চৰ্ত সাপেক্ষে ৬ জনগোষ্ঠী জনজাতিকৰণৰ প্ৰতি সমৰ্থন আগবঢ়ালে হাগ্ৰামাই…
তেওঁ স্পষ্ট কৰি দিছে যে, বৰ্তমানৰ জনজাতিসকলৰ কোনো লোকচান নোহোৱাকৈ ৬ জনগোষ্ঠীক জনজাতিকৰণত তেওঁলোকেৰ কোনো ধৰণৰ আপত্তি নাই।

ছয় জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভত পুনৰ স্থিতি স্পষ্ট কৰিছে BTC ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। তেওঁ স্পষ্ট কৰি দিছে যে, বৰ্তমানৰ জনজাতিসকলৰ কোনো লোকচান নোহোৱাকৈ ৬ জনগোষ্ঠীক জনজাতিকৰণত তেওঁলোকেৰ কোনো ধৰণৰ আপত্তি নাই। বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ যাতে অতুত থাকে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে।
তেওঁ মঙলবাৰে সংবাদ মাধ্যমৰ আগত কয় যে, যদি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতীয় গোটসমূহৰ অধিকাৰ হ্ৰাস নাপায় বা কোনো ক্ষতি নহয়, তেন্তে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ পদক্ষপক সমৰ্থন কৰিব সমৰ্থন কৰিব। সেই অনুসৰি চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।
সাংবাদিকক সম্বোধন কৰি মহিলাৰীয়ে কয় যে, বৰ্তমানৰ ST সকলৰ যেতিয়ালৈকে পৰ্যাপ্ত সাংবিধানিক সুৰক্ষা থাকিব, তেতিয়ালৈকে আহোম, চুতীয়া, কোচ-ৰাজবংশী, মৰাণ, মটক আৰু টাই-আহোমক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা নকৰে।
ইফালে, “অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫” ক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে। তেওঁ কয় যে, ষষ্ঠ অনুসূচীৰ এলেকা, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি), কাৰ্বি আংলং, আৰু ডিমা হাছাওত এই নিষেধাজ্ঞা প্ৰযোজ্য নহয়। এই অঞ্চলৰ লোকে বহু বিবাহ কৰাব পাৰিব। ইয়াত কোনো ধৰণৰ বাধা নাথাকিব।
মহিলাৰীয়ে অসম কেবিনেটৰ শেহতীয়া সিদ্ধান্তক আদৰণি জনাই কয় যে, ষষ্ঠ অনুসূচীৰ এলেকা, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি), কাৰ্বি আংলং আৰু ডিমা হাছাওক বহু বিবাহ নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে। এই পদক্ষেপৰ ফলত যদিহে তেওঁলোকে ইচ্ছা কৰে এই স্বায়ত্তশাসিত অঞ্চলসমূহৰ ব্যক্তিসকলে বহু বিবাহ কৰিব পাৰিব।
“এই সিদ্ধান্ত আমাৰ কাৰণে ভাল কম নে বেয়া কম! চৰকাৰে সিদ্ধান্ত হৈছে, আমি আদৰণি জনাইছোঁ। কথা সেইটোৱে।” এইদৰে কয় হাগ্ৰামা মহিলাৰীয়ে।