সদ্য পদত্যাগী মন্ত্রী সঞ্জয় কিষাণলৈ নতুন দ্বায়িত্ব! কোনটো বিভাগৰ দ্বায়িত্ব পালে সঞ্জয় কিষাণে?
সদ্য পদত্যাগী মন্ত্রী সঞ্জয় কিষাণলৈ নতুন দ্বায়িত্ব। । পূৰ্বে চাহ জনজাতি উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণ। শ্ৰমিক কল্যাণ উন্নয়ন দপ্তৰৰ মন্ত্ৰীও আছিল কিষাণ। মন্ত্ৰীসভাৰ ৰদ-বদল হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতে পদত্যাগ কৰিছিল সঞ্জয় কিষাণে।
সদ্য পদত্যাগী মন্ত্রী সঞ্জয় কিষাণলৈ নতুন দ্বায়িত্ব। সঞ্জয় কিষাণলৈ খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ দায়িত্ব। পূৰ্বে চাহ জনজাতি উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণ। শ্ৰমিক কল্যাণ উন্নয়ন দপ্তৰৰ মন্ত্ৰীও আছিল কিষাণ। ৭ ডিচেম্বৰত মন্ত্ৰীসভাৰ ৰদ-বদল হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতে পদত্যাগ কৰিছিল সঞ্জয় কিষাণে।
বহুদিন ধৰি চলি আছিল অসম বিধানসভাৰ মন্ত্ৰী ৰদ বদলৰ কথা। তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ঘোষণা কৰিছিল যে অহা ৭ ডিচেম্বৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ ৰদ বদলৰ কথা। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সময়ত আছিল মন্ত্ৰী সঞ্জয় কিষাণ অপসাৰিত হোৱাৰ সম্ভাৱনা । তাৰ পূৰ্বে বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে কি কাৰণে মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে সেই সন্দৰ্ভত কোনো কাৰণ উল্লেখ কৰা নাছিল। ইয়াৰ পাছতে আলোচনা হৈছিল বহু কথা। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে সঞ্জয় কিষাণৰ পদত্যাগে উত্থাপন কৰিছিল বহু প্ৰশ্নৰ। অৱশেষ আজি সঞ্জয় কিষাণক দিয়া হয় খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ দায়িত্ব
ইয়াৰ পাছতে সঞ্জয় কিষাণৰ পদত্যাগক লৈ ক্ষোভ উজাৰিছিল সদৌ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই। সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বই কয়, “চাহ জনগোষ্ঠীৰ কিমানজন বিধায়ক আছে আমি আঙুলিৰ মূৰত গণিব পাৰো ৷ তাৰ পাছতো সঞ্জয় কিষাণৰ মন্ত্ৰিত্ব কৰ্তন কৰিছে । এয়া পদত্যাগ নে প্ৰকৃততে পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছে সেয়া ৰহস্যৰ আৱৰ্তত । উন্নয়নৰ কথা কোৱা শাসকীয় চৰকাৰখনে জনগোষ্ঠীটোক চৰম প্ৰতাৰণা কৰিছে ।”
তেওঁলোকে আকৌ কৈছিল, “ৰূপেশ গোৱালক মন্ত্ৰিত্ব প্ৰদান কৰিছে তাক লৈ আমি সুখী, ৰূপেশ গোৱালাক আদৰণি জনাইছো । আগন্তুক দিনসমূহত আমি কৰ্মক্ষেত্ৰত জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে সহযোগিতা কৰিম, কিন্তু সঞ্জয় কিষাণক কৰ্তন কৰি ৰূপেশ গোৱালাক দায়িত্ব দিয়াটো দুখজনক ।”
সঞ্জয় কিষাণৰ পদত্যাগ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “সঞ্জয় কিষাণে মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰিছে আৰু একেখন জিলা তিনিচুকীয়াৰ বিধায়ক ৰূপেশ গোৱালাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব। এইটো এটা স্বাভাৱিক কথা আৰু কিষাণ এজন জ্যেষ্ঠ নেতা আৰু বিধায়ক। তেওঁ তেওঁৰ সমষ্টিৰ উন্নয়নৰ বাবে তেওঁৰ কাম কৰি যাব আৰু দলে তেওঁক দায়িত্বও দিব।”
ইফালে আজি আজি শপত গ্ৰহণ কৰিব ৰাজ্যৰ ৪ নতুন মন্ত্ৰীয়ে। মন্ত্ৰী হিচাপে শপত ল’ব বিজেপিৰ ৪গৰাকী বিধায়কে ৷ দুপৰীয়া ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান।ৰাজ্যপাল ৪ নতুন মন্ত্ৰীক লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱাব শপতবাক্য। শপত ল’ব ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন,লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়,পাথাৰকান্দি সমষ্টিৰ কৃষ্ণেন্দু পাল আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই । শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যাৰ আশিস ল’লে কৌশিক ৰায়, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পালে।