শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কামপুৰত শোকাৱহ দুৰ্ঘটনা, দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৭টা বন্য হস্তীৰ

ৰে’ল লাইন পাৰ হোৱাৰ সময়তে ৰাজধানী এক্সপ্ৰেছে মহতীয়াই নিয়াৰ ফলত হাতীকেইটাই প্ৰাণ হেৰুৱায়। এই শোকাৱহ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰৰ চাংজুৰাইত। এই দুৰ্ঘটনাত আন এটা হাতী পোৱালি গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

কামপুৰত শোকাৱহ দুৰ্ঘটনা, দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৭টা বন্য হস্তীৰ
কামপুৰত ভয়ংকৰ দুৰ্ঘটনা
monjit-dutta
Monjit Dutta | Updated On: 20 Dec 2025 10:53 AM

এক শোকাৱহ দুৰ্ঘটনাই জোকাৰিছে ৰাজ্য। শনিবাৰে মাজনিশা দ্ৰুতবেগী ৰে’লৰ খুন্দাত কৰুণ মৃত্যু ঘটিছে ৭টাকৈ বন্য হস্তীৰ। ৰে’ল লাইন পাৰ হোৱাৰ সময়তে ৰাজধানী এক্সপ্ৰেছে মহতীয়াই নিয়াৰ ফলত হাতীকেইটাই প্ৰাণ হেৰুৱায়। এই শোকাৱহ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰৰ চাংজুৰাইত। এই দুৰ্ঘটনাত আন এটা হাতী পোৱালি গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত হাতীটোৰ সম্প্ৰতি চিকিৎসা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি নিশা প্ৰায় ২.২০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে ৰে’ল লাইন পাৰ হোৱাৰ সময়তে মিজোৰামৰ চাইৰাঙৰ পৰা নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছে খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ এই স্থান হাতীৰ নিয়মীয়া দণ্ডি হিচাপে চিহ্নিত নহয় বুলি জানিব পৰা গৈছে।

সমুখত হাতীৰ জাকটো দেখাৰ পিছত ৰে’লখনৰ ল’ক’ পাইলটে জৰুৰীকালীন ব্ৰেক মাৰিছিল। কিন্তু দ্ৰুতবেগী ৰে’লখন ৰোৱাৰ পূৰ্বেই হাতীৰ জাকটো মহতিয়াই নিয়ে। এই দুৰ্ঘটনাত ৰে’লখনৰ ইঞ্জিন আৰু ৫টা ডবা ৰে’লপথৰ পৰা আঁতৰি যায় বুলি এক বিবৃতি যোগে প্ৰকাশ কৰিছে এন এফ ৰে’লৱেই।

অৱশ্যে হাতীকেইটাৰ কৰুণ মৃত্যুৰ বিপৰীতে দুৰ্ঘটনাত কোনো ৰে’লযাত্ৰীৰ হানি-বিঘিনি ঘটা নাই বুলি ৰে’লৱে কৰ্তৃপক্ষই নিশ্চিত কৰিছে। ইফালে দুৰ্ঘটনাৰ পিছত ৰে’লখনৰ যাত্ৰীসকল পুৱাৰ ভাগলৈকে দুৰ্ঘটনাস্থলীতে আৱদ্ধ হৈ পৰে। পিছত ৰে’লৱেই আৱদ্ধ যাত্ৰীসকলৰ বাবে গুৱাহাটীৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা কৰে।

ৰে’ল বিভাগে লগতে দুৰ্ঘটনাৰ পিছত তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। যাত্ৰীৰ যিকোনো তথ্যৰ বাবে ৰে’লৱেই মুকলি কৰা তিনিটা হেল্পলাইন নম্বৰ ক্ৰমে ০৩৬১-২৭৩১৬২১ / ২৭৩১৬২২ / ২৭৩১৬২৩- ত যোগাযোগ কৰিব পাৰে।

ইফালে এই দুৰ্ঘটনাৰ বাবে বাতিল হৈছে ৬খন ৰে’লৰ চলাচল। ৰঙিয়া-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, গুৱাহাটী-যোৰহাট টাউন সংযোগী জনশতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-বদৰপুৰ সংযোগী ভিষ্টাডম এক্সপ্ৰেছ, নিউ তিনিচুকীয়া-ৰঙিয়া এক্সপ্ৰেছ, মৰিয়নি-গুৱাহাটী এক্সপ্ৰেছ আৰু লামডিং-গুৱাহাটী পেছেঞ্জাৰ ৰে’লৰ যাত্ৰাও বাতিল কৰা হৈছে বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই।