শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ…

অৱশেষত জামিন লাভ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। উল্লেখ্য যে, এটা পেট্ৰ'ল পাম্পৰ মাৰপিটৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল তেওঁৰ।

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ…
শংকৰজ্যোতি বৰুৱাImage Credit source: Facebook (sankar jyoti baruah)
Barasha Sarma
Barasha Sarma | Published: 26 May 2025 13:23 PM

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ। দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা। ১৯ মে’ত গ্ৰেপ্তাৰ হোৱাৰ পাছতে আদালতে বৰুৱাক ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। কেইবাটা দিন কাৰাবন্দী হৈ থকাৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ আহিবৰ বাবে পথ মুকলি হৈছে শংকৰজ্যোতি বৰুৱাৰ।

শংকৰজ্যোতি বৰুৱাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত বিগত দিন কেইটাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা আদিয়ে দুলীয়াজানত বন্ধ দিয়াৰো ঘোষণা কৰিছিল।   শংকৰজ্য়োতি বৰুৱাক মুকলিৰ দাবীত কেইবাটাও দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও কাৰাবন্দী হৈ আছিল তেওঁ।

উল্লেখ কৰা প্ৰয়োজন যে,  কিছুদিন পূৰ্বে দুলীয়াজনৰ বি  এন সিং পেট্ৰ’ল পাম্পত সংঘটিত মাৰপটিৰ ঘটনাক কেন্দ্ৰ কৰি শংকৰজ্যোতি বৰুৱাৰ নাম সাঙোৰ খাইছিল। এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে গ্ৰেপ্তাৰ হৈছিল বৰুৱা। কিন্তু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক যেতিয়া আৰক্ষীয়ে হেণ্ডকাফ লগাই লৈ যায় তেতিয়াই ৰাজ্যত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

একাংশ দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰাৰ লগতে এই কাণ্ডত জড়িত থকাৰ অভিযুক্ত তনু শ্বাহী নামৰ যুৱতীগৰাকীক গ্ৰেপ্তাৰৰ দাবী জনায়। ইয়াৰ মাজতে কেইবাটা দল-সংগঠনে এই ঘটনাত জড়িত যুৱতীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি এই তনু শ্বাহীয়ে অবৈধভাৱে এই পেট্ৰ’ল পাম্পটো লীজত হৈছিল। কেৱল ইমানেই নহয়, এইগৰাকী যুুৱতীয়ে অসমীয়াক অপমান কৰিছিল। দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ অন্তত দুলীয়াজান আৰক্ষীয়ে এইগৰাকী যুৱতীক কেৱল তলব কৰিয়েই দায়িত্ব সামৰিছিল। কিন্তু এই সকলোবোৰৰ মাজতে পুনৰ মুকলি হয় বিতৰ্কিত পেট্ৰ’ল পাম্পটো। গতিকে ঘটনাই পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া সময়ত হ’ব লক্ষণীয়।