সভাৰ মাজতে ওলাই আহিল শৃংখল, শিৱসাগৰৰ নাগৰিক সভাত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ…
কথিত মিঞা খেদা আন্দোলনৰ পৰিপ্ৰেক্ষিত শেহতীয়াকৈ শিৱসাগৰত সৃষ্টি হোৱা পৰিস্থিতিক কেন্দ্ৰ কৰি জিলাখনৰ নাগৰিকসকলে এক সভাৰ আয়োজন কৰে। সভাত শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

উজনিৰ কথিত মিঞা খেদা আন্দোলন সম্প্ৰতি কেৱল এক চৰ্চা বিষয়ে নহয়, শান্তি-সম্প্ৰীতিক বিঘ্নিত কৰিব পৰা উদ্বেগজনক বিষয় হিচাপে গণ্য কৰিছে সচেতন মহলে। কথিত মিঞা খেদা আন্দোলনৰ পৰিপ্ৰেক্ষিত শেহতীয়াকৈ শিৱসাগৰত সৃষ্টি হোৱা পৰিস্থিতিক কেন্দ্ৰ কৰি জিলাখনৰ নাগৰিকসকলে এক সভাৰ আয়োজন কৰে। সভাত শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
শিৱসাগৰ জিলাৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন শিৱসাগৰবাসীয়ে এই নাগৰিক সভা আয়োজন কৰে। সততে উত্থাপিত হোৱা সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ ষড়যন্ত্ৰৰ অভিযোগক প্ৰত্যাহ্বান জনাই শিৱসাগৰৰ যুৱদলত আয়োজন কৰা হৈছিল এই নাগৰিক সভা। সভাত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত বিভিন্নজনে মন্তব্য প্ৰকাশ কৰে।
শিৱসাগৰৰ সচেতন ৰাইজৰ লগতে কেইবাটাও জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনৰ লোক উপস্থিত আছিল এই সভাত। এই সভাত পৰৱৰ্তী সময়ত শিৱসাগৰৰ সাতাম পুৰুষীয়া ঐক্য-সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনাই কেইবাগৰাকীও ব্যক্তিয়ে ভাষণ দিয়ে আৰু সভাৰ শেষত এলানি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
অসমৰ ৬ জনগোষ্ঠী জনজাতিকৰণ, ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আৰু অসম চুক্তি ৬ নং দফা আখৰে আখৰে পালন কৰাৰ দাবী জনাইবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় শিৱসাগৰৰ নাগৰিক সভাত। ইয়াৰ লগতে সকলো লোককে শান্তি-সম্প্ৰীতি বজাই ৰাখি এই ক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনাই নাগৰিক সভাই। একেদৰে চিতু বৰুৱা, শৃংখল চলিহা আৰু ইউনুছ তামূলীয়ে মিঞাৰ সন্দৰ্ভত কৰা উচতনিমূলক বক্তব্যক নাগৰিক সভাই গৰিহণা দি পৰৱৰ্তী সময়ত কাকো উচতনিমূলক বক্তব্য প্ৰদান নকৰিবলৈ আহ্বান জনায়।
ইফালে, সংবাদ মাধ্যম, সামাজিক মাধ্যম ব্যৱহাৰকাৰী আদিকে ধৰি সকলো সংবাদ সেৱাৰ সৈতে জড়িত লোকক শান্তি-সম্প্ৰীতি ধ্বংস কৰিব পৰা মন্তব্যক প্ৰচাৰ নকৰিবলৈ আহ্বান জনাই। একে সময়তে ভাড়া ঘৰৰ মালিকসকলকো ঘৰ ভাড়া দিয়া সময়ত সন্দেহজনক নাগৰিকক যাতে ভাড়া নিদিয়ে এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনাই নাগৰিক সভাই।
মনকৰিবলগীয়া যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৃষ্ঠপোষকতাতে শিৱসাগৰত মিঞা খেদা আন্দোলন হৈছে বুলি কৰা মন্তব্যৰো গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে, সমূহ অসমৰ খিলঞ্জীয়া লোকক অখিলঞ্জীয়া লোকক মাটি বিক্ৰী নকৰিবলৈও আহ্বান জনাই প্ৰস্তাৱ লয় শিৱসাগৰৰ নাগৰিক সভাই।
উল্লেখ্য যে, সভা চলি থকাৰ মাজতে সভাগৃহ ত্যাগ কৰে শৃংখল চলিহাই। কোৱা হৈছে যে, সভাত শৃংখল চলিহাৰ ভাষণ দি থকাৰ সময়তে শৃংখল চলিহাৰ বক্তব্যক লৈ একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই কথাও জানিব পৰা গৈছে যে, কেইটিমান দিনৰ পূৰ্বে ৰংঘৰ চাৰিআলিত শৃংখল চলিহাৰ সৈতে সংঘটিত হোৱা পৰিস্থিতিৰ কথা টানি আনি শংখল চলিহাই সভাত প্ৰশ্ন উত্থাপন কৰিছিল। বক্তব্য প্ৰদান কৰিয়েই সভাগৃহ ত্যাগ কৰিছিল শৃংখল চলিহাই।
তেওঁ অভিযোগ কৰে যে, নাগৰিক সভাখন নিৰপেক্ষ হোৱা নাই। বিশেষ এটা ৰাজনৈতিক দলৰ মানুহ সভাত বেছি আছে বুলি উল্লেখ কৰি শৃংখলে কয় যে, এয়া নাগৰিক সভা নহয়, ৰাজনৈতিক সভাহে। পৰৱৰ্তী সময়ত আমি নাগৰিক সভা পাতিম, শিৱসাগৰৰ জ্যেষ্ঠ লোকসকলে নেতৃত্ব ল’ব।
ইফালে, শৃংখল চলিহাই নাগৰিক সভা সন্দৰ্ভত কৰা অভিযোগ নসাৎ কৰিছে নাগৰিক সভাৰ আয়োজক সকলে। সভাই কোনো ৰাজনৈতিক দলৰ পক্ষপাতিত্ব কৰা নাই, থলগিৰী অসমীয়াক পক্ষপাতিত্ব কৰিছে বুলি মন্তব্য কৰে অংকুৰণ ফুকনে।
উল্লেখ কৰিব লাগিব যে,কথিত মিঞা খেদা আন্দোলনে বিগত কেইবাদিনো ধৰি উজনি অসমৰ লগতে শিৱসাগৰৰ পৰিৱেশ উত্তাল কৰি ৰাখিছে। এনে পৰিৱেশৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ শান্তি-সম্প্ৰীতিৰ পৰিৱেশ যাতে বিঘ্নিত নহয়, তাৰ পৰিপ্ৰেক্ষিতত আহ্বান কৰা হৈছিল এই নাগৰিক সভাৰ।