শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিজেপিৰে কেনেধৰণৰ ঘনিষ্ঠতা সিদ্ধাৰ্থ শৰ্মাৰ ? যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সহ প্ৰভাৰীৰ দায়িত্বত থকাটো সত্য নে ?

জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এটা সময়ত বিজেপিৰ যুৱ মৰ্চাৰ সদস্য তথা গুৰুত্বপূৰ্ণ দায়িত্বত আছিল। ইতিমধ্যে যুৱ মৰ্চাৰ দায়িত্বত থকা লোকৰ এখন তালিকাও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বিজেপিৰে কেনেধৰণৰ ঘনিষ্ঠতা সিদ্ধাৰ্থ শৰ্মাৰ ? যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সহ প্ৰভাৰীৰ দায়িত্বত থকাটো সত্য নে ?
সিদ্ধাৰ্থ শৰ্মাৰ ভাইৰেল
manas-borah
Manas Borah | Updated On: 28 Sep 2025 15:57 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকলৈ অনুৰাগীয়ে ক্ষোভ প্ৰকাশ কৰিছে। একে সময়তে প্ৰাণৰ শিল্পীগৰাকীৰ অকাল মৃত্যুৰ তদন্তৰ বাবে চৰকাৰে গঠন কৰা SIT য়ে তদন্ত আৰম্ভ কৰিছে। চৰ্চালৈ আহিছে বিভিন্ন বিষয়। ইয়াৰ মাজতে চৰ্চালৈ আহিছে সিদ্ধাৰ্থ শৰ্মাৰ আন খবৰ।

বিশেষকৈ সামাজিক মাধ্যমত চৰ্চা হৈছে যে, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এটা সময়ত বিজেপিৰ যুৱ মৰ্চাৰ সদস্য তথা গুৰুত্বপূৰ্ণ দায়িত্বত আছিল। ইতিমধ্যে যুৱ মৰ্চাৰ দায়িত্বত থকা লোকৰ এখন তালিকাও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তালিকাখন কেতিয়া, কোন সময়ৰ সেই কথা সঠিকভাৱে এতিয়াও জানিব পৰা হোৱা নাই। প্ৰশ্ন হয়, ভাইৰেল হৈ পৰা যুৱ মৰ্চাৰ সেই তালিকা অনুসৰি সঁচাকৈ সিদ্ধাৰ্থ শৰ্মা সংগঠনটোৰ সাংস্কৃতিক বিভাগৰ সহ প্ৰভাৰীৰ দায়িত্বত আছিল নেকি ?

দেখা গৈছে যে, গুৱাহাটীৰ বাজপেয়ী ভৱনত সিদ্ধাৰ্থই অংশগ্ৰহণ কৰা এখন বৈঠকৰ ফটোও ভাইৰেল হৈছে। একাংশই দাবী কৰিছে যে, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বিজেপিৰে ঘনিষ্ঠ আছিল। সামাজিক মাধ্যমত দাবী কৰা হৈছে যে, যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ সৈতে থকা চিনাকি সূত্ৰে সিদ্ধাৰ্থ সংগঠনটোৰ সাংস্কৃতিক বিভাগৰ দায়িত্ব লাভ কৰিছিল।

সাংস্কৃতিক বিভাগৰ সহ প্ৰভাৰী দায়িত্ব আছিল নেকি?

কিন্তু শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। তেওঁ স্পষ্টীকৰণ দিছে যে, সিদ্ধাৰ্থ শৰ্মা সিদ্ধাংকু অংকুৰ বৰুৱাৰ কাৰ্যকালত যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সহ প্ৰভাৰী আছিল।

তেওঁ কয়, সিদ্ধাৰ্থ শৰ্মা যুৱ মৰ্চাৰ কিবা দায়িত্বত আছিল বুলি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ পৰা জানিব পাৰিছোঁ। মই তেওঁক কোনো দিনে লগ পোৱা নাই। এতিয়া সিদ্ধাৰ্থ কোনা দায়িত্ব নাই বা বিজেপিৰ সদস্যও নহয় বুলি স্পষ্টীকৰণ দিছে দিলীপ শইকীয়াই।

“এই সন্দৰ্ভত সিদ্ধাংকুৰ সৈতে কথা পাতিছিলোঁ। এটা সময়ত যুৱৰ মৰ্চাৰ সাংস্কৃতিক বিভাগ সহ প্ৰভাৰী দায়িত্বত হয়টো তেওঁৰ নামটো আছিল। কিছু দিনৰ বাবেহে সেই দায়িত্বত আছিল। সিদ্ধাৰ্থ শৰ্মা নামৰ কোনো লোকক মই লগ পোৱা নাই।” এইদৰে কয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।