TV9 ASSAM
উচ্চ ৰক্তচাপৰ সমস্যা এতিয়া যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ পৰা সকাহৰ ক্ষেত্ৰত পুৱাৰ কিছুমান অভ্যাসে যথেষ্ট সহায় কৰে। জানো আহক এই বিষয়ে।
পুৱা প্ৰতিদিনে একে সময়ত শোৱাৰ পৰা উঠিলে শৰীৰৰ জৈৱিক ঘড়ী ঠিক হৈ থাকে আৰু পুৱাৰ সময়ত হঠাতে ৰক্তচাপ বৃদ্ধি পোৱাৰ পৰা ৰক্ষা পৰে।
পুৱা মুখ ধোৱাৰ পিছত খালী পেটত এগিলাচ পানী খালে তেজৰ চলাচল স্বাভাৱিক হয় আৰু শৰীৰত অতিৰিক্ত লোণ জমা হোৱাৰ পৰা সকাহ লাভ কৰে।
পুৱা খোজ কঢ়াৰ অভ্যাসে বা লঘু ৱৰ্কআউটে হৃদযন্ত্ৰৰ স্বাস্থ্যক শক্তিশালী কৰে, মানসিক চাপৰ পৰা উপশম দিয়ে আৰু প্ৰাকৃতিকভাৱে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।
মন শান্ত কৰি কিছুসময় ধ্যান কৰিলে বা গভীৰভাৱে উশাহ-নিশাহ ল’লে মন স্থিৰ হয়। ইয়াৰ দ্বাৰা ৰক্তচাপো নিয়ন্ত্ৰিত হৈ থাকে।
ফল বা ওটছৰ সৈতে হাই ফাইবাৰযুক্ত, কম ছডিয়ামযুক্ত ব্ৰেকফাষ্টে আপোনাৰ শৰীৰক প্ৰয়োজনীয় শক্তি প্ৰদান কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।
পঢ়িবলৈ ক্লিক কৰক
স্তন কেঞ্চাৰৰ তিনিটা প্ৰধান লক্ষণ কি কি?