কেতিয়া বন্ধ হ’ব ভটিয়াপাৰৰ গেছ নিৰ্গমন ? আমেৰিকাৰ বিশেষজ্ঞ অহাৰ পাছতে ডাঙৰ আপডেট দিলে ONGC য়ে…
গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে আমেৰিকাৰ এটা বিশেষজ্ঞ দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ONGC য়ে নোৱোৰা কাম কৰিবলৈ শুকুৰবাৰে শিৱসাগৰত উপস্থিত হয় আমেৰিকাৰ পৰা অহা তিনিজনীয়া এই বিশেষজ্ঞ দলটো। এই সন্দৰ্ভত প্ৰকাশ কৰা এক বিবৃতিত গুৰুত্বপূৰ্ণ আপডেট দিছে ONGC য়ে।

বৰ্তমানেও ভটিয়াপাৰৰ অ’এনজিচিৰ ৰীগত নিৰ্গত হৈ আছে গেছ । এই গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে আমেৰিকাৰ এটা বিশেষজ্ঞ দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ONGC য়ে নোৱোৰা কাম কৰিবলৈ শুকুৰবাৰে শিৱসাগৰত উপস্থিত হয় আমেৰিকাৰ পৰা অহা তিনিজনীয়া এই বিশেষজ্ঞ দলটো। দলটোৱে গেছ নিৰ্গমন বন্ধৰ কৰা দায়িত্ব লোৱাৰ পাছতে “উল্লেখযোগ্য অগ্ৰগতি” লাভ কৰা বুলি দাবী কৰিছে ONGC য়ে ।
ONGC য়ে এক বিবৃতি কৈছে যে,শিৱসাগৰ জিলাৰ ভটিয়াপাৰত থকা আৰ ডি এছ ১৪৭ ৰীগত হোৱা গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত “উল্লেখযোগ্য অগ্ৰগতি” লাভ কৰা গৈছে । বৰ্তমান ৰীগটোৰ গেছ নিৰ্গমন যথেষ্ট হ্ৰাস পাইছে বুলি দাবী কৰিছে ONGC য়ে ।
একে সময়তে পৰিস্থিতিৰ প্ৰাৰম্ভিক মূল্যায়ন কৰা আমেৰিকাৰ বিশেষজ্ঞ দলটোৱে অ’এনজিচিৰ গেছ নিৰ্গমন কৌশলৰ সৈতে সহমত প্ৰকাশ কৰা বুলি উল্লেখ কৰিছে বিবৃতিটোত । এতিয়ালৈকে গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে অ’এনজিচিয়ে যি কৌশল আৰু পদক্ষেপ গ্ৰহণ কৰিছিল, তাৰ সৈতে আমেৰিকাৰ বিশেষজ্ঞ দলটো একমত বুলি বিবৃতিত উল্লেখ কৰিছে ONGC য়ে ।
যোৱা ১২ জুনত ভটিয়াপাৰৰ বাৰীচুকত থকা ONGCৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ৰীগ নং এছ কে পি ১৩৫ৰ ৱেল নং আৰ ডি এছ ১৪৭এত সংঘটিত হৈছিল এই ব্ল’আউট। চৰকাৰী মহাৰত্ন কোম্পানীটোৰ হৈ ৰীগটো চলাইছিল এছ কে পেট্ৰ’ চাৰ্ভিচেছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে।
কোৱা হৈছে যে, শুকুৰবাৰে সেই স্থানত উপস্থিত হোৱা আমেৰিকাৰ CUDD প্ৰেচাৰ কণ্ট্ৰ’লৰ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ দলটোৱে পৰিস্থিতিৰ প্ৰাৰম্ভিক মূল্যায়ন কৰি অ’ এন জি চিৰ দলসমূহে এতিয়ালৈকে গ্ৰহণ কৰা সকলো পদক্ষেপৰ পৰ্যালোচনা কৰিছে। ইয়াৰ লগতে গেছ লিকেজ বন্ধ কৰাৰ বাবে আমেৰিকাৰ বিশেষজ্ঞ দলটোৱে কৌশলগতভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি বিবৃতিত উল্লেখ কৰিছে ONGC য়ে ।
উল্লেখ্য যে, ৰীগটোত গেছ লিকেজৰ ফলত কাষৰীয়া গাঁৱৰ ৩৩০ টাতকৈও অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে । ইতিমধ্যে অসম চৰকাৰে এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালক ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।