শ্ৰীভূমিৰ নিলামবজাৰত কংগ্ৰেছ সদস্যৰ মাজত মাৰপিট, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জিলা পৰিষদৰ সদস্য

শ্ৰীভূমিৰ নিলাম বজাৰত কংগ্ৰেছৰ দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই হতাহতিৰ ঘটনাত এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

শ্ৰীভূমিৰ নিলামবজাৰত কংগ্ৰেছ সদস্যৰ মাজত মাৰপিট, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জিলা পৰিষদৰ সদস্য
Published: 

05 Jan 2026 | 11:02 PM

শ্ৰীভূমিত অঘটন। দলীয় বৈঠকৰ পাছতে কংগ্ৰেছ সদস্যৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে, শ্ৰীভূমিৰ নিলাম বজাৰত কংগ্ৰেছৰ দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই হতাহতিৰ ঘটনাত এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আন সদস্যৰ আক্ৰমণত জিলা পৰিষদৰ সদস্য জিল্লুৰ নুৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

অভিযোগ অনুসৰি, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আহমেদ চাহিল আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক শ্বাহানাজ হুছেইনে জিলাৰ পৰিষদৰ সদস্যজনৰ ওপৰত আক্ৰমণ চলায়। কোৱা হৈছে যে, প্ৰথমে তেওঁলোকৰ মাজত কোনো কথাত তৰ্ক হয় আৰু পাছত প্ৰহাৰ কৰে। বৰাকৰ দায়িত্বত থকা দলৰ নেতা বিকাশ উপাধ্যায় আৰু নাছিৰ খানৰ উপস্থিতিতেই এই ঘটনা সংঘটিত হয়।

আঘাতপ্ৰাপ্ত জিল্লুৰক প্ৰথমে শ্ৰীভূমি অসামৰিক চিকিৎসালয় লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পতাললৈ লৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে,নিলাম বজাৰত অনুষ্ঠিত কংগ্ৰেছৰ সাংগঠনিক বৈঠকৰ পিছতে এই ঘটনা সংঘটিত হয়। সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বিকাশ উপাধ্যায়, শ্ৰীভূমিৰ পৰ্যবেক্ষক নাছিৰ খানৰ লগতে কেইবাজনো জিলা পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত আছিল। বৈঠকৰ পিছতে দলৰ নেতাসকলে ওচৰৰ ৰেষ্টুৰেণ্ট এখনলৈ চাহ খাবলৈ গৈছিল বুলি জানিব পৰা গৈছে, য’ত তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হৈছিল।

উল্লেখ্য যে, এই আক্ৰমণৰ আঁৰৰ সঠিক উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই আৰু কৰ্তৃপক্ষই এতিয়াও এই কাণ্ডৰ পৰিস্থিতি সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে