হাবি কাটি শিলসাঁকোত গৃহ নিৰ্মাণ! উচ্ছেদিত জনতাক চোঁচৰাই নিলে আৰক্ষীয়ে…
Silsako: বুধবাৰে পুনৰ শিলসাঁকোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উচ্ছেদিত জনতাই প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পাছতে কেইবাজনো পুৰুষ-মহিলাক আটক কৰে আৰক্ষীয়ে।
বিগত ৪ বছৰ ধৰি আন্দোলন কৰাৰ পাছত এইবাৰ শিলসাঁকোত ঘৰ নিৰ্মাণ উচ্ছেদিত জনতাৰ। ইয়াৰ পাছতে উক্ত স্থানত আৰক্ষী তথা প্ৰশাসনৰ লোক উপস্থিত হৈ ৫ মিনিটৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰে। কিন্তু ইয়াৰ লগে লগে উচ্ছেদিত জনতাৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। তেওঁলোকে কোনো পধ্যেই ঠাই এৰিবলৈ ৰাজি নহয়। যাৰ পাছত আৰক্ষী আৰু উচ্ছেদিত জনতাৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়।
শ শ মহিলাই পুনৰ সংস্থাপনৰ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে এঘন্টাৰ ভিতৰত মাটিৰ বিনিময়ত মাটি দিবলৈ দাবী জনায়। কিন্তু ইয়াৰ পাছতে বৃহৎ আৰক্ষী বাহিনীৰ লোকে অৰ্ধ শতাধিক মহিলাক টানি সেই স্থানৰ পৰা চোঁচৰাই লৈ যায়। এই সময়চোৱাত একাংশ মহিলাৰ গাৰ কাপোৰ পৰ্যন্ত খুলি যায়। যাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, ডিচিপি মৃণাল ডেকাই শিলসাঁকোৰ নেত্ৰী গায়ত্ৰী বৰাক লাঠিৰে প্ৰহাৰ কৰে।
জানিব পৰা মতে, ঘটনাৰ পাছতে আৰক্ষীয়ে গায়ত্ৰী বৰা আৰু জিতু দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। লগতে বহু আটকাধীন মহিলাক আৰক্ষীয়ে দিছপুৰ থানালৈ লৈ যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, ২০২২ আৰু ২০২৩ চনত শিলসাঁকোত উচ্ছেদ অভিযান চলিছিল। সেই দুটা উচ্ছেদ অভিযানত প্ৰায় ১২০০ মানুহক উচ্ছেদ কৰা হৈছিল। তেতিয়াৰ পৰা বিভিন্ন সময়ত উচ্ছেদিতসকলে পুনৰ সংস্থাপনৰ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই সন্দৰ্ভত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত উচ্ছেদিতসকলৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনাও হৈছিল। সেই আলোচনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিতসকলক প্ৰতিশ্ৰুতি দিছিল পুনৰ সংস্থাপনৰ। কিন্তু আজি পৰ্যন্ত তেওঁলোকক পুনৰ সংস্থাপন দিয়া নহ’ল।
ইয়াৰোপৰি শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে উচ্ছেদিত জনতা সন্দৰ্ভত মন্তব্য কৰাক লৈ ক্ষোভিত হৈ পৰে একাংশ। যাৰ বাবে পুনৰ উচ্ছেদিত সকলে আজি হাবি কাটি ঘৰ নিৰ্মাণৰ প্ৰস্তুতি চলায়। ইয়াৰ পাছতে আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ তেওঁলোকক আটক কৰি নিয়ে। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ ফেচবুকৰ পৰা আঁতৰাই পেলোৱা হ’ব Like আৰু Comment বুটাম! জানক সকলো…