শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Teachers’ day: ‘ৰাজ্যিক কৃতি শিক্ষক বঁটা’ ঘোষণা, তালিকাত আছে কোন, কোন? জানক…

Teachers' Day 2025: প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্য চৰকাৰে একাংশ শিক্ষকক বঁটা আগবঢ়াব। শিক্ষক দিৱসৰ দিনা আয়োজন হ'বলগীয়া অনুষ্ঠানত ৰাজ্যিত কৃতি শিক্ষক বঁটা আগবঢ়োৱা হ'ব।

Teachers’ day: ‘ৰাজ্যিক কৃতি শিক্ষক বঁটা’ ঘোষণা, তালিকাত আছে কোন, কোন? জানক…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
Barasha Sarma
Barasha Sarma | Updated On: 04 Sep 2025 09:11 AM

অহা ৫ ছেপ্টেম্বৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’ব শিক্ষক দিৱসৰ অনুষ্ঠান। ইয়াৰ পূৰ্বে ঘোষণা কৰা হৈছে ৰাজ্যিক পৰ্যায়ৰ কৃতি শিক্ষক বঁটা। এই বঁটাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১৫ গৰাকী শিক্ষকৰ নাম নিৰ্বাচন কৰা হৈছে। ইতিমধ্যে এই ক্ষেত্ৰত চৰকাৰৰ পৰা জাননী জাৰি কৰা হৈছে। এই শিক্ষক-শিক্ষয়িত্ৰী কেইগৰাকীক অহা ৫ ছেপ্টেম্বৰত কেন্দ্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচীত বঁটা প্ৰদান কৰা হ’ব। কোনখন বিদ্যালয়ৰ পৰা কোনগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে এই বঁটা লাভ কৰিলে তলত উল্লেখ কৰা হ’ল-

মাধ্যমিক শিক্ষা

  • নেজি য়ট ৱেনকেন (Ngi yot weingken)- টাইফাকে হাই এমপি স্কুল, ডিব্ৰুগড়
  • লিলাধৰ উপধ্যায়- ৰাষ্ট্ৰভাষা বিদ্যালয়, এইচইএছ, দুলীয়াজান
  • ৰঞ্জিত বিকাশ চেতিয়া- জিপি চৌখানী এইচ এছ স্কুল, তিনিচুকীয়া
  • স্বপনীল গগৈ- মৰান পাব্লিক হাই স্কুল, ডিব্ৰুগড়
  • ভ্ৰিগু প্ৰসাদ শৰ্মা- পানীগাঁও এইচ এছ স্কুল, লখিমপুৰ
  • ৰাজেশ বৰদলৈ- আদৰ্শ ট্ৰাইবেল এইচ এছ স্কুল, যোৰহাট
  • দমবৰুধৰ নেৱাৰ- পিএম শ্ৰী তাৰিওনী বৰবিল এইচ এচ, লখিমপুৰ
  • ছুফিয়ান চিদ্দিকি বৰভূঞা- পিএম শ্ৰী জামিৰা হায়াৰ চেকেণ্ডাৰী স্কুল, হাইলাকান্দি

প্ৰাথমিক শিক্ষা

  • নিজু ৰাভা- পূব জালনী এলপি স্কুল, ডিব্ৰুগড়
  • গুনিন্দ্ৰ গোঁহাই- ডাঙৰচুক এল পি স্কুল, ডিব্ৰুগড়
  • উৰ্বশী দাস- ১০নং মাজিৰগাঁও কেআৰএম এলপি স্কুল,কামৰূপ (ম)
  • নবীন চন্দ্ৰ দাস- ১নং পৰানগনিয়া জ্যোতি এল পি স্কুল, গোলাঘাট
  • নন্দিনা ৰাজপুত- শিলভেটা এল পি স্কুল, গোলাঘাট
  • অনিল চন্দ্ৰ হাজৰিকা- ২৯৫ নং কুহুমজগানীয়া এলপি স্কুল, যোৰহাট
  • দীপিকা সভাপণ্ডিত- বালিগাঁও এমভি স্কুল, যোৰহাট।

 

উল্লেখ্য যে, প্ৰতিবছৰে ৰাজ্য চৰকাৰে একাংশ শিক্ষকক এই বঁটা প্ৰদান কৰাৰ। প্ৰতিবছৰৰ ধাৰা অব্যাহত ৰাখি এইবাৰো চৰকাৰে এই বঁটা প্ৰদানৰ যো জা কৰিছে। ২০২৪ চনত মুঠ ১৩ গৰাকী শিক্ষকক এই বঁটা প্ৰদান কৰা হৈছিল। এইবাৰ ১৫ গৰাকী শিক্ষকক এই বঁটা প্ৰদান কৰা হব। শিক্ষকসকলৰ কৰ্মৰ প্ৰতি অৰিহনা যোগাবলৈ আৰু আনক অনুপ্ৰাণিত কৰিবলৈ এই বঁটা আগবঢ়োৱা হয়।

সমগ্ৰ দেশে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰে। এই দিনটোত ৰাজ্যৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আদিত শিক্ষক দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। ৰাজ্যৰো বিভিন্ন প্ৰান্তত এই দিৱস পালন কৰা হয়। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মতিথিত এই দিৱস পালন কৰা হয়।

 

অন্য খবৰ পঢ়কঃ Teacher’s Day 2025 speech: এনেদৰে দিয়ক ‘শিক্ষক দিৱস’ৰ ভাষণ, লাভ কৰিব প্ৰশংসা…