শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কন্যাৰ বিয়াৰ বজাৰ কৰি ঘৰলৈ উভতিছিল মইন উদ্দিন, তীব্ৰবেগী বাছৰ খুন্দাতে থিতাতে গ’ল প্ৰাণ…

কন্যাৰ বিয়া চোৱাৰ পূৰ্বে অকাল মৃত্যুক সাৱতি ল'লে এজনে। শিলচৰত কন্যাৰ বিয়াৰ বজাৰ কৰি ঘৰলৈ উভতাৰ পথতেই মৃত্যু হয় মইন উদ্দিনৰ। আনহাতে বৰপেটাৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয় ২ অগপ নেতাৰ।

কন্যাৰ বিয়াৰ বজাৰ কৰি ঘৰলৈ উভতিছিল মইন উদ্দিন, তীব্ৰবেগী বাছৰ খুন্দাতে থিতাতে গ’ল প্ৰাণ…
অসম
barasha-sarma
Barasha Sarma | Updated On: 10 Dec 2024 15:21 PM

পুত্ৰ- কন্যাৰ বিবাহক লৈ প্ৰতিগৰাকী পিতৃ- মাতৃৰে বহু সপোন থাকে। কিন্তু কন্যাৰ বিয়া চোৱাৰ সৌভাগ্য নহ’ল এগৰাকী দুৰ্ভগীয়া পিতৃৰ! ইয়াৰ পূৰ্বে সাৱতি লয় অকাল মৃত্যুক। শেহতীয়াকৈ শিলচৰৰ পৰা পোহৰলৈ আহিছে এক শোকাবহ পথ দুৰ্ঘটনাৰ ঘটনা। কন্যাৰ বিয়াৰ বজাৰ কৰি ঘৰলৈ উভতাৰ পথতেই মৃত্যু হয় এজনৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত হৈছে শিলচৰ মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰত। মঙলবাৰে পথ দুৰ্ঘটনাত মৃত্যু হোৱা এই লোকজনৰ নাম মইন উদ্দিন লস্কৰ বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ শিলচৰৰ উধাৰবন্ধৰ শালগংগাত। তথ্য অনুসৰি,  মইন উদ্দিন লস্কৰ নামৰ লোকজনে নিজ পত্নী আৰু কন্যাক লগত লৈ শিলচৰলৈ বজাৰ কৰিবলৈ আহিছিল। বজাৰ কৰাৰ অন্তত পত্নী আৰু কন্যাক এখন অটোত তুলি দি নিজে স্কুটীৰে ঘৰলৈ ৰাওনা হয় তেওঁ। কিন্তু সেই সময়তে কাল হৈ আহে এখন বাছ। শিলচৰ- মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে স্কুটী লৈ যোৱাৰ সময়তে ৰংপুৰ অঞ্চলত এখন বাছে দ্ৰুতগতিত পাছৰ পৰা খুন্দা মাৰে তেওঁক। জগন্নাথ ট্ৰেভেলছৰ বাছখনৰ খুন্দাত স্কুটীসহ বাগৰি পৰে মইন উদ্দিন লস্কৰ। এই ঘটনাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই লোকজনে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা জগন্নাথ ট্ৰেভেলছ বাছখন আৰক্ষীয়ে বাশৰকান্দিত জব্দ কৰে কৰে। আৰক্ষীয়ে বাছৰ চালকক আটক কৰি তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ এই পথ দুৰ্ঘটনা সংঘটিত হয়।

বৰপেটাত পথ দুৰ্ঘটনা

আনহাতে সোমবাৰে নিশা বৰপেটাত সংঘটিত হয় আন এক পথ দুৰ্ঘটনা। বৰপেটাৰ মৌটুপুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত মৃত্যু হয় দুজন অগপ নেতাৰ। নিহত অগপ নেতা দুজন সূৰ্য তালুকদাৰ আৰু বিপুৰ কৃষ্ণ দাস বুলি জানিব পৰা গৈছে। দুয়োৰে ঘৰ ভৱানী পুৰৰ সৰু টাপা গাঁৱত। এই ঘটনাত আহত হয় হৰিহৰ কলিতা আৰু কিশক ঠাকুৰীয়া নামৰ আন দুজন। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰক্ষীয়ে দুয়োকে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ হাস্পাতালত ভৰ্তি কৰে।

জানিব পৰা মতে বিপুল কৃষ্ণ দাসে আন কেইগৰাকী লোকৰ সৈতে বৰপেটা ৰোডৰ ভৱানীপুৰৰ সৰু টপা গাঁৱৰ নিজ বাসগৃহলৈ গৈ আছিল। কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে ডিভাইডাৰত থকা এডাল গছত খুন্দা মাৰে। যাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বিপুল কৃষ্ণ দাসে ভৱানীপুৰ- সৰভোগ সমষ্টিৰ পৰা অগপ দলৰ হৈ নিৰ্বাচন খেলিব চৰ্চা চলি আছিল। কিন্তু তাৰ পূৰ্বেই এইগৰাকী নেতাৰ মৃত্যু হয়। জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱা স্কৰপিঅ’ বাহনখন মাত্ৰ এমাহ পূৰ্বে ক্ৰয় কৰিছিল তেওঁ।

Latest News