শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

আজি ২০ জুলাই দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
barasha-misra
Barasha Misra | Updated On: 20 Jul 2025 06:42 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দেওবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসম জাতীয় পৰিষদৰ নেতৃত্বত চানমাৰিৰ হোটেল অলংকাৰত কেইবাজনো বিৰোধী ৰাজনৈতিক নেতাৰ ৰুদ্ধদ্বাৰ বৈঠক। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাসহ ৬ জনীয়া গোটৰে বৈঠক অনুষ্ঠিত হয় । বৈঠকত হোৱা আলোচনা সন্দৰ্ভত ড° হীৰেন গোঁহাইয়ে কয়, “অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ পিছতে একাদিক্ৰমে প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰে আলোচনা কৰা হৈছে। আগন্তুক নিৰ্বাচনত কেনেকৈ জনগণৰ শত্ৰু, অসমৰ শত্ৰু বিজেপিৰ বিৰুদ্ধে যুঁজ দিব পাৰি সেই সন্দৰ্ভত আলোচনা হ’ল।”
  2. নগাঁৱৰ আউনীআটীত ৰে’লৰ খুন্দাত এজন লেকৰ মৃত্যু। মৃত লোকজনৰ নাম ৰতন নায়ক। মৃত ৰতন নায়কৰ ঘৰ আমনিৰ আমলখিত। শিলঘাট-আলিপুৰদুৱাৰ মুখী ৰে’লৰ খুন্দাত মৃত্যু লোকজনৰ।
  3. দুলীয়াজানৰ টেঙাখাতৰ ২নং বাছমতীয়া গ্ৰাণ্টত শনিবাৰে আবেলি পুখুৰীত গা ধুবলৈ যাওঁতে পিছলি পৰি পানীত ডুব যায় দুগৰাকী যুৱতীৰ লগতে এগৰাকী কিশোৰ।
  4. আগিয়াঠুৰী-কামাখ্যালৈ ৭.০৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ষ্টিল কম্পোজিট গাৰ্ডাৰ দলং নিৰ্মাণ কৰা হ’ব। ডাবল ডেক ডিজাইনত তলৰ ডেকত ডাবল লাইন ৰে’লৱে ট্ৰেক আৰু ওপৰৰ ডেকত ফুটপাথ থকা তিনিটা লেনযুক্ত পথ অন্তৰ্ভুক্ত কৰা হৈছে।
  5. ওমানৰ য়েটি বীচৰ সমীপৰ এটা পাহাৰত নিৰ্মাণ কৰা হৈছে উপসাগৰীয় দেশসমূহৰ নতুন বিলাসী পৰ্যটন কেন্দ্ৰ। ইয়াৰ নাম AIDA, যিটো কেৱল তেলৰ পৰা ওমানৰ অৰ্থনীতি আগুৱাই নিয়াৰ প্ৰচেষ্টাৰ অংশ নহয়, ইয়াৰ দ্বাৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নাম আৰু ব্ৰেণ্ডো প্ৰতিফলিত কৰা হৈছে।
  6. সাংসদ পুঁজিৰ কেলেংকাৰীৰ অভিযোগত শীঘ্ৰে জেৰাৰ সন্মুখীন হ’ব IAS পল্লৱ গোপাল ঝা। পল্লৱ গোপাল ঝাক জেৰা চলোৱাৰ অনুমতি বিচাৰি CM VIGILANCE এ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ। মুখ্যমন্ত্ৰীৰ অনুমতি পালেই জেৰাৰ সন্মুখীন হ’ব পল্লৱ গোপাল ঝা। সাংসদ পুঁজিৰ কেলেংকাৰী সংঘটিত হোৱাৰ সময়ত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পল্লৱ গোপাল ঝাই। কাম নকৰাকৈয়ে ধন মোকলাই নিয়া‌ আৰু অস্তিত্বহীন পথৰ নাম উল্লেখ কৰি ধন মোকলাই নিয়াৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।
  7. ডুমডুমাৰ এজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস। চাইকেলেৰে গৈ ভ্ৰমণ কৰিব চাৰি ধাম। ডুমডুমাৰ পৰা উত্তৰাখণ্ডলৈ শনিবাৰে যাত্ৰা আৰম্ভ কৰে বিকাশ কৰ্মকাৰে।
  8. ৰে’লৱেৰ টিকট বুকিঙৰ নিয়ম পৰিৱৰ্তন। এতিয়া এই কাম নকৰাকৈ তৎকাল টিকট বুকিং কৰিব নোৱাৰিব। জুলাইৰ পৰা আৰম্ভ হৈছে নতুন নিয়ম। তৎকাল টিকট বুকিং কৰাসকলে এতিয়াৰে পৰা এই প্ৰক্ৰিয়া অনুসৰণ কৰি টিকট ক্ৰয় কৰিব লাগিব।
  9. সোণাপুৰৰ মে’ ফেয়াৰ ৰিজ’ৰ্টত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বিজেপিৰ চিন্তন বৈঠক। এই বৈঠকত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত দলীয় মন্ত্ৰী-বিধায়কসকলে।