শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমত উদ্ধাৰ ভাৰত-চীন যুদ্ধৰ সময়ৰ বোমা…

লেফটেনেণ্ট কৰ্ণেল অভিজিত মিশ্ৰৰ নেতৃত্বত মিছামাৰী কেম্পৰ পৰা অহা সেনা দলৰ সহায়ত বোমাটো নিৰাপদে উদ্ধাৰ কৰি পাছত বিস্ফোৰণ কৰে। জানিব পৰা মতে উদ্ধাৰ হোৱা মৰ্টাৰ স্মোক বোমা এক প্ৰকাৰৰ গুলী

অসমত উদ্ধাৰ ভাৰত-চীন যুদ্ধৰ সময়ৰ বোমা…
স্মোক বোমা
Barasha Sarma
Barasha Sarma | Published: 01 Sep 2024 13:08 PM

প্ৰায় ৬২ বছৰ পুৰণি এটা বোমা উদ্ধাৰ অসমত। অসমৰ শোণিতপুৰত উদ্ধাৰ হৈছে ৬২ বছৰীয়া মৰ্টাৰ স্মোক বোমা। আৰক্ষীয়ে জনোৱা মতে, এই বোমাটো ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ৰ বোমা। এই মৰ্টাৰ স্মোক বোমা অসমৰ ঢেকিয়াজুলিত উদ্ধাৰ হৈছে। উদ্ধাৰৰ পাছতে সেনাই এই স্মোক বোমাটো বিস্ফোৰণ কৰে। শুকুৰবাৰে উদ্ধাৰ হৈছিল বোমাটো।

শোণিতপুৰৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই জনোৱা মতে, শুকুৰবাৰে সন্ধিয়া ছেছা নদীত মাছ ধৰি থকা অৱস্থাত জৌগাপুৰ গাঁৱত এজন ব্যক্তিয়ে দুই ইঞ্চি দীঘল বিস্ফোৰক উদ্ধাৰ কৰে। এই অঞ্চলটো মিছামাৰী থানা এলেকাৰ অন্তৰ্গত। তথ্য অনুসৰি জানিব পৰা মতে এই বোমাটো চীনত নিৰ্মিত বোমা আৰু এই বোমাটো  ১৯৬২ চনৰ যুদ্ধৰ বুলি অনুমান কৰা হৈছে।ভাৰত আৰু চীনৰ মাজৰ যুদ্ধৰ সময়ৰে এই বোমা।  ভাৰত আৰু চীনৰ এই যুদ্ধখন চুবুৰীয়া ৰাজ্য অসম অৰুণাচল প্ৰদেশত হৈছিল।

বোমা

লেফটেনেণ্ট কৰ্ণেল অভিজিত মিশ্ৰৰ নেতৃত্বত মিছামাৰী কেম্পৰ পৰা অহা সেনা দলৰ সহায়ত বোমাটো নিৰাপদে উদ্ধাৰ কৰি পাছত বিস্ফোৰণ কৰে। জানিব পৰা মতে উদ্ধাৰ হোৱা মৰ্টাৰ স্মোক বোমা এক প্ৰকাৰৰ গুলী। ১৯৬২ চনৰ যুদ্ধত শত্ৰুৰ গুলীৰ পৰা হাত সাৰিবলৈ ধোঁৱা বিয়পাবলৈ এই বোমা ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে ইয়াক বিভিন্ন কামতো ব্যৱহাৰ কৰা হয়।