা ৰোৱনী। বছৰটোৰ বাবে এই মাহতে দেহে-কেহে পৰিশ্ৰম কৰিব লাগে চহা কৃষকসকলে। কিমান কষ্ট কৰি শস্য উৎপাদন কৰিব লাগে তাৰ অভিজ্ঞতাও ল’বলৈ পথাৰত নামিছে চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰসকল। আজি ছাত্ৰ-ছাত্ৰীসকলে পথাৰত ভূঁই ৰোৱে।
আহাৰৰ পথাৰত বোকা-পানী গচকি আনন্দত আত্মহাৰা হৈ পৰে শিক্ষাৰ্থীসকল। শ্ৰেণী কোঠাৰ পৰিৱৰ্তে প্ৰখৰ ৰ’দত পথাৰত ব্যস্ত হ’বলৈ সুবিধা দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নতুন অভিজ্ঞতা লাভ কৰে। ভুঁই ৰোৱাক লৈ তেওঁলোক যথেষ্ট উৎসাহিত হৈ পৰে।
কেৱল পুথিগত শিক্ষাতে গুৰুত্ব নিদি এই বিদ্যালয়খনে দিছে ছাত্ৰ-ছাত্ৰীক বাস্তৱ জীৱনৰ সৈতে মোকাবিলা কৰাৰ শিক্ষা। এই কাৰ্যক লৈ এজন অভিভাৱকে কয়, তেওঁলোকে এনে দৰে দিয়া ব্যতিক্ৰমী শিক্ষাৰ বাবেই এই বিদ্যালয়ত নিজৰ সন্তানৰ নামভর্তি কৰিছোঁ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে জনাই যে, কেৱল ধান খেতিয়েই নহয়, ছাত্ৰ-ছাত্ৰীসক কেনেকৈ পচন সাৰ, জৈৱীক সাৰ প্ৰস্তুত কৰিব লাগে তাৰো শিক্ষা দিয়া হয় ৷
উল্লেখ যোগ্য যে, বিগত বর্ষত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই ছাত্ৰ-ছাত্ৰীসকলৰ এই কামক উৎসাহিত কৰিছিল ৷