25 NOV 2025
TV9 ASSAM
Photos Credit: Getty, Unsplash
আমি আমাৰ দিনটোৰ আৰম্ভণি সুস্থভাৱে কৰা উচিত। প্ৰতিদিনে পুৱা মাত্ৰ এমুঠি তিয়াই থোৱা বুট খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। জানো আহক।
স্বাস্থ্য বিশেষজ্ঞৰ মতে দৈনিক তিয়াই থোৱা বুট খালে শৰীৰত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু পেটটো সুস্থ কৰি ৰাখে। ইয়াৰ উপকাৰিতাৰ বিষয়ে অধিক জানো আহক।
তিয়াই থোৱা বুট কেলচিয়াম আৰু মেগনেছিয়াম হাড়ৰ বাবে অত্যন্ত উপকাৰী। বাতবিষ বা অষ্টিঅ’পৰ’ছিছৰ দৰে অৱস্থাত ভুগি থকা লোকসকলে দৈনিক তিয়াই থোৱা বুট খাব লাগে।
তিয়াই থোৱা বুটত পোৱা জিংক, আইৰণ, ভিটামিন চি আদিয়ে শৰীৰৰ শ্বেত ৰক্তকণিকা সক্ৰিয় কৰি ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰে। আনকি চৰ্দি আৰু ফ্লুৰ পৰাও সোনকালে আৰোগ্য লাভ কৰাত সহায় কৰিব পাৰে।
তিয়াই থোৱা বুটত প্ৰচুৰ পৰিমাণে আঁহ থাকে। দৈনিক এমুঠিমান তিয়াই থোৱা বুট খালে অতিমাত্ৰা খোৱা ৰোধ কৰাত সহায় কৰে আৰু ওজন নিয়ন্ত্ৰণত ৰাখে।
তিয়াই থোৱা বুটৰ গ্লাইচেমিক সূচকাংক অতি কম। গতিকে এইবোৰ সেৱন কৰিলে তেজৰ চেনিৰ পৰিমাণ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়।
তিয়াই থোৱা বুটত পোৱা ভিটামিন এ, চি আৰু ইয়ে ছালখনক পুষ্টি দিয়ে, জিলিকনি আনে, বলিৰেখা ৰোধ কৰে আৰু আইৰণে চুলিৰ শিপা শক্তিশালী কৰে, চুলি সৰা ৰোধ কৰে আৰু প্ৰাকৃতিক সৌন্দৰ্য্য বৃদ্ধি কৰে।
চাবলৈ ক্লিক কৰক